অহংকাৰী বনৰজা | Likhani Assamese Stories

অহংকাৰী বনৰজা

অহংকাৰী বনৰজা

অহংকাৰী বনৰজা

        এসময়ত এখন হাবিত এটা বাঘ আছিল । সি নিজকে বনৰ ৰজা বুলি কৈ হাবিখনৰ আন জন্তুবোৰৰ ওচৰত অহংকাৰ কৰি থাকে । এদিনাখন সি হাবি খনৰ বাকী জন্তুবোৰে তাক ৰজা বুলি ভাবেনে নাই তাকে জানিবলৈ ইচ্ছা কৰিলে । সেয়ে সি ওলাই গৈ প্ৰথমতে এটা হৰিণাক লগ পাই সুধিলে , "ঐ হৰিণ,এই বনৰ ৰজা কোন?"হৰিণে সদায় বাঘক ভয় কৰিয়েই চলে। গতিকে সি ভয়ে ভয়ে উত্তৰ দিলে ,"আপুনি থাকোতে এই বনৰ ৰজা কোন হব পাৰে, আপুনিয়েই এই বনৰ ৰজা " । হৰিণাৰপৰা ভবামতেই উত্তৰটো পাই সন্তুষ্টমনেৰে গৈ থাকোঁতে এইবাৰ এটা শহাপহুক লগ পাই সুধিলে," ঐ শহা,এই বনৰ ৰজা কোন ?" শহাই কলে,"আপুনিয়েই এই বনৰ ৰজা " । এইদৰে শিয়াল ,কেৰ্কেটুৱা ,বান্দৰ আদিৰপৰা মনে বিচৰা ধৰণে একেই উত্তৰ পাই বাঘৰ আহংকাৰ দুগুণে বাঢ়িল । এনেতে এটা হাতীয়ে পুখুৰীত গা ধুই থকা দেখা পাই বাঘটোৱে গৈ হাতীক সুধিলে, "হেৰা হাতী, এই বনৰ ৰজা কোন ?" পিছে হাতীয়ে তাৰ কথাত পাত্তাই নিদি আপোনমনে গা ধুই থাকিল ।হাতীটোৰ এনে আচৰণত খঙত একো নাই হৈ বাঘে একেটা কথাই বাৰে বাৰে সুধি থাকিল । গা ধুই হোৱাত হাতীটো পাৰলৈ উঠি  আহিল আৰু বাঘটোক শুৰেৰে দাঙি মাটিত থেকেচা মাৰি দিলে । হাতীৰ থেকেচাত বাঘটোৱে দুখ পাই ভয়তে  চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, নাজানিলে নাজানো বুলি কবি, এইবোৰ কি তালি বাজি কৰ ।