প্ৰকৃত বন্ধু

        এসময়ত এখন  হাবিত এটা হৰিণা, এটা কাউৰী, নিগনি এটা আৰু কাছ এটাই বৰ মিলাপ্ৰীতিৰে বাস কৰিছিল । ‌এদিনাখন কাউৰী, নিগনি আৰু কাছ বহু সময় কথা পাতি আছিল ।  হৰিণা অহা দেৰি হোৱা কাৰণে সিহঁত তিনিটা বৰ চিন্তিত হৈ পৰিল । হৰিণা আহিব বুলি সিহঁতে বহু সময় বাট চালে, পিছে হৰিণা আহি নাপালেহি । সেয়ে কাউৰীয়ে হৰিণাক বিচাৰি অলপ দূৰ উৰি গৈ দেখে যে চিকাৰীৰ জালত পৰি হৰিণাই ধৰফৰাই আছে । লগে লগে কাউৰী উৰি আহি নিগনি আৰু কাছৰ ওচৰ পালেহি আৰু হৰিণা চিকাৰীৰ জালত বন্দী হৈ থকাৰ খবৰটো দিলে। তাকে শুনি সিহঁতে বৰ ভয় খালে আৰু সিহঁত তিনিও মিলি হৰিণাক কেনেকৈ বচাব পাৰি তাকে আলোচনা কৰিলে । কাছই এটা বুদ্ধি দিলে যে নিগনিয়ে যদি চিকাৰী আহি পোৱাৰ আগতেই গৈ চিকাৰীৰ জালখনৰ ৰচীবোৰ কুটি দিব পাৰে তেতিয়া হৰিণা মুকলি হৈ পৰিব ‌। কাউৰীয়ে কলে , "মই নিগনিক পিঠিত উঠাই অতি সোনকালে লৈ যাম" । সেইমতেই কাউৰীৰ পিঠিত উঠি গৈ   নিগনিয়ে ততাতৈয়াকৈ জালৰ ৰচী কুটি দিয়াত হৰিণা জালৰপৰা মুকলি হৈ পৰে । মুকলি হৈয়েই চিকাৰীৰ পৰা বাচিবৰ কাৰণে হৰিণা দৌৰি হাবিত সোমায় । কাউৰীটোও দূৰলৈ উৰি যায় আৰু নিগনিয়ে জোপোহাৰ আঁৰত লুকাই থাকে ।‌ কিন্তু কাছই লাহে লাহে আহি সেইখিনি পাওতেই সিফালৰপৰা সেই সময়তে চিকাৰীটো আহি উপস্থিত হয় । লগে লগে চিকাৰীয়ে কাছক ধৰি মোনা এখনত ভৰাই লৈ গুচি যায় । তাকে দেখি কাউৰী, নিগনি আৰু হৰিণাই লগ হৈ কাছকনো কেনেকৈ চিকাৰীৰ হাতৰপৰা মুকলি কৰিব পাৰি তাকে আলচ কৰিবলৈ ধৰিলে । এইবাৰ হৰিণে এটা বুদ্ধি পাঙিলে ।  হৰিণে কাউৰী আৰু নিগনিক ক'লে, " মই চিকাৰীৰ সন্মুখৰে দৌৰ মাৰিম । মোক দেখাৰ লগে লগে চিকাৰীয়ে মোনাখন থৈ মোৰ পিছ লব আৰু সেই সময়তে নিগনিয়ে গৈ চিকাৰীৰ মোনাখনৰ ফিটা কুটি মোনাৰপৰা কাছক মুকলি কৰিব ।" 
         কথামতেই হৰিণাই চিকাৰীৰ সন্মূখেৰে দৌৰ মাৰিলে আৰু লগে লগে চিকাৰীয়ে মোনাখন মাটিত থৈ হৰিণাৰ পিছে পিছে খেদা মাৰিলে । তেনেতে নিগনিয়ে আহি মোনাৰ ফিটাডাল কুটি কাছক মুকলি কৰি লৈ যায় । তাৰপিছত সিঁহত চাৰিওটাই বহুদিনলৈ খুব মিলাপ্ৰীতিৰে সুখে সন্তোষে সেই হাবিতে বাস কৰে ‌।

এই সাধুকথাৰ পৰা আমি ইয়াকে শিকিলোঁ যে বিপদত সহায় কৰাজনহে প্ৰকৃত বন্ধু ‌।