তিনি চোৰ
এদিনাখন এখন চহৰত থকা তিনিটা চোৰে চহৰৰ এজন ধনী মানুহৰ ঘৰত বহুতো ধন সোণ চুৰ কৰে । চুৰ কৰা বস্তুবোৰ সিহঁতে চহৰৰ কাষত থকা এখন হাবিৰ মাজলৈ লৈ যায় । হাবিৰ মাজত নিৰ্জন ঠাইত সিহঁতে ধন সোণবোৰ ভাগ কৰাৰ কথা ভাবিছিল । সেই সময়তে সিহঁতৰ খুব ভোক লাগিল । গতিকে সিহঁতৰ মাজৰ দুটা চোৰক ধন সোণখিনিৰ ৰখীয়া কৰি আনটো চোৰে কিবা খাদ্য আনিবলৈ চহৰলৈ যায় ।
খাদ্য আনিবলৈ যোৱা চোৰটোৱে চুৰ কৰা গোটেই বস্তুবোৰ সি অকলে লবলৈ এটা বুদ্ধি পাঙিলে । সি নিজৰ খাদ্য খিনি ভালদৰে খাই উঠি বাকী দুটা চোৰৰ বাবে লোৱা খাদ্যত বিহ মিহলাই দিলে । ইফালে বাকী চোৰ দুটাইও সিহঁত দুটা
ৰ মাজতে বস্তুবোৰ ভাগ কৰি লৈ গছ এজোপাৰ আৰত লুকাই থাকে । খাদ্য আনিবলৈ যোৱা চোৰটো অহাৰ লগে লগে সিহঁত দুটাই পিছফালৰ পৰা হাতত সাৰে ভৰিত সাৰে আহি টাঙোন এডালেৰে মূৰত মৰিয়াই তাক মাৰি পেলালে । তাৰ পাছত দুয়ো চোৰে ৰং মনেৰে খাদ্য খাবলৈ আৰম্ভ কৰে । বিহ দি থোৱা খাদ্য খাই সিহঁত দুটাও লগে
লগে মৰি থাকিল ।
তিনিওটা চোৰে সিহঁতৰ কু কৰ্মৰ ফল ভোগ কৰিলে ।