হাতী আৰু কুকুৰৰ বন্ধুত্ব


          প্ৰাচীন কালত বাৰাণসীত ব্ৰহ্মদত্ত নামৰ এজন ৰজা আছিল । সেই ৰজাৰ দিনত এজন মন্ত্ৰী আছিল বোধিসত্ব । 
     ৰজা ব্ৰহ্মদত্তৰ হাতীশাললৈ সদায় এটা কুকূৰ আহে আৰু হাতীয়ে আহাৰ খোৱাৰ পিছত যিখিনি থাকি যায় সেইখিনিকে সি খায় । এনেদৰে সদায়েই আহি থাকোতে ৰজাৰ অতিকৈ প্ৰিয় হাতীটোৰ লগত কুকুৰটো বন্ধু হৈ পৰিল । লাহে লাহে সিহঁতদুটা ইমানেই বন্ধু হৈ পৰিল যে হাতীয়ে খোৱা শেষ হোৱালৈকে কুকুটোৱে অপেক্ষাই নকৰে,দুয়োটাই একেলগেই খায় । মাজে মাজে  হাতীটোৱে শুড়েঁৰে কুকুৰটোক দাঙি খেল ধেমালিও কৰিবলৈ ললে ‌। পিছলৈ সিহঁত দুয়োটাই ইটোৱে সিটোক নেদেখিলে থাকিব নোৱৰা হ'ল ।
      এদিনাখন এজন মানুহ ৰজাৰ হাতীশালত হাতীবোৰ চাবলৈ আহিল ‌। তাতেই তেওঁ কুকুৰটো দেখা পাই বৰ ভাল পালে আৰু হাতীশালৰ মাউতক খুজি কুকুৰটো লৈ গুচি গ'ল । কেইবাদিনো ধৰি কুকুৰটো নেদেখি হাতীটোৰ মনত বৰ দুখ লাগিল । দুখতে সি খোৱা বোৱা বাদ দিলে । হাতীটোৰ কিবা বেমাৰ হোৱা বুলি ভাবি মাউতে খবৰটো ৰজাক দিলে । মাউতৰ কথা শুনি ৰজাই মন্ত্ৰী বোধিসত্বক লগত লৈ হাতীটো চাবলৈ গ'ল ‌।
     বোধিসত্বই ৰজাৰ মৰমৰ হাতীটো ভালদৰে পৰীক্ষা কৰি চাই হাতীটোৰ কোনো বেমাৰ ধৰা পেলাব নোৱাৰিলে ‌। তেওঁ মন কৰিলে হাতীটো যেন দুখতে ম্ৰিয়মান হৈ আছে । বোধিসত্বই মাউতক মাতি আনি সুধিলে," হাতীটোৰ লগত কোনোবা থাকে নেকি?"
        মাউতে ক'লে, "তেনেকৈ কোনো নাথাকে, কিন্তু আজি কিছু দিনৰপৰা এটা কুকুৰ ইয়ালৈ সদায় আহিছিল ‌। সি হাতীটোৰ লগতে খাইছিল আৰু খেলিছিল ।" মন্ত্ৰীয়ে এতিয়া কুকুৰটো ক'লৈ গ'ল বুলি জানিব বিচৰাত মাউতে এজন অচিনাকি মানুহে লৈ যোৱা বুলি ক'লে ।
     বোধিসত্বই তেতিয়া ৰজাক গৈ কলে,"মহাৰাজ, আচলতে আপোনাৰ হাতীটোৰ কোনো বেমাৰ হোৱা নাই ‌। তাৰ ওচৰলৈ এটা কুকুৰ সদায় আহে ‌। কিন্তু কেইবাদিনো কুকুৰটো দেখা নাপাই দুখতে তাৰ অৱস্থা বেমাৰীৰ দৰে হৈছে ‌।" বোধিসত্বই ৰজাক ক'লে যে কুকুৰটো বিচাৰি হাতীটোৰ ওচৰলৈ লৈ আনিব পাৰিলে হাতীটো সুস্থ হৈ পৰিব ।
         বোধিসত্বৰ পৰামৰ্শ মতে ৰজাই লগে লগে সমগ্ৰ ৰাজ্যতে কুকুৰটো বিচাৰি ঘোষণা জাৰি কৰাৰ ব্যৱস্থা কৰিলে । কুকুৰটো লৈ যোৱা মানুহজনে ৰজাৰ ঘোষণা শুনি ভয়তে তেতিয়াই কুকুৰটো এৰি দিলে । মুক্ত হোৱাৰ লগে লগেই কুকুৰটো দৌৰি হাতীশাললৈ আহিল । হাতীয়ে কুকুৰটো দেখি আনন্দতে শুড়েঁৰে মেৰিয়াই ধৰি দাঙি ললে আৰু আগৰ দৰে তাৰ লগত খেলা কৰিবলৈ ধৰিলে । আনন্দতে হাতীৰ চকুৰে লোতক বাগৰি আহিল । কেইদিনমানৰ ভিতৰতে হাতীটো আগৰদৰে সুস্থ হৈ স্বাভাৱিক হৈ পৰিল ‌।
     পশুৰ মনৰ ভাব বুজি হাতীটোক সুস্থ কৰি তোলা বাবে ৰজা ব্ৰহ্মদত্তই বোধিসত্বক প্ৰসংশা কৰি সন্মান জনোৱাৰ লগতে ধন সোণ দি পুৰস্কৃত কৰিলে ।