খেতিয়ক আৰু দুই এলেহুৱা পুত্ৰ

    এসময়ত এখন দেশত এজন খেতিয়ক আছিল । খেতিয়ক জনৰ দুটা বৰ এলেহুৱা ল'ৰা আছিল ‌ ।খেতিয়ক জনে অতি কষ্ট কৰি খেতি বাতি কৰি সিহঁতৰ ভৰণ পোষণৰ যোগাৰ কৰিছিল । 
     এদিনাখন খেতিয়ক জন বেমাৰত পৰিল ।দিনে দিনে বেমাৰ বেছি হৈ অহাত তেওঁৰ মৃত্যুৰ পাছত এলেহুৱা ল'ৰাদুটাই কি কৰি খাব তাকে চিন্তা কৰি তেওঁ বিমোৰত পৰিল । অৱশেষত তেওঁ এটা বুদ্ধি পাঙিলে । তেওঁ ল'ৰাদুটাক ওচৰলৈ মাতি আনি কলে যে তেওঁ সিহঁতৰ কাৰণে এটা ডাঙৰ ধন সোণৰ টোপোলা সিহঁতৰ আঙুৰৰ বাগিচাৰ মাটিৰ তলত পুতি থৈছে । গতিকে তেওঁৰ মৃত্যুৰ পাছত সিহঁতে যাতে টোপোলাটো খান্দি আনি সমানে ভগাই লয় । কথামতেই দেউতাকৰ মৃত্যুৰ পাছত দুই পুত্ৰই আঙুৰৰ বাগিচাখন খান্দিবলৈ ধৰে । কিন্তু গোটেই বাগিচাখন খান্দি তহিলং কৰাৰ পাছতো সিহঁতে ধন সোণৰ টোপোলাটো বিচাৰি নাপালে । দেউতাকে সিহঁতক এনেদৰে বিশ্বাসঘাতকতা   কৰাত সিহঁতে মনত বৰ দুখ পালে । 
      যথা সময়ত বৰষুণ  পৰিবলৈ ধৰিলে আৰু ধন সোণ বিচাৰি খান্দি চহাই থোৱা  সিহঁতৰ আঙুৰৰ বাগিচাখনত সুন্দৰকৈ গজালি মেলিবলৈ আৰম্ভ কৰিলে । সময়ত আঙুৰৰ পুলিবোৰ ডাঙৰ হৈ থোপা - থোপে আঙুৰ লাগিবলৈ ধৰে আৰু আঙুৰবোৰ বজাৰত ভাল দামত বিক্ৰী কৰি সিহঁত দুয়ো ধনী হৈ পৰে । সিহঁতৰ বাগিচাত সচাঁকৈয়ে যেন দেউতাকে কোৱাৰ দৰে ধন সোণৰ টোপোলাহে পালে ।

নীতিশিক্ষা : কষ্টৰ ফল সদায় মিঠা ।