একতাৰ বল


        এসময়ত এখন দেশৰ এখন গাৱঁত এজন খেতিয়ক আছিল ‌। তেওঁৰ তিনিটা ল'ৰা আছিল ।ল'ৰা তিনিটাই অনবৰত ইটোৱে সিটোৰ লগত হাই কাজিয়া কৰি থকাৰ বাবে খেতিয়ক জনৰ মনত বৰ দুখ । বয়স বাঢ়ি অহাৰ লগে লগে খেতিয়কজন   বৰ চিন্তাত পৰিল । পুতেকহতক হাই কাজিয়া বাদ দি মিলা প্ৰীতিৰে থাকিবলৈ বহুতো বুজনি দিয়াৰ পাছতো খেতিয়কজন বিফল হল । তিনিও ককাই ভায়ে আগৰ দৰেই কাজিয়া-পেছাল কৰি দিন অতিবাহিত কৰিবলৈ ধৰিলে ।  
         এদিনাখন খেতিয়কজন বেমাৰত পৰিল । তেওঁ তিনিও পুত্ৰক বিচনাৰ কাষলৈ মাতি আনি ক'লে , "খেতি মাটিখিনিৰ বাহিৰে মই তোমালোকলৈ একো থৈ যাব নোৱাৰিলোঁ । তোমালোক তিনিওটাই কাজিয়া- পেছাল বাদ দি একেলগে এই মাটিতে খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰিব লাগিব ।" দেউতাকৰ কথাত অলপো কাণ ষাৰ নিদি লৰাকেইটাই আগৰদৰে  হাই কাজিয়া কৰিয়েই সময় অতিবাহিত কৰিবলৈ ধৰিলে ।
        এইবাৰ খেতিয়ক জনে এটা বুদ্ধি পাঙিলে । তেওঁ ল'ৰাহঁতক আকৌ মাতি আনি প্ৰত্যেককে সমান জোখৰ দুডালকৈ মাৰি আনিবলৈ কলে ‌। সিহঁতে যেতিয়া মাৰিকেইডাল লৈ আহিল তেতিয়া খেতিয়কজনে প্ৰত্যেকৰপৰা এডালকৈ মাৰি খুজি হাতত ললে । তাৰ পাছত তেওঁ এডাল ৰচীৰে তিনিওডাল মাৰি টানকৈ বান্ধি দিলে । এইবাৰ খেতিয়কজনে লৰাহঁতক সিহঁতৰ হাতত থকা মাৰি কেইডাল ভাঙি পেলাবলৈ কলে । প্ৰতিজন ল'ৰাই সিহঁতৰ মাৰিকেইডাল অনায়াসে ভাঙি পেলালে । তাৰপাছত তেওঁ ডাঙৰজন ল'ৰাক ৰচীৰে একেলগ বান্ধি মজবুত কৰি  থোৱা মাৰিকেইডাল ভাঙিবলৈ ক'লে । যিমান পাৰি সিমান চেষ্টা কৰাৰ পিছতো সি মাৰিকেইডাল ভাঙিবলৈ সক্ষম নহল ‌‌। একেদৰে বাকী দুজন পুতেককো ভাঙিবলৈ দিয়াত সিহঁতৰো একেই দশা হল ‌। তিনিডাল মাৰি একেলগে  ৰচীৰে বান্ধি মজবুত কৰি থোৱা বাবে সিহঁতে ভাঙিব নোৱাৰি দেউতাকক উভতাই দিয়ে ।
         খেতিয়কজনে তেতিয়া লৰাহঁতক কলে, "দেখিলানে অতি সহজতে তোমালোকে এডাল মাৰি ভাঙি পেলাব পাৰিলা । কিন্তু  সেই একেই তিনিডাল মাৰি ৰচীৰে বান্ধি মজবুত কৰাৰ পিছত তোমালোকে কোনেও ভাঙিব নোৱাৰিলা । বৰ্তমান তোমালোকৰ অৱস্থা তোমালোকে অতি সহজে ভাঙি পেলোৱা মাৰি কেইডালৰ দৰেই হৈছে । তোমালোকে যদি এতিয়াৰ দৰে সদায় হাই কাজিয়া কৰি থাকা মোৰ মৃত্যুৰ পাছত মোৰ মাটিখিনি তিনিভাগ হব আৰু সেইখিনি অতি সোনকালে আনৰ হাতলৈ যাব । যদি তোমালোক আটায়ে লগ লাগি  থাকি ইজনে সিজনক সহায় কৰি একতাৰে বান্ধ খাই থাকা তেন্তে তোমালোকৰ কোনো বস্তুয়েই আনে লৈ যাব নোৱাৰে ।"
      অৱশেষত তিনিও ককাই ভায়ে দেউতাকৰ কথাৰ অৰ্থ বুজি পালে । সেইদিনাৰপৰা সিহঁতে একেলগে মিলা প্ৰীতিৰে কাম কৰি ভ জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে ।

নীতিশিক্ষা : একতাই পৰম শক্তি ।