প্ৰকৃত মাতৃ
বহু বছৰ আগতে এখন দেশত ছলমন নামৰ এজন বৰ জ্ঞানী ৰজা আছিল । দূৰ দূৰণিৰ পৰা প্ৰজাসকলে উপদেশ আৰু ন্যায় বিচাৰি তেওঁৰ ৰাজসভালৈ আহিছিল । ৰজাৰ বিচাৰ সদায় পক্ষপাতহীন আৰু নিৰপেক্ষ আছিল । সেয়ে তেওঁৰ নাম- যশ দশোদিশে বিয়পি পৰিছিল ।
এদিনাখন এজাক মানুহে কাজিয়া কৰি থকা দুগৰাকী মহিলাক ৰজাৰ ওচৰলৈ বিচাৰৰ বাবে লৈ আহে । তাৰে এজন মানুহে ৰজাক কবলৈ ধৰে , "মহাৰাজ, এই মহিলাদুগৰাকীয়ে এটা কেচুৱাৰ বাবে কাজিয়া কৰি থকা দেখা পাই বিচাৰৰ বাবে আপোনাৰ ওচৰলৈ লৈ আহিছোঁ । দুয়োগৰাকী মহিলাৰ প্ৰত্যেকেই কেচুৱাটো নিজৰ বুলি দাবী কৰিছে । আমি সমস্যাটো সমাধান কৰিব নোৱাৰি কেচুৱাটোৰ সৈতে দুয়োগৰাকী মহিলাক আপোনাৰ ওচৰলৈ লৈ আহিছোঁ ।"
ৰজাই মহিলা দুগৰাকীৰ ফালে চাই সুধিলে, "এই কেচুৱাটো কাৰ?"
"এইটো মোৰ কেচুৱা" বুলি দুয়োজনীয়ে একেলগে চিঞৰি উঠিল ।
নিষ্পাপ শিশুটিয়ে চিঞৰ বাখৰ শুনি ভয় খাই কান্দিবলৈ ধৰিলে । এইবাৰ প্ৰথম গৰাকী মহিলাই আনজনীলৈ দেখুৱাই কবলৈ ধৰিলে, "মহাৰাজ, এইজনীয়ে মোৰ কেচুৱাটো চুৰ কৰি আনিছে ।"
এইবাৰ দ্বিতীয় গৰাকী মহিলাই কলে, "নহয় মহাৰাজ , তাই মিছা কথা কৈছে । তাইহে মোৰ কেচুৱাটো চুৰ কৰি আনিছে ।"
ৰজাই দুয়োজনীকে কান্দি থকা কেচুৱাটো নিচুকাবলৈ আদেশ দিলে । কিন্তু ভোক আৰু ভয়তে কেচুৱাটোৱে চিঞৰি চিঞৰি কান্দিয়েই থাকিল । এইবাৰ ৰজাই তেওঁৰ মানুহ এজনক কেচুৱাটোক তাৰ কান্দোন বন্ধ কৰিবৰ বাবে এক টাঙোন মাৰিবলৈ আদেশ দিলে । এই কথা শুনাৰ লগে লগে প্ৰথমগৰাকী মহিলাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে । আনহাতে দ্বিতীয় মহিলা গৰাকীয়ে মহাৰাজৰ কথাষাৰ শুনাৰ লগে লগে কান্দোনত ভাঙি পৰে আৰু ৰজাৰ ভৰিত পৰি কবলৈ ধৰে - "মহাৰাজ, অনুগ্ৰহ কৰি মোৰ সন্তানক এনে নকৰিব । তাক কষ্ট দিলে মই সহ্য কৰিব নোৱাৰিম । কেচুৱাটো তাইকে দি দিয়ক ।"
তেতিয়া ৰজাই মহিলাগৰাকীক ভৰিৰপৰা উঠাই ক'লে, "কেচুৱাটো মই তোমাক দিলো । মই এতিয়া এইটো তোমাৰেই সন্তান বুলি নিশ্চিত হলো । কাৰণ প্ৰকৃত মাতৃয়ে নিজ সন্তানৰ কষ্ট কেতিয়াও সহ্য কৰিব নোৱাৰে ।" সেইবুলি ৰজাই দ্বিতীয় মহিলাগৰাকীৰ হাতত কেচুৱাটো গতাই দি বিদায় দিলে আৰু প্ৰথম মহিলাগৰাকীক উচিত শাস্তি বিহিলে ।