লুভীয়া কাউৰী

 
        সমুদ্ৰৰ এক নিৰ্জন দ্বীপত এবাৰ বোধিসত্বই চৰাই হৈ জন্ম লৈছিল । সেই দ্বীপৰ আন চৰাইবোৰৰ লগত সি সুখে সন্তোষে বাস কৰিছিল । 
       এদিনাখন কেইজনমান বণিক সমুদ্ৰৰ মাজত হঠাৎ ধুমুহাৰ কবলত পৰিল । ধুমুহাত কোনোমতে প্ৰাণ বচাই  তেওঁলোক সেই নিৰ্জন দ্বীপটো পালেগৈ । ধুমুহাত ভাঙি চিঙি যোৱা নাওখন যেতিয়ালৈকে ঠিক নহয় তেতিয়ালৈকে বণিককেইজনে  সেই দ্বীপতে থকাটো থিৰাং কৰিলে ।
          এজন বণিকে তেওঁৰ লগত এটা কাউৰী আনিছিল । তেওঁ কাউৰীটো তাতে এৰি দিলে । দ্বীপটোৰ ইফালে সিফালে উৰি চাই কাউৰীয়ে দেখিলে তাত অন্য চৰাইহে আছে । কাউৰীৰ বাঁহ এটাও ক'তো চকু নপৰিল । সেয়ে সি আনবোৰ চৰাইৰ পোৱালি আৰু কণীবোৰ খাবলৈ এটা বুদ্ধি পাঙিলে ।
          কাউৰীয়ে আন চৰাইবোৰে দেখাকৈ এখন ভৰিৰে ওপৰৰ ফালে মুখখন কৰি সূৰ্যক প্ৰণাম কৰি থাকিল ‌। তাকে দেখি আচৰিত হৈ আন চৰাইবোৰে তাৰ ওচৰলৈ আহি সুধিলে," আমাৰ ইয়াত তোমাক কেতিয়াও আমি দেখা নাই । তুমি কোন বাৰু ? "
        কাউৰীয়ে উত্তৰ দিলে," মোৰ নাম ধাৰ্মিক । "
        চৰাইবোৰে সুধিলে, " পিছে এখন ভৰিৰে তুমি এনেকৈ কিয় থিয় হৈ আছা ?"
         কাউৰীয়ে ক'লে, "মই দুয়োখন ভৰিৰে থিয় হলে মোৰ ভৰ পৃথিৱীয়ে সহ্য কৰিব নোৱাৰিব । বতাহৰ বাহিৰে মই আন কোনো বস্তু নাখাও । কেৱল বতাহ খাই মই জীয়াই থাকো ।"কাউৰীৰ কথা শুনি চৰাইবোৰে তাক সঁচাকৈয়ে বৰ ধাৰ্মিক বুলি ভাবিলে । সেয়ে সিহঁতে কাউৰীক ক'লে, প্ৰভু, "আপুনি বতাহ খাই  ইয়াতে যিহেতু থাকিব ,গতিকে আমি খাদ্য বিচাৰি বাহিৰলৈ গ'লে আমাৰ কণী আৰু পোৱালিবোৰক চকু দিয়ে যেন ।"
         কাউৰীয়ে এইটো সুযোগেই বিচাৰি আছিল । গতিকে সি তৎক্ষণাত ৰাজি হ'ল । সেইদিনাৰপৰা  সি চৰাইবোৰ ওলাই যোৱাৰ পাছত সিহঁতৰ পোৱালি আৰু কণীবোৰ খাবলৈ ধৰিলে । ‌ লাহে লাহে কণী আৰু পোৱালিবোৰ কমি অহাতো চৰাইবিলাকে ধৰিব পাৰিলে । তথাপি সিহঁতে কাউৰীক তিলমানো সন্দেহ নকৰিলে ।
     বোধিসত্বৰ মনত কিন্তু সন্দেহ হল ‌। তেওঁ মনতে এই কুকৰ্ম   কোনেনো কৰিছে চাবলৈ থিৰাং কৰিলে ‌ । এদিনাখন তেওঁ চৰাইবোৰৰ লগত ওলাই গৈ আধা ৰাস্তাৰ পৰা মনে মনে উভতি আহি  কিছু দূৰত লুকাই থাকিল । অলপ পাছতে তেওঁ দেখা পালে ধাৰ্মিক কাউৰীয়ে আনন্দ মনেৰে পোৱালি আৰু কণীবোৰ খাবলৈ ধৰিছে ।
       আবেলি পৰত চৰাইবোৰ বাঁহলৈ উভতি অহাত বোধিসত্বই ক'বলৈ ধৰিলে, "তোমালোকৰ কণী আৰু পোৱালিবোৰ কোনে খাই মই আজি সকলো দেখিলো ‌। তোমালোক আতৰি যোৱাৰ পাছতে সেই ধাৰ্মিক কাউৰীয়ে এই কুকৰ্ম কৰিবলৈ আৰম্ভ কৰে । ব'লা, আমি একেলগে তাক এতিয়া উচিত শিক্ষা দিম ।"
         আটাইবোৰ চৰাই একগোট হৈ বদমাচ কাউৰীটোৰ ওচৰলৈ গৈ তাক ঠোঁটেৰে আক্ৰমণ কৰি থকা-সৰকা কৰি পেলালে । কিছু পৰৰ পাছত কাউৰীৰ প্ৰাণবায়ু উৰি গ'ল ।