বুধিয়ক কাছ
বহু দিনৰ আগতে এখন দেশৰ এখন হাবিৰ মাজত এখন নদী আছিল । নদীখনত এটা বৰ বুধিয়ক কাছ আছিল । মাজে মাজে কাছটোৱে নদীৰ পানীৰ পৰা উঠি আহি নদীৰ পাৰত তহল দি থাকে । এদিনাখন সি আৰু তাৰ লগৰ কেইটামান কাছই একেলগে নদীৰ পাৰত তহল দি আছিল । তেনেতে এটা শিয়াল সেইফালে যাওঁতে কাছৰ জাকটো দেখা পাই তাৰ বৰ লোভ লাগিল । শিয়ালটোৱে তাৰে এটা কাছ ধৰাৰ উদ্দেশ্যে মনে মনে জোপোহাৰ আঁৰত লুকাই থাকিল । ঠিক সেই সময়তে গছৰ পাত এটা সৰি তাৰ নাকতে পৰিল আৰু লগে লগে সি হাঁচি মাৰি দিলে । কাছবোৰে শিয়ালৰ হাঁচিৰ শব্দ শুনাৰ লগে লগেই পানীত জপিয়াই দিলে । কিন্তু সেই বুধিয়ক কাছটোৱে শিয়ালৰ হাঁচিৰ শব্দ শুনা নাপালে । সেয়ে সি তাৰ লগৰ কাছবোৰে ঘপককৈ পানীত জপিয়াই দিয়া দেখি আচৰিত হ'ল ।
সেই সময়তে শিয়ালটো ওলাই আহি কাছটো ধৰি পেলালে । শিয়ালে কলে, "এতিয়া মই তোক খাম ।" বুধিয়ক কাছটোৱে কলে, "খোৱা,তুমি মোক খোৱাটোৱেই মই বিচাৰো । তোমাৰ হাতত প্ৰাণ বিষৰ্জন দিবলৈ পালে মই ধন্য হম । সেয়ে মই পানীত জাপ দিয়া নাই, তোমাৰ বাবেই ৰৈ আছো । কিন্তু মোৰ পিঠিত থকা টান চলংখনৰ কাৰণে তুমি মোক খাবলৈ অসুবিধা পাবা । মোৰ চলংখন কামুৰিলে তোমাৰ দাঁত উফৰি যাব । তুমি অলপ ইয়াতে ৰৈ থাকা আৰু মই পানীলৈ নামি যাওঁ । পানীয়ে মোৰ চলংখন কোমল কৰি দিব , তেতিয়া তুমি খাবলৈ সুবিধা পাবা ।" মূৰ্খ শিয়ালে কাছক পানীত নামি যাবলৈ দিলে । কাছই পানীত জাপ মাৰি দি শিয়ালৰ ফালে চাই কলে, "তুমি ভাবিছা এই হাবিৰ মাজত তুমিয়েই আটাইতকৈ বুধিয়ক । পিছে নহয়, মই তোমাতকৈ বেছি বুধিয়ক।"
নিজৰ মূৰ্খামিত শিয়ালৰ নিজৰ ওপৰতে খং উঠিল ।