টুপী পিন্ধা বান্দৰ


        এসময়ত গাৱে গাৱে ঘূৰি ৰং বিৰঙৰ টুপী বিক্ৰী কৰি ফুৰা এটা বেপাৰী আছিল । সি গাৱলৈ টুপী বিক্ৰী কৰিবলৈ যাওতে সদায় চিঞৰি যায়,"ৰঙা ,নীলা, হালধীয়া, সেউজীয়া টুপী আহক আহক" । তাৰ চিঞৰ শুনাৰ লগে লগে গাৱৰ ল'ৰা ছোৱালী বোৰে দৌৰি গৈ টুপী চাবৰ বাবে তাক আগুৰি ধৰে ।
          এদিনাখন সি এখন গাৱলৈ টুপী বিক্ৰী কৰিবলৈ যায় । সেইদিনা ৰ'দ খুব চোকা হোৱা কাৰণে দুপৰীয়া সময়ত বৰ গৰম পৰিছিল । টুপী বেপাৰীটোৱে মূৰত এটা ডাঙৰ টুপীৰ টোপোলা লৈ ৰ'দে ৰ'দে ঘূৰি ফুৰোতে তাৰ খুব ভাগৰ লাগে । তেনেতে এজোপা ডাঙৰ গছ দেখা পাই সি অলপ জিৰণি লবলৈ টোপোলা টো মূৰৰপৰা নমাই থৈ গছৰ ছাঁত বহিবলৈ লওতেই কেতিয়ানো টোপনিয়ে হেচা মাৰি ধৰিলে সি গমেই নাপালে । সেই গছজোপাৰ ওপৰতে এটা বান্দৰ পৰিয়ালসহ  বাস কৰিছিল । টোপনিত লালকাল মানুহটোৰ কাষত টোপোলা এটা দেখি সেইটোতনো কি আছে চাবলৈ পো পোৱালি সহ বান্দৰৰ পৰিয়ালটো নামি আহে । সিহঁতে টোপোলাটো টানি আজুৰি খুলি ৰং বিৰঙৰ টুপীবোৰ পাই প্ৰত্যেকেই একোটাকৈ টুপী পিন্ধি লৈ গছৰ ওপৰত বহি থাকে ।
         কিছু সময়ৰ পাছত টুপী বেপাৰীটোৱে সাৰ পাই টোপোলাটোত এটাও টুপী নেদেখি আচৰিত হ'ল ‌। সি ইফালে সিফালে দৌৰা দৌৰিকৈ টুপী বোৰ বিচাৰি থাকোতেই গছজোপাৰ ওপৰত কিবা শব্দ শুনি ওপৰলৈ চাই দেখে কেইবাটাও বান্দৰে বিভিন্ন ৰঙৰ টুপী পিন্ধি লৈ গছৰ ডালত বহি আছে ।খঙত একো নাই হৈ সি বান্দৰ বিলাকৰ ফালে চাই চু..চু ..কৰিবলৈ ধৰিলে । তাকে দেখি বান্দৰ বিলাকেও তালৈ চাই ওলোটাই চু.. চু ..শব্দ কৰিবলৈ ধৰে । উপায় নাপাই এইবাৰ সি বান্দৰ বিলাকলৈ চাই হাত জোকাৰিবলৈ ধৰাত বান্দৰবিলাকেও তালৈ চাই দাঁত নিকটাই হাত জোকাৰিবলৈ ধৰে । অৱশেষত সি এটা বুদ্ধি পাঙিলে । সি তাৰ পিন্ধি থকা টুপীটো খুলি দলিয়াই দিলে । লগে লগে বান্দৰবিলাকেও সিহঁতে পিন্ধি থকা টুপীবোৰ দলিয়াই দিবলৈ ধৰিলে । টুপী বেপাৰীটোৱে তেতিয়া খৰখেদাকৈ টুপীবোৰ বুটলি টোপোলাত ভৰাই কোবাকোবিকৈ গুছি যায় ।