ভেকুলীৰ সাধু


         পুৰণি কালত এখন গাঁৱত এহাল বুঢ়া-বুঢ়ী আছিল । ধন, জন সকলো পিনৰেপৰা তেওঁলোক দুখীয়া আছিল । সতি সন্ততি নথকা বুঢ়া--বুঢ়ীয়ে এদিনাখন গাঁৱৰ ৰাইজৰ লগত জকাই পল' লৈ বিহুৰ সময়ত বিলত মাছ মাৰিবলৈ গ'ল । গঞা ৰাইজে ভাৰে ভাৰে মাছ পোৱাৰ বিপৰীতে বুঢ়া-বুঢ়ীয়ে এটাও মাছ ধৰিব নোৱাৰিলে । শেষত যেনিবা বুঢ়ীৰ জকাইত এটা নোদোকা ভেকুলী উঠিল । ভেকুলীটো দেখা পাই বুঢ়াৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ । ভেকুলীটোকে এসেকা দিয়াৰ মানসেৰে বুঢ়াই ভেকুলীটো ঘৰলৈ লৈ আহিল । 
        ঘৰলৈ আহি বুঢ়াই চোতালতে ভেকুলীটো পেলাই লৈ টাঙোন এডালেৰে মাৰিবলৈ ধৰোতেই ভেকুলীয়ে অতি কাতৰভাবে ক'বলৈ ধৰিলে, মোক মাৰি নেপেলাব , মই আপোনালোকক ঘৰৰ সকলো কামতে সহায় কৰি দিম । ভেকুলীৰ কথা শুনি বুঢ়াই ঠাট্টা কৰি ক'লে, এইটো চেহেৰাৰে তই মোক খেতি- বাতি কৰি খুৱাবি । বুঢ়াৰ কথা শুনি ভেকুলীয়ে পুনৰ ক'বলৈ ধৰিলে, মোক বিশ্বাস কৰক , মই আপোনাক সকলো কামতে সহায় কৰিব পাৰিম । ভেকুলীৰ কথামতে এইটোৱে কি কৰিব পাৰে দেখা যাওক বুলি মনতে ভাবি বুঢ়াই তাক নামাৰি ঘৰত ৰাখি থ'লে ।  পিছদিনা ৰাতিপুৱাই ভেকুলীক হাল বাবলৈ পঠিয়াই দিলে । ভেকুলীয়ে বুঢ়াৰ পথাৰত হাল বাই উঠি সুন্দৰকৈ আলি দিবলৈ ধৰিলে । সেই সময়তে ৰজাই ফুৰিবলৈ আহি পাৰিসদবৰ্গক লগত লৈ ভেকুলীয়ে চাহ কৰি থোৱা মাটিডৰাৰ ওপৰেদিয়েই আলি ভাঙি মহতিয়াই যাবলৈ ধৰিলে । তাকে দেখি ভেকুলীয়ে খঙতে ৰজাৰ মানুহক গালি পাৰিবলৈ ধৰিলে । ৰজাৰ মানুহে কোনেনো গালি পাৰিছে বিচাৰেহে বিচাৰে, কিন্তু গৰুহালৰ বাদে তাত কোনো মানুহ দেখা নাপাই খঙতে গৰুহালকে লৈ গুচি গ'ল । 
            ভেকুলীয়ে ঘৰলৈ আহি বুঢ়া বুঢ়ীক সকলো কথা বিবৰি ক'লে আৰু বুঢ়ীক খুজি এদোন মাহ গোটকৰাই লৈ গৰুহাল উভটাই আনিবলৈ গ'ল । বাটত যাওঁতে বাঘ, সিংহ, ভালুক, বান্দৰ, শিয়াল সকলোৱে ভেকুলীৰ পৰা মাহ গোটকৰাই খাবলৈ পাই ভেকুলীৰ পাছে পাছে যাবলৈ ধৰিলে । আনকি মৌ, কোদো,বৰল আদিও ভেকুলীৰ লগ হ'ল । ৰাজভৱনৰ পদূলিত থিয় হৈ ভেকুলীয়ে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, ৰজাই মোৰ গৰু ভালে ভালে ঘূৰাই দিব,নে মোৰ সৈতে যুজঁ কৰিব । তাৰ উত্তৰত ৰজাইও যুজঁ দিয়াৰ কথা ঘোষণা কৰাৰ লগে লগেই ভেকুলীৰ সৈন্য আৰু ৰজাৰ সৈন্যৰ মাজত তয়াময়া যুদ্ধ আৰম্ভ হয় । যুদ্ধত দুই ৰাজপুত্ৰ সহিতে ৰজাৰ অলেখ সৈন্য নিহত হ'ল । শেষত উপায় নাপাই ৰজাই ভেকুলীৰ ভৰিত দীঘল দি পৰি ক'বলৈ ধৰিলে, মোক এইবাৰলৈ ক্ষমা কৰি দিয়ক । মই আপোনাক অৰ্ধৰাজ্য প্ৰদান কৰিম । এই কথা শুনি ভেকুলীয়ে ৰজাক ক্ষমা কৰি দি অৰ্ধৰাজ্য লাভ কৰি ৰজাৰ লগতে থকাটোকে থিৰাং কৰিলে । কৈইদিনমানৰ পাছত বুঢ়া বুঢ়ীকো ৰাজপ্ৰসাদলৈ আনি ভেকুলীয়ে বহু বছৰ সুখে সন্তোষে জীৱন নিৰ্বাহ কৰিলে ।