চিলনীৰ জীয়েকৰ সাধু - লক্ষ্মীনাথ বেজবৰুৱা
এখন দেশত এটা কুমাৰ আছিল। তাৰ অনেক ধন-বস্তু আছিল; কিন্তু ল’ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা-ভাৰী হ’লত কুমাৰে ঘৈনীয়েকক ক’লে, “যদি এইবাৰো তই ছোৱালীকেহে পাৱ, তেন্তে মই ঠিক কৈছোঁ তোক নগাক বেচিম।” গিৰীয়েকৰ কথা শুনি ঘৈণীয়েকে বৰ ভয় খালে। ল’ৰা পাবৰ ওচৰা-ওচৰি হ’লত কুমাৰৰ ঘৈণীয়েক মাকৰ ঘৰলৈ গ’ল। কিন্তু কি দুৰ্কপাল, এইবাৰো তাইৰ ছোৱালী এজনীহে উপজিল। ছোৱালী ওপজা দেখি ভয়ত কুমাৰণীৰ অণ্ঠ-কণ্ঠ শুকাই গ’ল। সেইদেখি তাইৰ গিৰীয়েকে বুজি পোৱাৰ আগেয়েই তাই তেতিয়াই লৰালৰিকৈ ছোৱালীজনীক এটা চৰুত ভৰাই ফটাকানিৰে ঢাকি-ঢুকি আন এটা চৰুৰে তাৰ ওপৰত সাঁফৰ দি নৈত উটুৱাই দিলে।
চৰুটো নৈত উটি গৈ আছে, এনেতে নৈৰ পাৰত কাপোৰ ধুই থকা ধোবা এটাই চৰুটো দেখি তাত কি আছে চাওঁ বুলি সাঁতুৰি গৈ সাঁফৰটো মেলি দেখিলে,- নকৈ হোৱা কেঁচুৱা ছোৱালী এজনী তাত ভৰাই কোনোবাই উটুৱাই দিছে| ধোবাটোৱে ছোৱালীজনী তুলি ল’বৰ মনেৰে সাঁফৰটো গুচাই চৰুটো ধৰি লাহে লাহে সাঁতুৰি বামৰ ফালে টানি আনোঁতেই, হঠাত এজনী চিলনীয়ে থাপ মাৰি চৰুটোৰ পৰা ছোৱালীজনী লৈ গুচি গ’ল| এজোপা আঁহত গছৰ আগত চিলনীজনীৰ বাঁহ আছিল| তাই ছোৱালীজনী সেই বাঁহতে থ’লেগৈ| কণমান ৰূপহী ছোৱালীটি দেখি চিলনীৰ বৰ মৰম লাগিল| সেই দেখি তাই ছোৱালীজনী তুলি-তালি ডাঙৰ-দীঘল কৰিবলৈ মনতে ঠিক কৰিলে|
দিনৌ চিলনীয়ে য’ৰে পৰা যি ভাল খোৱা-বস্তু পায় থাপমাৰি লৈ আহি ছোৱালীজনীক খুৱায়| এইদৰে চিলনীয়ে লাহে লাহে তাইক ডাঙৰ-দীঘল কৰিলে| কাৰোবাৰ ঘৰত ভাল ৰিহা-মেখেলা ৰ’দত শুকাবলৈ মেলি দিয়া দেখিলে চিলনীয়ে সেইবোৰ থাপ মাৰি লৈ আহি জীয়েকক পিন্ধিবলৈ দিয়ে| এদিন ৰজাৰ জীয়েক এজনীয়ে নৈৰ ঘাটতে গাৰ অলংকাৰ-পাতিবোৰ সোলোকাই থৈ নৈত গা ধুবলৈ নামিছিল, এনেতে চিলনীয়ে থাপ মাৰি সেই অলংকাৰবোৰ লৈ গুচি আহি জীয়েকক পিন্ধিবলৈ দিলে| এইদৰে ফণী, আৰ্চি, সেন্দূৰৰ টেমা, তেলৰ বাটি চিলনীয়ে য’তে যি পায় তাকে নি জীয়েকক দিয়ে|
ছোৱালীজনী লাহে লাহে গছৰ ডালতে ডাঙৰ হ’ল আৰু ৰূপত অপেশ্বৰী যেন হ’ল| এদিন চিলনীয়ে জীয়েকক ক’লে, “আই, তই এতিয়া ডাঙৰ হৈছ, মই সদায় তোক অকলে এৰি থৈ দূৰলৈ যাওঁ, সেইদেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে| আজিৰপৰা মই গ’লে তোৰ ভয়-চয় লাগিলে বা থিতাতে লগা হ’লে তই মোক এইদৰে মাতিবি, মই ততালিকে উৰি আহি তোৰ আগতে পৰিম-
“আহঁতৰ পাত লৰে কি চৰে|
চিলনী আই মোৰ আগতে পৰে||”
এদিন দুপৰীয়া চিলনীৰ জীয়েকে গছৰ ডালতে বহি মূৰ আঁচুৰিছে| এনেতে এটা সদাগৰ সেইপিনেই ক’ৰবালৈ যাওঁতে ৰ’দত ভাগৰ লাগি সেই গছজোপাৰ তলতে জিৰাবলৈ বহিল| সেইডোখৰ ঠাইত জনপ্ৰাণী নাই| ক’ৰবাৰ পৰা এডাল চুলি উৰি আহি সদাগৰৰ কোলাতে পৰিল| সদাগৰে চুলিডাল দেখি আচৰিত মানি তুলি লৈ, বৰ দীঘল যেন দেখি জুখি চালে| চুলিডাল সাতহাত দীঘল| সদাগৰে ক’ৰপৰা ইমান দীঘল চুলিডাল আহিল বুলি চাৰিওফালে চাই একো নেদেখিলে| এনেতে গছৰ ওপৰলৈ সদাগৰৰ চকু গ’ল| তেওঁ দেখিলে এজিনী দীপলিপ ছোৱালীয়ে ডালতে বহি চুলি আঁচুৰিব লাগিছে| সদাগৰে আচৰিত মানি ছোৱালীজনীৰ ফাললৈ চাই মাত লগালে, “তুমি কোন? দেৱতা নে মানুহ? নে অপেশ্বৰী? নে যখিনী কোন কোৱা? তুমি এই ভৰ-দুপৰীয়া গছৰ ডালত কিয় বহি আছা?” ইয়াৰ আগেয়ে ছোৱালীজনীয়ে কেতিয়াও মানুহ দেখা নাছিল; সেইদেখি ভয় খাই কি উত্তৰ দিব একোকে থিৰ কৰিব নোৱাৰি মাকক বিনাই মাতিলে|
“আগলি কলপাত পাত লৰে কি চৰে|
চিলনী আই মোৰ আগতে পৰে||”
এই দৰে মতা মাত্ৰকে চিলনী ক’ৰবাৰ পৰা উৰি আহি জীয়েকৰ আগতে পৰিল| “আই মোক কিয় মাতিছ?” বুলি চিলনীয়ে সুধিলত জীয়েকে গছৰ তলত থকা মানুহটোলৈ মাকক আঙুলিয়াই দেখুৱালে| চিলনীয়ে ডেকা আৰু ধুনীয়া সদাগৰক দেখিয়েই মনে মনে ভাবিলে, যদি এই মানুহটো ভাল হয়, তেন্তে এওঁলৈকে মোৰ ছোৱালীজনী বিয়া দিব পাৰিলে ভাল হ’ব| ইয়াকে ভাবি তললৈ আহি চিলনীয়ে সদাগৰক আগৰে পৰা গুৰিলৈকে জীয়েকৰ সকলো কথা ভাঙি-পাতি ক’লে| সদাগৰে চিলনীক কলে যে, “মোৰ অনেক ধন-বস্তু আছে, মই চহকী মানুহ| কিন্তু মোৰ এতিয়া সাতজনী ঘৈণী আছে, তুমি যদি সইবাবে কোনো আপত্তি নকৰি তোমাৰ জীয়েৰাক মোলৈ বিয়া দিয়া, তেনেহ’লে মই নিশ্চয়কৈ কৈছোঁ যে তাইক মই সুখে সন্তোষে ৰাখিম, কেতিয়াও দুখ নিদিওঁ|” সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি-চিন্তি জী্য়েকক সদাগৰলৈকে দিবলৈ মান্তি হ’ল, আৰু জীয়েকক ভালে মান বুজাই-বঢ়াই নমাই আনি সদাগৰৰ হাতত সমৰ্পণ কৰিলে| চিলনীয়ে কান্দি কাটি কাকূতি-মিনতি কৰি সদাগৰক ক’লে, যেন ছোৱালীটিক তেঁও দুখ নিদিয়ে আৰু জীয়েককো ক’লে, “আই, মোক তোৰ লগা হ’লে, শিকাই দিয়াৰ দৰে মাতিলেই মই তোৰ আগতে পৰিমগৈ|”
ইয়াৰ পিছত সদাগৰে চিলনীৰ জীয়েকক ঘৰলৈ আনি বৰ মৰম-চেনেহ কৰি ৰাখিলে| কিন্ত সদাগৰৰ আগৰ সাতজনী ঘৈণীয়েকে চিলনী জীয়েকৰ ৰূপ দেখি ভাবিলে যে এনে ৰূপহী ঘৈণীয়েক পাইছে যেতিয়া সিঁহতক আৰু দেখিব নোৱাৰা হ’ব| ইয়াকে ভাবি সাতোজনীয়ে চিলনীৰ জীয়েকক হিংসা-খিয়াল কৰি দুখ দিবলৈ ধৰিলে|
এদিন সাতজনীয়ে লগ লাগি চিলনীৰ জীয়েকক ক’লে, “তই বৰ অপেশ্বৰী হৈ আহিছ, আমি ঘৰৰ বন-বাৰী কৰি ৰান্ধি-বাঢ়ি দিম, তই বহি বহি খাবি? যা আজি তই ভাত ৰান্ধগৈ|” চিলনী জীয়েকে তাইৰ জীৱনত কেতিয়াও ভাত ৰন্ধা নাই; সেইদেখি কেনেকৈ ভাত ৰান্ধিব লাগে নাজানি একোকে উপায় নাপাই কান্দি কান্দি বাৰীৰ পিছফালে কলনিৰ মাজত বহি ইনাই-বিনাই মাকক মাতিলে,
“আগলতি কলপাত লৰে কি চৰে|
চিলনী আই মোৰ আগতে পৰে ||”
এনেদৰে মতা মাত্ৰকতে চিলনী আহি তাই আগতে পৰিল| “কি হ’ল মোক কিয় মাতিছ?” বুলি জীয়েকক চিলনীয়ে সুধিলত জীয়েকে ক’লে, “আই, মোক সতিনীহঁতে ভাত ৰান্ধিবলৈ কৈছে, মই কেনেকৈ ভাত ৰান্ধিব লাগে নাজানোঁ| নাৰান্ধিলে সিহঁতে গিৰিহঁতক লগাই দি মোক কি কৰোৱাই ঠিক নাই|” মাকে জীয়েকৰ কথা শুনি ক’লে, “আই তই ভয় নকৰিবি, কেনেকৈ ভাত ৰান্ধিবি মই কৈ দিওঁ শুন| এটা চৰুত এচৰুকৈ পানী দি তাতে চাউল এটা পেলাই দিবি আৰু আন এচৰু পানীত এডাল শাক পেলাই দিবি, দি চৰু দুটাৰ তলত এডোখৰ কাঠখৰি দি থৈ তই আখল ঘৰৰ পৰা ওলাই বাহিৰতে বহি থাকিবি; দেখিবি চৰুত অক্ষয় ভাত আঞ্জা হৈ আছে|” এনেকৈ জীয়েকক বুধি দি চিলনী উৰি গুচি গ’ল আৰু জীয়েকে চিলনীয়ে কোৱাৰ দৰেই কৰিলে| ভাত খাবৰ সময়ত সতিনীয়েকহঁতে ভাতৰ পাতৰ তলত একোটা গাঁত খানি লৈছিল, যেই চিলনীৰ জীয়েকে সিহঁতৰ পাতত ভাত দি যায়, তেতিয়াই সিহঁতে সেই ভাত পাতৰ তলৰ গাঁতত পেলাই দি “ভাত ঢুকাল, লৈ আহ” বুলি আকৌ ভাত খোজে| এইদৰে সতিনীয়েকহঁতে যতবাৰ ভাত খোজে ততবাৰ চিলনীৰ জীয়েকে চৰুৰ পৰা ভাত আনি দি থাকে| শেষত সিহঁত হাৰি লাজ পাই উঠি গ’ল|
এদিন সতিনিয়েকহঁতে চিলনী জীয়েকক গোহালি ঘৰ অঁতাবলৈ ক’লে| চিলনীৰ জীয়েকে গোহালি ঘৰৰ ভিতৰ সোমায়েই মাকক মাতিলে-
“আগলি কলপাত লৰে কি চৰে
চিলনী আই মোৰ আগতে পৰে|”
জীয়েকে এইদৰে বিনাই মতা মাত্ৰকতে চিলনী আহি আগত পৰি, “কিয় মাতিছ” বুলি জীয়েকক সুধিলত, জীয়েকে ক’লে, “আই, সতিনীহঁতে মোক গোহালি অঁতাবলৈ কৈছে, কেনেকৈ অঁতাম তোমাক সুধিবলৈ মাতিছোঁ|” মাকে ক’লে, “গোহালি ঘৰৰ ইফালৰ পৰা সিফাললৈ বাঢ়নীৰ কাঠি এডাল বুলাই যা, দেখিবি ঘৰটো চিকণ হৈ পৰিব” এইবুলি কৈ মাক উৰি গ’লত চিলনীৰ জীয়েকে তাকে কৰিলে আৰু সেই দিনা গোহালি ঘৰ আগতকৈ বেছি চাফ হৈ চকমকীয়া হৈ পৰিল| চিলনী জীয়েকৰ এনে সুন্দৰ বন-বাৰী দেখি সদাগৰে তাইক বৰ ভাল পাবলৈ ধৰিলে|
চ’তৰ বিহুৰ ওচৰ চাপিলত সদাগৰে আঠোজনী ঘৈণীয়েকক গাইপতি পাচঁসেৰকৈ কপাহ দি ক’লে, “তহঁতে মই বিহুত পিন্ধিবলৈ চোলা, চুৰিয়া, কাপোৰ, গামোচা বৈ দে আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম|” সাতোজনী ঘৈণীয়েকে গাইপতি লৰালৰিকৈ কপাহবোৰ লৈ চন্দিয়াই, নেওঠি, পাঁজি বাটি, সূতা উলিয়াই কাপোৰ ব’বলৈ লাগি গ’ল; কিন্ত চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন-জিমনকৈ বহি থাকিল| সতিনীয়েকহঁতে ভাবিলে এইবাৰ চিলনী জীয়েক ঠেকত পৰিল| তাইতো একোকে নাজানে, কেনেকৈ গিৰিয়েকৰ কাপোৰ বৈ দিয়ে দেখিম| চিলনীৰ জীয়েকে বাৰীৰ পিচফালে গৈ মাকক আগৰ দৰে বিনাই মাতিলত মাক আহি আগতে পৰি জীয়েকক সুধিলে, “কি কথা, কিয় মাতিছ?” জীয়েকে কাপোৰ বোৱাৰ কথা ক’লত চিলনীয়ে জীয়েকক ক’লে, “আই তই চিন্তা নকৰিবি, তই তোৰ গিৰিয়েৰক কাপোৰ দিব পাৰিবি| চাৰিটা বাঁহৰ চুঙাত এজোলাকৈ কপাহ সুমুৱাই চুঙাকেইটাৰ মুখত সোপা দি থৈ দে, বিহুৰ দিনা যেতিয়া তোৰ গিৰিয়েকে কাপোৰ খুজিব, তেতিয়া তই চুঙা চাৰিটা আনি গিৰিয়েৰৰ হাতত দিবি|” এই বুলি চিলনী উৰি গুচি গ’লত, জীয়েকে চাৰিটা চুঙা আনি চাৰিজোলা কপাহ মাকে কোৱাৰ দৰে ভৰাই সোপা দি থৈ দিলে| সতিনীয়েকহঁতে লচপচকৈ কাপোৰ বৈছে আৰু চিলনী জীয়েকে একো নকৰাকৈ কপাহবোৰ পেলাই থৈছে দেখি সিহঁতে পেটে পেটে ৰং পাই ভাবিছে, “এই বাৰ বান্ধৈ পৰিল ফান্দত| এইবাৰ চিলনীৰ জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে|”
বিহুৰ দিনা সাতোজনী ঘৈণীয়েকে নিজৰ নিজৰ কাপোৰ, গামোচা, চোলা, চুৰিয়া উলিয়াই গিৰিয়েকৰ হাতত দিলে আৰু চিলনীৰ জীয়েকে মাথোন চুঙা চাৰিটা দিলে| সতিনিয়েকহঁতে চিলনীৰ জীয়েকে চুঙা চাৰিটা গিৰিয়েকৰ হাতত দিয়া দেখি ঢেক্ঢেক্ কৰে হাঁহিবলৈ ধৰিলে| সদাগৰেও খঙত চকু ৰঙা কৰি চিলনী জীয়েকক সুধিলে, “এইবোৰ কি দিছ? তোৰ কাপোৰ ক’তা?” তাই ক’লে, “চুঙাকেইটা মেলি চাওক|” সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাঁফৰ মেলিলত সুন্দৰ চোলা-চুৰিয়া, পাটকাপোৰ আৰু গামোচা ওলাই পৰিল আৰু সেইবোৰ ইমান বঢিয়া আৰু মিহি যে সেইবোৰৰ আগত সতিনীয়েকহঁতৰবোৰ শোটাকানি বুলিলেই হয়| সদাগৰে সেইদেখি খঙত সাতোজনীয়ে দিয়া কাপোৰবোৰ ডোখৰ ডোখৰ কৰি কাটি দলিয়াই পেলাই দি চিলনীৰ জীয়েকে দিয়াবোৰ পিন্ধিলে|
লাহে লাহে সতিনীয়েকহঁতে গম পালে যে এজনী চিলনী আহি তাইক এনেদৰে বুধি দি যায়| ইযাকে গম পাই সিহঁতে চিলনীজনীক মাৰিবলৈ বুলি বুধি আলচিলে| তাই কি বুলি চিলনীজনীক মাতে সেইটো সিহঁতৰ ভিতৰৰ এজনীয়ে চোপা দি লুকাই থাকি শিকি লৈ এদিন গোহালি ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলত, চিলনীজনী আহি তাইৰ আগত পৰিল| তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ বাঢ়নীৰে কোব মাৰি, মাৰি পেলাই গোবৰৰ তলত পুতি থ’লে| চিলনীৰ জীয়েকে এই কথাৰ শুং-সূত্ৰকে নাপালে| ইয়াৰ পিচত চিলনীৰ জীয়েকে মাকক ইনাই-বিনাই কতবাৰ মাতিলে, কিন্তু মাক আৰু ক’ৰ পৰা আহিব? সতিনিয়েকহঁতে কিবা বুধি কৰি চিলনীজনী মাৰিলে বুলি তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে|
ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল| যাবৰ সময়ত সদাগৰৰ সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই ক’লে, সিহঁতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে|
এদিন মুদৈ এটাই ফণি, আৰ্চি, সেন্দূৰ, খুৰীবাটি, গোন্ধতেল আদি বেচিবলৈ বুলি সদাগৰ ঘাটতে তাৰ নাও বান্ধিলেহি| সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতৰ চকুৰ কুটা, দাঁতৰ শাল চিলনীৰ জীয়েকক সেই মুদৈটোলৈ বেচিবলৈ মনে মনে আলচি মুদৈটোৰ পৰা কিছুমান বস্তু কিনি সেইবোৰৰ বেচৰ বাবে তাক এজনী ৰূপহী ছোৱালী দিম বুলি ক’লে| এই ছোৱালীজনীৰ ৰূপ-গুণ সিহঁতে মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি ছোৱালীজনীকে লৈ যাবলৈ সি মান্তি হ’ল| চিলনীৰ জীয়েকক সতিনীয়েকহঁতে ক’লে, “আমাৰ ঘাটত এটা মুদৈয়ে এনাও বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি| আমি চাই-মেলি তাৰপৰা কিছুমান বস্তু কিনি আনোগৈ আহ|” চিলনীৰ জীয়েকে ক’লে, “বাইহঁত, মোক একো নালাগে| তোমালোকেই যোৱা, মই নাযাওঁ| মোক তেখেতে ক’লৈকো যাবলৈ হাক দি গৈছে|” সিহঁতে তাইক নানা ৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত শেষত তাই থেৰোগেঁৰোকৈ সিহঁতৰ লগতে গৈ ঘাট পালেগৈ| সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত, মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলচি থোৱা মতে থপ কৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ’ল|
মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ| তাত চিলনীৰ জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে| নৈৰ পাৰতে মুদৈটোৰ ঘৰ| চিলনীৰ জীয়েকে ৰ’দত বহি শুকান মাছ ৰখি থাকোঁতে এনেদৰে বিনাই আছিল-
“কুমাৰণী আয়ে মোক উটুৱাই দিলে| চিলনী আয়ে মোক দাঙি ধৰিলে| সাউদৰ কোঁৱৰে মোক বিয়া কৰালে| সাত সতিনীয়ে মোক ডোমত বেচিলে| ডোমে মোক শুকান মাছ ৰখীয়া কৰিলে|”
চিলনীৰ জীয়েকে এইদৰে বিনাই শুকান মাছ ৰখি থাকোঁতে সেইপিনে সদাগৰ নাৱেৰে উজাই ঘৰলৈ উভতি আহিছিল| দূৰৰ পৰা এই বিননি শুনি সদাগৰে সেইখিনিতে নাও ৰাখি চিলনীৰ জীয়েকৰ ওচৰলৈ গৈ, তাইৰ কি হৈছে, কিয় কান্দিছে বুলি সুধিলত, সকলো কথা ভাঙি তাই সদাগৰক ক’লে| তেতিয়া সদাগৰে তাইৰ আগত নিজৰ চিনাকি দি তাইক নাৱত তুলি গা-পা ধুৱাই ন ৰিহা-মেখেলা পিন্ধাই লৈ গুচি আহিল| নাৱতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত সুমুৱাই থৈ তাই উশাহ ল’বলৈ পেৰাটোত এটা বিন্ধা কৰি দিছিল| সদাগৰে ঘৰ পাই তেওঁৰ আনবোৰ বয়-বস্তুৰে সৈতে পেৰাটোও তেঁওৰ শোৱনি ঘৰত সুমুৱাই থ’লে| সাতোজনী ঘৈণীয়েকক আগত দেখি সদাগৰে সুধিলে, “তহঁতৰ এটাইকেইজনীক দেখিবলৈ পাইছোঁ, কিন্তু চিলনীৰ জীয়েকক নাই পোৱা কিয়?” সিহঁতে উত্তৰ দিলে, “তাই আজি ভালেমান দিন হ’ল, মাকৰ ঘৰলৈ গ’ল, উভতি অহাই নাই|” এই কথা শুনি সদাগৰে সিহঁতক ক’লে, “মোৰ মনে ধৰিছে, তহঁতে তাইক কিবা এটা কৰিলি| বাৰু তহঁতে সঁচা কথা কৈছ নে মিছা কথা কৈছ মই তহঁতক এতিয়াই পৰীক্ষা কৰিম” এইবুলি এটা দ গাঁত খনাই তাত জেং আৰু কাঁইট পুতি এডাল এৱাঁসূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি দি ঘৈণীয়েকহঁতক ক’লে, “যি এই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি, সিয়েই নিৰ্দোষী বুলি জানিম|” এজনী এজনীকৈ ছজনী ঘৈনীয়েকে এৱাঁ সূতাৰ ওপৰেদি গৈ সূতা ছিগি গাঁতত পৰি মৰিল, কিন্তু সপ্তমজনী নপৰিল| সেইজনীয়ে সেই সূতাইদি সাত বাৰ অহা-যোৱা কৰিলে তথাপি সূতাডাল নিছিগিল| কাৰণ তাই সঁচাকৈয়ে চিলনীৰ জীয়েকক বেচাৰ কথা একো নাজানিছিল| আন সতিনীয়েকহঁতে সেই কাম কৰোঁতে তাই ভাত ৰান্ধিছিল|
ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই ছজনী ঘৈনীয়েকক গাঁততে মাটি দি পুতি থ’লে আৰু চিলনীৰ জীয়েকক পেৰাৰ পৰা উলিয়ালে| তাৰ পিছত চিলনীৰ জীয়েক অৰু সপ্তমজনী ঘৈণীয়েকৰ সৈতে সদাগৰে গৃহবাস কৰি সুখত কাল কটাবলৈ ধৰিলে|
আমাৰ কাপোৰ-কানি ক’লা হ’ল, আমি ঘৰলৈ গুচি আহিলো|