চাৰি মূৰ্খ বন্ধু (কৰ্ণাটকৰ সাধু)


           এসময়ত এখন গাঁৱত চাৰিজন নলে গলে লগা  বন্ধু আছিল । পিছে সিহঁত আটাইকেইটা অতি মূৰ্খ আছিল ‌। এদিনাখন চাৰিও বন্ধু লগ হৈ সিহঁতৰ ভাগ্য পৰীক্ষা কৰাৰ মানসেৰে চহৰলৈ যাবলৈ ওলাল ।
        চাৰিও বন্ধু চহৰলৈ বুলি খোজ কাঢ়ি গৈ থাকোতে এজন খেতিয়কৰ ঘৰত এটা ডাঙৰ ম'হ দেখা পালে । ম'হটো দেখা পাই এজন বন্ধুৱে ক'লে, "আমি সকলোৱে মিলি এই ম'হটো কিনি লও দিয়া । ম'হৰ গাখীৰ বিক্ৰী কৰি আমি বহুতো টকা উপাৰ্জন কৰিব পাৰিম ।"
       বাকী তিনিজন বন্ধুয়ে কথাটো শুনি ভালেই পালে  । সেয়ে  চাৰিওটাই মিলি খেতিয়কজনৰ পৰা ম'হটো কিনি ললে । ম'হটো লৈ খোজকাঢ়ি অলপ দূৰ যোৱাৰ পাছত সিহঁতে এখন নদী পালে । এতিয়া সিহঁত এটা ডাঙৰ সমস্যাত পৰিল । কিয়নো  সিহঁত এটায়ো সাতুৰিব নাজানে । বহুতো গুণাগথা কৰাৰ পাছত এটা মূৰ্খই পৰামৰ্শ দিলে,"আমাৰ লগত ইমান ডাঙৰ ম'হটো আছে, গতিকে চিন্তা নকৰিবা । আমাৰ দুজনে ম'হটোৰ নেজত আৰু দুজনে ম'হটোৰ শিঙত ধৰি ওলমি অনায়াসে নদীখন পাৰ হৈ যাব পাৰিম । " বাকী কেইজনে তাৰ কথাত সন্মতি দিলে ‌।
     নদীখন বৰ বেছি গভীৰ নাছিল । গতিকে সিহঁত চাৰিওটাই ম'হটোৰ সহায়ত সুকলমে নদীখন পাৰ হৈ গল ‌।  নদীখন পাৰ হৈ যোৱাৰ পাছত এটা মূৰ্খই সিহঁত চাৰিওটা ভালে ভালে পাৰ হব পাৰিলেনে নাই চাবৰ নিমিত্তে  হিচাপ কৰিবলৈ ধৰিলে, "এক,দুই, তিনি ‌। এয়া কি হ'ল আমি তিনিজনহে থাকিলো, আমাৰ মাজৰ এজন পানীত ডুবিল ‌ ।" আচলতে সি নিজকে হিচাবত ধৰা নাই । 
      ইয়াৰ পিছত সিহঁতৰ প্ৰত্যেকটোৱেই হিচাপ কৰি চাই দেখে যে সিহঁতৰ  মাত্ৰ তিনিটাহে আছে। আচলতে মূৰ্খকেইটাৰ প্ৰতিটোৱেই নিজকে হিচাপ কৰা নাই । সিহঁতৰ মাজৰে এটা পানীত পৰি মৰিল বুলি ভাবি সিহঁতে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে । ঠিক সেই সময়তে এজন বাটৰুৱা আহি সিহঁতক কান্দি থকা দেখা পালে । বাটৰুৱা জনে সিহঁতৰ ওচৰলৈ আহি কিনো হৈছে জানিব বিচাৰিলে । এটা মূৰ্খই সকলো কথা বিবৰি কলে । বাটৰুৱা জনে লগে লগে বুজিব পাৰিলে যে সিহঁতে হিচাপ কৰোতে নিজক গণনা কৰা নাই ।
      বুধিয়ক বাটৰুৱা জনে সিহঁতৰ আটাইকে একেটা শাৰীত থিয় হবলৈ দিলে । তাৰপিছত তেওঁ এক,দুই ,তিনি, চাৰি বুলি কৈয়েই আটাইকেইটাকে নদীলৈ ঠেলা মাৰি দিলে । মূৰ্খ চাৰিটা নদীত পৰি যোৱাৰ লগে লগে বাটৰুৱাজনে ম'হটো লৈ কোবাকোবিকৈ গুচি গল । 
     ইপিনে চাৰিওটা মূৰ্খই নদীৰ পাৰলৈ উঠি আহি সিহঁতৰ মাজৰ হেৰাই যোৱা জনক বিচাৰি পাই বৰ আনন্দ পালে । আনন্দতে সিহঁতে ইটোৱে সিটোক সাৱটি ধৰিলে ‌। হেৰোৱা বন্ধুজনক বিচাৰি দি অশেষ উপকাৰ কৰি দিয়া বুলি ভাবি  চাৰিও মূৰ্খই বাটৰুৱা জনক ভূৰি ভূৰি প্ৰশংসা কৰিলে ।