উপযুক্ত পাত্ৰ


           বহু দিনৰ আগতে বোধিসত্বই অৰ্থাৎ বুদ্ধদেৱে বাৰাণসীৰ এজন ব্ৰাহ্মণৰ ঘৰত জন্মলাভ কৰিছিল ‌। উপযুক্ত বয়সত তেওঁ এজন আচাৰ্য গুৰুৰ ওচৰত শিক্ষালাভ কৰিছিল ।  সকলো শিষ্যই গুৰুক খুব সন্মান ভক্তি কৰিছিল ‌। গুৰুৰ আদেশ তেওঁলোকে আখৰে আখৰে পালন কৰিছিল ।
           গুৰুৰ এগৰাকী দিপলিপ কন্যা আছিল ।  গুৰুৱে এজন ভাল চৰিত্ৰৰ শিষ্যৰ সৈতে কন্যাৰ বিবাহ সম্পন্ন কৰাৰ কথা চিন্তা কৰিলে ‌। সেয়ে  তেওঁ শিষ্যসকলৰ চৰিত্ৰ পৰীক্ষা কৰিবলৈ এদিন শিষ্যসকলক মাতি আনি ক'লে,  "বাচাহঁত,মোৰ কন্যাৰ বিয়াৰ বয়স হৈছে । গতিকে মই মোৰ কন্যাৰ বিবাহ সম্পন্ন কৰিব খুজিছো । এতিয়া বিয়াৰ বাবে অনেক টকা পইচাৰ প্ৰয়োজন হব । গতিকে তোমালোকে যেনেকৈ যি য'ত পাৰা তোমালোকৰ আত্মীয়ৰপৰা চুৰি কৰি লৈ আহা ।"
       কেইদিনমানৰ ভিতৰতে প্ৰতিজন শিষ্যই কিবা নহয় কিবা চুৰি কৰি আনি গুৰুক দিলে । বোধিসত্বই পিছে একোকে আনি দিব নোৱাৰিলে । গুৰুৱে বোধিসত্বক ওচৰলৈ মাতি আনি ক'লে,"বাচা, শিষ্যসকলৰ প্ৰত্যেকেই মোৰ কন্যাৰ বাবে যেয়ে যি পাইছে কিবা আনি দিছে , কেৱল মাত্ৰ তুমিহে এতিয়ালৈকে একো আনিব পৰা নাই ।"
       তেতিয়া বোধিসত্বই ক'লে, "গুৰুদেৱ,আপুনি চুৰ কৰি বস্তু আনিবলৈ কৈছে । কিন্তু চুৰ কৰাটো মহাপাপ । সেয়ে মই একো আনিব নোৱাৰিলোঁ , মোক আপুনি ক্ষমা কৰেযেন ।"
          এইবাৰ গুৰুৱে শিষ্যসকলক মাতি আনি ক'লে,"বাচাহঁত, মই তোমালোকৰ চৰিত্ৰ পৰীক্ষা কৰাৰ উদ্দেশ্যেই এই পাপকৰ্ম কৰিবলৈ কৈছিলোঁ । একমাত্ৰ বোধিসত্বই এই পৰীক্ষাত উত্তীৰ্ণ হৈছে । গতিকে বোধিসত্বই হব মোৰ কন্যাৰ উপযুক্ত পাত্ৰ ।"
       তাৰপিছত আচাৰ্যই বোধিসত্বৰ লগত কন্যাৰ বিবাহ সম্পন্ন কৰে আৰু বাকীবোৰ শিষ্যক তেওঁলোকে চুৰ কৰি অনা বস্তুবোৰ ঘূৰাই দিবলৈ আদেশ দিলে ।

নীতিশিক্ষা: সদায় সৎ পথত থাকিব লাগে ।