চন্দ্ৰ আৰু সূৰ্য (তামিলনাডুৰ লোককথা)


           এসময়ত এখন গাঁৱত চন্দ্ৰ আৰু সূৰয নামেৰে দুই ককাই ভায়ে মাকৰ সৈতে বাস কৰিছিল । বিধৱা মাকে সিহঁতদুটাক বৰ কষ্টত ডাঙৰ দীঘল কৰিছিল । মাকে দুই পুত্ৰক খুব ভাল পায় যদিও সূৰযক অলপ বেছি মৰম কৰিছিল ।
        এদিনাখন সিহঁতক এখন বিয়াৰ অভ্যৰ্থনালৈ নিমন্ত্ৰণ কৰিলে । দুদিনমানৰপৰা মাকৰ গাটো বৰ ভাল নথকাৰ বাবে পুতেক দুটাকে বিয়া খাবলৈ পঠিয়াই দিলে ‌। বিয়াত বিভিন্ন সুস্বাদু ব্যঞ্জন দেখি সিহঁতে তবধ মানিলে । দক্ষিণ ভাৰতীয় পৰম্পৰা মতে কলপাতত সকলোকে খাবলৈ দিলে ।
       খাবলৈ বহি সূৰযে  কলপাত খিলা চাফা কৰিবলৈ হাতেৰে মুহাৰি ললে । সূৰযৰ হাতৰ নখ লাগি কলপাতত শাৰী শাৰী চিন হৈ গ'ল । তেতিয়াৰেপৰাই কলপাতত সেই চিনবোৰ থাকি গ'ল বুলি কোৱা হয় ।‌ বিয়াঘৰত খাবলৈ দিয়া খাদ্য ইমান সুস্বাদু আছিল যে সূৰযে লগে লগে খাই শেষ কৰি দিলে ‌। কিন্তু খাবলৈ বহি চন্দ্ৰৰ মাকলৈ বৰ মনত পৰিল । সি তাক খাবলৈ দিয়া খাদ্যৰ অলপ খাই বাকীখিনি মাকলৈ টোপোলা বান্ধি লৈ যায় । বিয়া খাই সিহঁত ঘৰ আহি পালত মাকে দুয়োকে বিয়াত কি খাবলৈ দিলে  সুধাত সিহঁতে সকলো বিবৰি ক'লে । তেতিয়া মাকে সূৰযক সুধিলে," মোৰ বাবে তুমি খাবলৈ কিবা আনিছানে?" সূৰজে উত্তৰ দিলে, "ওহো নাই অনা ‌। ইমান সুস্বাদু খাদ্য মই অকলে খাই শেষ কৰি দিলোঁ ।' 
          তাৰপাছত মাকে একেখিনি কথা চন্দ্ৰক সুধাত চন্দ্ৰই ক'লে, "মা,মই বেছিকৈ খোৱা নাই । মই জানিছিলো তুমি নিশ্চয় এতিয়ালৈকে একো খোৱা নাই । যোৱাচোন এখন প্লেট আনা,মই তোমালৈ কি আনিছো চোৱা ।" মাকে প্লেট এখন আনি দিয়াত সি টোপোলাত অনা খাদ্যখিনি তাতে উলিয়াই দিলে । তাকে দেখি আনন্দতে মাকৰ চকুৰ পৰা লোতক ববলৈ ধৰিলে । মাকে সূৰযক জুইৰ দৰে উত্তপ্ত হৈ থাকিবলৈ অভিশাপ দিলে আৰু চন্দ্ৰক সাবটি ধৰি তাৰ শান্ত সমাহিত ৰূপ হবলৈ আশীৰ্বাদ দিলে ।
      সেইবাবে তেতিয়াৰপৰাই সূৰ্যটো অতি উত্তপ্ত আৰু চন্দ্ৰ সদায় শীতল,শান্ত ।