সিংহৰ মূৰ্খামি (আমাৰ অসমৰ জোনাকী মেল)


      এসময়ত এখন হাবিত এটা সিংহই বাস কৰিছিল । তাৰ চোকা দাঁত আৰু হাতোৰাৰ বাবে তাক সকলোৱে খুব ভয় কৰিছিল । 
     সিংহটোৱে বাস কৰা হাবিখনৰ কাষৰে এখন গাৱত এজন খৰিকটিয়াই এটা সৰু জুপুৰিত বাস কৰিছিল । খৰিকটিয়াৰ সীতা নামৰ এজনী দিপলিপ ছোৱালী আছিল ।
     এদিন সিংহটো গাওঁ খনৰ ফালে যাওতে সীতাক দেখা পাই তাইৰ ৰূপত মুগ্ধ হৈ পৰে আৰু তাইক বিয়া কৰাবলৈ মন কৰে । সেয়ে সি খৰিকটিয়াৰ জুপুৰিৰ ওচৰলৈ গৈ গুজৰি কবলৈ ধৰিলে ,"অ'ই খৰিকটিয়া ,মই তোৰ ছোৱালী সীতাক বিয়া কৰাব খোজো,তই তাইক মোলৈ বিয়া দে নহলে তহঁত দুয়োটাকে মই মাৰি পেলাম ।
      খৰিকটিয়াৰ মনত তৎক্ষণাত এটা বুদ্ধি খেলালে আৰু ক'লে,' মই মোৰ ছোৱালীক এবাৰ সুধিব লাগিব" । এইবুলি কৈ সি তাৰ জুপুৰিটোলৈ সোমাই গ'ল আৰু কেইমূহূৰ্তমানৰ পাছতে উভটি আহি সিংহক ক'লে,"সীতাই তোমাৰ দাঁত আৰু হাতোৰা দেখি খুব ভয় কৰে, যদি তুমি তোমাৰ দাঁত আৰু হাতোৰা কাটি পেলোৱা তেতিয়া তাই তোমাৰ লগত বিয়া হবলৈ ৰাজি ।"
     তাৰ পিছতেই সিংহই তাৰ দাঁত আৰু হাতোৰা কাটি পেলালে ‌। দাঁত আৰু হাতোৰা নথকা কাৰণে খৰিকটিয়াই এতিয়া সিংহটোক ভয় নকৰা হ'ল।এডাল লাঠি লৈয়েই সি সিংহটোক মাৰিবলৈ খেদি গ'ল আৰু সিংহই ভয়তে পলাই পত্ৰং দিলে ।

নীতিশিক্ষা : বলেৰে নোৱৰা কাম বুদ্ধিৰে কৰিব পাৰি ।