ফলজাতক
এবাৰ বোধিসত্বই বণিক কুলত জন্মগ্ৰহণ কৰিছিল । বহুলোক সমন্বিতে মাল পত্ৰ লৈ এবাৰ তেওঁ দূৰণিলৈ বণিজ কৰিবলৈ গ'ল । বাটত গৈ থাকোতে তেওঁলোকে এখন গভীৰ অৰণ্য পালে । অৰণ্যৰ কাষতে তেওঁলোকে এখন ধুনীয়া গাঁও দেখা পালে । তেওঁলোক গাঁওখনত সোমাব খুজিয়েই দেখা পালে প্ৰকাণ্ড আম গছ এডালত ডাল ভৰি ভৰি আম লাগি আছে । আমৰ ভৰত গছৰ ডাল দো খাই পৰিছে। গোটেই ঠাইখন সুগন্ধি পকা আমৰ গোন্ধে আমোলমোলাই আছে । সুগন্ধি পকা আম দেখি বোধিসত্বৰ লগৰীয়াসকলে আম খাবলৈ বুলি যাবলৈ ওলাওতেই বোধিসত্বই মাত লগালে, "তোমালোকে এই গছৰ আম নাখাবা, এই গছৰ ফল নিশ্চয় বিষাক্ত হব । কিয়নো গছত ইমান আম লাগি থকা সত্বেও গাঁৱৰ কোনো মানুহে ইয়াৰ এটা ফলো ছিঙি খোৱা দেখা নাই ।" বোধিসত্বৰ কথা শুনি লগৰীয়াসকলে লোভ সম্বৰণ কৰি আম খোৱাৰপৰা বিৰত থাকে ।
যিখন গাঁৱত আমগছজোপা আছিল সেই গাঁৱৰ মানুহবোৰ আচলতে চোৰ আছিল । গছজোপাৰ আমবোৰ বিষাক্ত বুলি সিহঁতে জানিছিল । গতিকে সিহঁতে নিজে এই গছৰ ফল নাখায় । কিন্তু সিহঁতে এই কথাটো গাঁওখনৰ বাহিৰৰ মানুহক জানিবলৈ নিদিছিল । অচিন মানুহে এই গছৰ ফল খোৱাৰ পিছত মৃত্যুমুখত পৰিলে সিহঁতে সেই মানুহৰ বস্তু-বাহানি লুট কৰি লৈ গৈছিল । সেইদিনাও বোধিসত্বৰ দলটোক সিহঁতে গাঁৱত সোমোৱা দেখা পাই বৰ ফূৰ্তি পালে । আম খাই ৰাতি বোধিসত্বৰ দলটোৰ মৃত্যু নিশ্চিত বুলি ভাবি পিছদিনা গাঁৱৰ মানুহবোৰ লগ হৈ লুট-পাট কৰিবলৈ আহিল । পিছে সেইদিনা সিহঁতৰ উদ্দেশ্য সফল নহ'ল । সিহঁতে আহি দেখে যে সকলোৱে স্বাভাৱিকভাবে কথা-বতৰা পাতি আছে । তাকে দেখি গাঁওবাসীসকলৰ মাজৰ এজনে সুধিলে, "ভাইহঁত, তোমালোকে আমাৰ গাঁৱৰ এই সুস্বাদু আমবোৰ খোৱা নাই নেকি?"
সিহঁতে একেমুখে আটাইবোৰে ক'লে, "নাই খোৱা, সেইবোৰ বিষ ফল হয় । " সিহঁতৰ কথা শুনি গাঁওবাসীসকলে অবাক হৈ ক'লে , কিন্তু তোমালোকে এইবোৰ বিষফল বুলি কেনেকৈ জানিলা?"
তেওঁলোকে ক'লে, "সেইকথা আমিও জনা নাছিলো । কিন্তু আমাৰ বণিকে বুজি পাইছিল ।"
তেতিয়া তেওঁলোকে বোধিসত্বইনো সেয়া বিষফল বুলি কেনেকৈ গম পালে সেই কথা বোধিসত্বৰ পৰা জানিব খুজিলে ।
বোধিসত্বইঅলপ হাঁহি মাৰি ক'লে, "মই বণিক, বাণিজ্যৰ বাবে মই বহু ঠাই ঘূৰি ফুৰোতে মই মোৰ লগৰীয়াসকলক নেতৃত্ব দিব লাগে । গতিকে মই সকলো সময়তে সজাগ থাকো । আপোনালোকৰ গাঁৱৰ এই গছজোপা দেখা মাত্ৰকেই মোৰ সন্দেহ হৈছিল । ডাল ভৰি লাগি থকা আমৰ গোন্ধে গোটেইখন আমোলমোলাই আছে । অথচ গাৱঁৰ কোনেও তাক খোৱা নাই । নিশ্চয় ক'ৰবাত কিবা গণ্ডগোল আছে ।"
গাঁওবাসীসকলে বোধিসত্বৰ কথা শুনি তবধ মানিলে আৰু লৰালৰিকৈ তাৰপৰা আতৰি গ'ল ।
উপদেশ : লোভত নপৰি সকলো কথা ভাবি চিন্তি ধীৰে- সুস্থিৰে কৰিলে বিপদৰপৰা হাত সাৰি থাকিব পাৰি ।