এমুঠি সৰিয়হ -বুদ্ধৰ সাধু | Likhani Assamese Stories

এমুঠি সৰিয়হ -বুদ্ধৰ সাধু

এমুঠি সৰিয়হ -বুদ্ধৰ সাধু

এমুঠি সৰিয়হ -বুদ্ধৰ সাধু


       ভগৱান বুদ্ধৰ সহজ সৰল বাণীসমূহে সকলো স্তৰৰে মানুহৰ মন জয় কৰিব পাৰিছিল । মানুহক তেওঁ বিভিন্ন ধৰণেৰে তেওঁৰ বাণীসমূহ বুজাই দিছিল । তেওঁৰ বাণী প্ৰচাৰ কৰা কৌশলৰ ওপৰত এটা বৰ সুন্দৰ কাহিনী আছে । এদিনাখন বুদ্ধই শ্ৰাৱস্তি নগৰৰ এখন বাগিচাত বিহাৰ কৰি থাকোতে  কৃশা গৌতমী নামৰ এগৰাকী মাতৃয়ে তেওঁৰ মৃত শিশুটিক কোলাত লৈ তেওঁৰ সন্মুখত উপস্থিত হল । কান্দি কান্দি মানুহগৰাকীয়ে বুদ্ধক কলে ,"মই এজনী ধনী ঘৰৰ বোৱাৰী । মোৰ কোনো বস্তুৰে অভাৱ নাই ।  মোৰ  একেটিয়েই মাথোন পুত্ৰ সন্তান । আজি তাক বিধাতাই মোৰ কাষৰপৰা লৈ গুচি গ'ল । এতিয়া কাৰ মুখলৈ চাই মই জীয়াই থাকিম ? একমাত্ৰ আপুনিয়েই মোৰ সন্তানৰ জীৱন ঘূৰাই আনিব পাৰিব । দয়া কৰি মোৰ পুত্ৰৰ জীৱন দান কৰক প্ৰভু ।"
   কৃশা গৌতমীৰ কথা শুনি  শান্তভাবে বুদ্ধই ক'লে," মই তোমাক কথা দিছো,তোমাৰ শিশুটিক মই জীয়াই তুলিম । তুমি মাত্ৰ মোক এনে এগৰাকী ব্যক্তিৰ ঘৰৰপৰা এমুঠি সৰিয়হ আনি দিয়া যিখন ঘৰত আজিলৈকে কাৰো মৃত্যু হোৱা নাই ।"
         বুদ্ধৰ কথামতে কৃশা গৌতমীয়ে মৃত পুত্ৰক কোলাত লৈ দিন ৰাতি একাকাৰ কৰি ঘৰে ঘৰে ঘূৰি ফুৰিলে । ইমান কষ্ট কৰিও তেওঁ এনে এখন ঘৰ বিচাৰি নাপালে, যিখন ঘৰত কেতিয়াও কাৰো মৃত্যু হোৱা নাই । কৃশা গৌতমীয়ে যি কাৰণে বুদ্ধৰ ওচৰলৈ গৈছিল তাৰ উত্তৰ তেওঁ পালে । এই সংসাৰত জন্ম ললে মৃত্যু অনিবাৰ্য । সেয়ে তেওঁ শোক সম্বৰণ কৰি বুদ্ধৰ শিষ্যত্ব গ্ৰহণ কৰিলে ‌।