উদক ৰাক্ষস | Likhani Assamese Stories

উদক ৰাক্ষস

উদক ৰাক্ষস

উদক ৰাক্ষস


         অতি পুৰণি কালত এখন গভীৰ অৰণ্যৰ এটা পুখুৰীত উদক নামৰ এটা ৰাক্ষসে বাস কৰিছিল ।সেই সময়ত বোধিসত্বই বান্দৰ হৈ জন্ম লাভ কৰি সেই অৰণ্যতে আশী হাজাৰ সংগী বান্দৰ লৈ বসবাস কৰিছিল ।
     সেই অৰণ্যত অনেক বিহ ফলৰ গছ আছিল ‌।  বোধিসত্বই লগৰ বান্দৰজাকক সদায় সঁকিয়াই থাকে যাতে সিহঁতে সেই অচিন গছৰ ফল আৰু বনত থকা কোনো  পুখুৰীৰে পানী নাখায় ।
       এদিনাখন প্ৰখৰ ৰ'দত বান্দৰজাকে হাবিৰ মাজত ঘূৰি ফুৰি খুব পিঁয়াহ লগাত সিহঁতে উদক ৰাক্ষস থকা পুখুৰীটোৰ ওচৰ পালেগৈ । এনেতে বোধিসত্ব আহি পাই দেখা পালে যে পুখুৰীটোত পানী খাবলৈ অহা জন্তুবোৰৰ খোজৰ চিন আছে, কিন্তু উভটি যোৱা খোজৰ চিন নাই । গতিকে পুখুৰীটোত উদক ৰাক্ষস থকা বুলি জানিব পাৰি বোধিসত্বই বান্দৰজাকক সেই পুখুৰীৰ পানী খাবলৈ বাধা দিলে ‌।
        উদক ৰাক্ষসে পানীৰ তলৰপৰা বান্দৰজাকৰ কাণ্ড কাৰখানা লক্ষ্য কৰি আছিল ‌। খঙতে উগ্ৰ মূৰ্তি ধাৰণ কৰি সি পানীৰ তলৰপৰা ওলাই আহি ক'লে, "তোমালোকে বহি আছা যে পানী নোখোৱা কিয় ?" তেতিয়া বোধিসত্বই মাত লগালে, "এই পুখুৰীত যেয়ে পানী খাবলৈ নামিছে কোনোৱেই তোমাৰ কবলৰপৰা বাচি আহিব পৰা নাই । আমি কেতিয়াও তোমাৰ পেটলৈ নাযাওঁ ‌। আমিও পানী খাম,কিন্তু তোমাৰ পেটলৈ নাযাওঁ ‌।"
        তেতিয়া উদকে ক'লে,"ঠিক আছে, চাওঁচোন বাৰু তোমালোকে পানী খাই কি দৰে মোৰ কবলৰপৰা বাচি যোৱা ?"
       বোধিসত্বই বান্দৰজাকৰ প্ৰত্যেককে একোডালকৈ দীঘল বাঁহৰ আগ আনিবলৈ ক'লে । লগে লগে বান্দৰবিলাকে দীঘল দীঘল বাঁহৰ আগ লৈ আহিল আৰু বোধিসত্বই ফুঁ মাৰি বাহঁৰ মাজত থকা গাঁঠিবোৰ নাইকিয়া কৰি বাঁহবোৰ ফোপোলা কৰি দিলে । তেতিয়া বোধিসত্বই এডাল বাঁহ হাতত লৈ পুখুৰীৰ পাৰত বহি বাঁহৰ এটা মূৰ পানীত ডুবাই আনটো মূৰ মুখত লগাই সোঁ- সোঁকৈ পানী খাবলৈ ধৰিলে ‌‌। তাকে দেখি আটাইজাক বান্দৰে একেদৰেই পানী খাবলৈ ধৰিলে । 
        বান্দৰজাকে ইমান নিৰাপদে সেই পুখুৰীৰ পানী খাই থকা দেখা পাই উদক ৰাক্ষসে খঙতে একো নাই হৈ পানীত ডুব দিলে । আৰু বোধিসত্বই আনন্দমনেৰে সংগীবিলাকৰ সৈতে হেপাঁহ পলুৱাই পানী খাই বনত প্ৰৱেশ কৰিলে ।

উপদেশ: বলেৰে নোৱৰা কাম বুদ্ধিৰে কৰিব পাৰি