সাধু-4 ইন্দ্ৰসেনা


চতুর্থ দিনাও ৰজাই যেতিয়া সিংহাসনত বহিবলৈ আয়ােজন কৰিছিল তেতিয়া ভৰিৰ স্পৰ্শত চতুর্থ পুতলা ইন্দ্রসেনা জীৱন্ত হৈ উঠে। ইয়াৰ পিছত ইন্দ্রসেনাই ৰজা ভােজক বাধা প্রদান কৰি ক'লে, “মহাৰাজ, সিংহাসনত বহাৰ পূর্বে মােৰ কথাখিনি ভালদৰে শুনক।”

ৰজা ভােজে অনুমতি প্রদান কৰাত পুতলাটোৱে ক’বলৈ ধৰিলে, “সকলাে বিদ্যাতে পাৰদৰ্শী, গুণী-জ্ঞানী অথচ নিঃসন্তান ব্রাহ্মণ এজন উজ্জয়িনী নগৰৰ বাসিন্দা আছিল।

মনৰ দুখ আৰু অপৰিসীম বেদনা বুকুত বান্ধি লৈ তেওঁ বহুকেইটা বছৰ অতিক্রম কৰাৰ অন্তত এদিন নিশা ব্রাহ্মণে সপােনত স্বয়ং শিৱক সাক্ষাৎ কৰিছিল। শিৱে তেওঁক সন্তান লাভৰ বাবে প্রদোষ ব্রত পালনৰ নির্দেশ দিছিল।

নিশাৰ সপােনৰ কথা কেইগৰাকীমান ব্রাহ্মণৰ ওচৰত ব্যক্ত কৰাত ব্রাহ্মণ কেইজনেও তাৰেই পৰামর্শ দিছিল।

পিছত ব্রাহ্মণজনে আঘােন মাহৰ শুক্লা ত্রয়ােদশী তিথিৰ শনিবাৰে উক্ত ব্রত অনুষ্ঠিত কৰিলে। ব্রাহ্মণৰ ব্ৰতত শিৱ সন্তুষ্ট হৈ তেওঁক পুত্ৰ লাভৰ বৰ দিলে। পিছত ব্রাহ্মণে পুত্র লাভ কৰি পুত্ৰৰ নাম ৰাখিলে দেৱদত্ত। যথাসময়ত ব্রাহ্মণ পুত্ৰই সকলাে শাস্ত্ৰত বিদগ্ধ হৈ উঠিল। ষােল্লবছৰ বয়সত ব্রাহ্মণে পুত্রক বিয়া পাতি দি নিজে স্ত্রীক লৈ তীর্থলৈ যাত্ৰা কৰিলে। যাত্ৰাৰ সময়ত তেওঁ পুত্ৰ দেৱদত্তক কৈ গ'ল, “বােপাই” মানৱ ধর্ম পালন কৰি ঈশ্বৰৰ প্রতি শ্রদ্ধাশীল হ’বা। অসতৰ পৰা দূৰত থাকিবা আৰু স্ত্রীক গােপন কথা নক’বা। তেতিয়াহে শান্তি লাভ কৰিবা।” ব্রাহ্মণ পুত্রই পিতৃ আজ্ঞা পালন কৰি সুখ-শান্তিৰে দিন অতিবাহিত কৰিছিল। এদিন তেওঁ হােমৰ খৰি আনিবলৈ গৈ মহাৰাজ বিক্রমাদিত্যৰ মুখা-মুখি হ’ল। সেই সময়ত ৰজাই অৰণ্যৰ মাজত দিশাদিশ হেৰুৱাই মহা সমস্যাত পৰিছিল। ৰজাক দেৱদত্তই পথৰ সন্ধান দি নগৰলৈ লৈ গৈছিল। দেৱদত্তৰ কামত আনন্দিত হৈ ৰজাই তেওঁক এটা মর্যদাপূর্ণ পদ যাঁচিলে।

ইয়াত পিছত আৰু ভালেমান দিন পাৰ হ’ল যদিও ৰজাই মাজে-মাজে মনতে কয়, “কেনেকৈ যে মই দেৱদত্তৰ ঋণ শােধ কৰিম?” ইয়াৰ বাবে তেওঁ অনুতাপাে কৰে।

ৰজাৰ মনৰ ভাৱবােৰ সঁচানে মিছা জানিবলৈ এদিন ৰাজপুত্ৰক নিজৰ ঘৰত ৰাখি তেওঁৰ দেহত থকা অলংকাৰবােৰ সােণাৰীৰ ওচৰত বিক্ৰী কৰিবলৈ এগৰাকী ভৃত্যক পঠালে।

দেৱদত্তই পঠোৱা ভৃত্যজনক এজন ৰাজকৰ্মচাৰীয়ে হাতে-লোটে ধৰা পেলাই ধৰি-বান্ধি আনি ৰজাৰ ওচৰত হাজিৰ কৰালে।

ৰজাই ভৃত্যজনক সুধিলে, “এই অলংকাৰবােৰ তই ক’ত পালি?” ভৃত্যজনে ক'লে, “মই দেৱদত্তৰ ভৃত্য, তেওঁ মােক এইবােৰ বিক্ৰী কৰিবলৈ দিছে।”

ৰজাই দেৱদত্তক সুধিলে, “এই অলংকাৰবােৰ আপােনাৰ হাতত কেনেকৈ পৰিল?”

দেৱদত্তই ক'লে, “কোনেও দিয়া নাই। মই টকাৰ লােভত ৰাজকুমাৰক বধ কৰি সমস্ত অলংকাৰ লুট কৰিছোঁ আৰু ভৃত্য জনক বিক্ৰী কৰিবলৈ দিছো। এতিয়া আপােনাৰ যি ইচ্ছা তাকেই কৰিব পাৰে।”

পৰিষদবর্গই দেৱদত্তক ধিক্কাৰ দিলে।

পিছত তেওঁলােকৰ মাজৰ দুজন মানে ক'লে, “মহাৰাজ” এওঁ শিশু হত্যাকাৰী হােৱাৰ লগতে সােণৰ অলংকাৰ চুৰি কাৰ্যৰ লগতাে জড়িত। গতিকে এওঁৰ মঙহ ডােখৰ-ডােখৰকৈ কাটি শগুণ, কাউৰীক বিলাই দিব লাগে।

পৰিষদ বৰ্গৰ মন্তব্য শুনি ৰজাই ক'লে, “এওঁ মােৰ আশ্ৰয়ত আছে। এদিন মােক বনত পথ দেখুৱাই মহা উপকাৰ কৰিছে। আশ্রিতৰ দোষ, গুণ চিন্তা কৰা সৎ ব্যক্তিৰ কৰ্ত্তব্য। যি উপকাৰীৰ প্রতি সৎ ব্যৱহাৰ কৰাৰ ওপৰিও অপকাৰীৰ প্রতিও সাধু ব্যৱহাৰ কৰে, তেওঁহে প্ৰকৃততে সাধু।” এই বুলি কৈ দেৱদত্তক নির্ভয় প্রদান কৰিলে আৰু পূর্বৰ উপকাৰবােৰ স্মৰণ কৰি তেওঁক ধন আৰু বস্ত্র দি এৰি দিলে। দেৱদত্তই সেই মুহূর্ততে ৰাজকুমাৰক ৰজাৰ হাতত গতাই দি ক্ষমা বিচাৰিলে।

“এয়া আকৌ কি?” ৰজাই আচৰিত হৈ দেৱদত্তক সুধিলে।

দেৱদত্তই কলে, “হে মহাৰাজ, আপুনি প্রায়ে কৈ থকা শুনিছিলোঁ যে মােৰ উপকাৰৰ ঋণৰ পৰা আপুনি মুক্ত হ’ব পৰা নাই। এই কথাৰ সত্যতা জানিবলৈ মই আপােনাক পৰীক্ষা কৰিছিলোঁ। এতিয়া মােৰ বিশ্বাস জন্মিছে যে আপুনিয়ে জগতৰ শ্ৰেষ্ঠ উপকাৰী আৰু প্রকৃত সুজন।

কাহিনী শেষ হােৱাৰ পিছত পুতলাটোই ভােজ ৰজাক ক'লে, “মহাৰাজ, যদিহে আপােনাৰাে বিক্রমাদিত্যৰ দৰে একেখিনি গুণ আছে তেতিয়া হ'লে সিংহাসনত বহক, বিক্রমাদিত্যৰ গুণৰ এটা অংশও নথকা বুলি অনুভৱ হােৱাৰ পিছত ৰজা ভােজে তলমূৰ কৰিলে। পিছত ইন্দ্রসেনা নামৰ পুতলাটোই মুক্তি লাভ কৰি আগৰ ঠাইলৈ গমন কৰিলে।