বামুণ আৰু ছাগলী
এদিনাখন এজন বামুণে এটা নোদোকা ছাগলী তেওঁৰ কান্ধত উঠাই এখন জংঘলৰ মাজেদি গৈ আছিল । বামুণ জনে এখন গাৱঁৰ মানুহ এঘৰত পূজা পাঠ কৰি আবেলি পৰত উভটি আহিছিল । সেই পূজাতেই বামুণ জনে ছাগলীটো দান হিচাপে পাইছিল ।
তিনিটা অতি ধূৰন্ধৰ ঠগে নোদোকা ছাগলীটোৰ সৈতে বামুণ জনক দেখা পালে । লগে লগে সিহঁতে বামুণ জনৰপৰা ছাগলীটো পাবৰ কাৰণে এটা বুদ্ধি সাজিলে । কথামতে সিহঁতে ৰাস্তটোৰ তিনি ঠাইত তিনিটা অলপ দূৰে দূৰে ৰৈ থাকিল ।
কিছু সময়ৰ পাছত প্ৰথম ঠগটোৱে বামুণ জনৰ ওচৰলৈ আহি ছাগলীটোৰ ফালে চাই চকু ঘোপা কৰি ক'লে, " বামুণ মানুহ হৈ আপুনি কি কাম কৰিছে, এটা কুকুৰ কান্ধত লৈ আহিছে ?"
বামুণে খঙেৰে উত্তৰ দিলে, " তুমি কণা নেকি ইমান ধুনীয়া ছাগলীটোযে তুমি কুকুৰ বুলি কৈছা ?"
অলপ দূৰ যোৱাৰ পাছত দ্বিতীয় ঠগটো আহি ক'লে,"এজন বামুণ হৈ আপুনি কুকুৰ এটা কান্ধত আনিবলৈ লাজ পোৱা নাইনে?"বামুণজনে এবাৰ ছাগলীটো ভালকৈ চাই ক'লে,"তুমি ছাগলী চিনি নোপোৱা নেকি?"
বামুণে কিছু দূৰ যোৱাৰ পাছত তৃতীয় ঠগটোৱেও একে কথাকেই ক'লে । এইবাৰ বামুণৰ সন্দেহ হ'ল, তিনিজনে যিহেতু একে কথাকেই কৈছে এইটো নিশ্চয় কুকুৰেই হয় ।এইবুলি ভাবি বামুণে ছাগলীটো এৰি থৈ কোবাকোবিকৈ গুচি গ'ল ।তাকে দেখি ঠগকেইটা লুকাই থকা ঠাইৰ পৰা ওলাই আহি একেলগ হৈ ছাগলীটো লৈ ৰং মনেৰে গুছি গ'ল ।
নীতিকথা: নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে ।