বুধিয়ক বিদূষক | Likhani Assamese Stories

বুধিয়ক বিদূষক

বুধিয়ক বিদূষক

বুধিয়ক বিদূষক


       এসময়ত এখন দেশত এজন ৰজা আছিল । ৰজাৰ ৰাজসভাত এজন বৰ বুধিয়ক বিদূষক আছিল ‌ । বিদূষকে বিভিন্ন বহুৱালি কথা কাণ্ড কৰি ৰাজসভাত হাহিৰ খোৰাক যোগাইছিল । ৰজাই বিদূষকৰ বুদ্ধিমত্তা দেখি খুব আনন্দ পাইছিল। সেয়ে তেওঁ বিদূষকৰ যিকোনো ধৰণৰ কামত যথেষ্ট স্বাধীনতা দিছিল ‌। বিদূষকে সকলোকে আনকি ৰজাকো তেওঁৰ খুহুতীয়া কথাৰ বাবে সাঙুৰি আনিছিল । ৰজাই বিদূষকৰ এনে কথাত খুব আমোদ পাইছিল আৰু কথাবোৰ সহজভাৱে গ্ৰহণ কৰিছিল ।
               দিনে দিনে বিদূষক ৰজাৰ অতিকৈ প্ৰিয়পাত্ৰ হৈ পৰিল । বিদূষকে ভাবি ললে যে এতিয়া তেওঁ যি ইচ্ছা তাকেই কৰিব পাৰিব । এদিনাখন তেওঁ এনে এটা হাঁহি উঠা ক'লে যিটোৱে ৰজাৰ আত্মসন্মানত আঘাত হানিলে । খঙতে ৰজাই বিদূষকৰ মৃত্যুদণ্ডৰ আদেশ দিয়ে ‌। তেতিয়া বিদূষকে তেওঁৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি ৰজাৰ ভৰিত পৰি কান্দিবলৈ ধৰিলে ‌‌। ৰজাই তেতিয়া বিদূষকক ক'লে, "মই এবাৰ আদেশ দিলে সেই আদেশ কেতিয়াও লৰচৰ নহয়, মাত্ৰ মই তোমাক এটাই সুবিধা দিম যে তুমি যি সময়ত মৰিব খোজা সেই সময়তে তুমি মৰিব পাৰিবা । "
       তেতিয়া বিদূষকে ৰজাক ক'লে," মহাৰাজ, দায় দোষ নধৰিব মই বুঢ়া কালতহে মৰিব খোজো ।" বিদূষকৰ বুদ্ধিমত্তা দেখি ৰজাই অতিশয় আমোদ পালে আৰু লগে লগে ৰজাই বিদূষকক ক্ষমা কৰি দিলে । ইয়াৰ পিছত বিদূষকে সেই ৰাজসভাত বহু দিনলৈকে সুখে সন্তোসে ৰজাৰ সেৱা কৰি গ'ল ।