হাতী আৰু নিগনি - পঞ্চতন্ত্ৰৰ সাধু


          এসময়ত এখন দেশৰ এখন অৰণ্যত এজাক হাতীয়ে বাস কৰিছিল । এটা বৰ বিশালাকাৰ হৃষ্টপুষ্ট হাতী সিহঁতৰ ৰজা আছিল । এবাৰ অৰণ্যখনৰ সকলোবোৰ নদী শুকাই গ'ল । তাকে দেখি ৰজাৰ বৰ চিন্তা হ'ল । ৰজাই ভাবিলে, "অতজাক হাতী এতিয়া পানীৰ অভাৱত মৰিব লাগিব ।" ৰজাই চিন্তা কৰি থাকোতেই এটা হাতী আহি ৰজাক কলে," মহাৰাজ, পানী ৰ বাবে চিন্তা কৰিব নালাগে । চৰাই এটাই মোক খবৰ দিছে যে অনতিদূৰত এটা হ্ৰদত আমাৰ দৰে দহোটা হাতীৰ জাকে খাব পৰাকৈ যথেষ্ট পানী আছে ।" তাকে শুনি ৰজাৰ চিন্তা দূৰ হল । ৰজাই সকলো হাতীকে লগত লৈ হ্ৰদৰ ফালে যাত্ৰা আৰম্ভ কৰিলে । পিয়াহত আতুৰ হাতীবোৰে আতৰৰ পৰাই হ্ৰদৰ পানী দেখা পাই সকলো মহতিয়াই দৌৰি যাবলৈ ধৰিলে ।
             হ্ৰদৰ পাৰৰ হাতীবোৰে খোজকাঢ়ি যোৱা বাটটোতে এজাক নিগনিয়ে বাস কৰিছিল । হাতীজাক দেখা পাই নিগনিবোৰ ভয়তে অস্থিৰ হৈ পৰিল । হাতীৰ গছকত বহুতো নিগনি ইতিমধ্যে মৰিলেই । নিগনি বোৰৰ মাজৰে এটাই বুকুত সাহ বান্ধি ৰজা হাতীটোৰ ওচৰলৈ গৈ কলে, "মহাৰাজ, আমি পূৰুষানুক্ৰমে এই হ্ৰদৰ ওচৰত বাস কৰিছোঁ । আমাৰ আধামানক আপোনাৰ জাকটোৱে পানী খাবলৈ আহোতে গছকিয়েই মাৰিলে ।  আপুনি দয়া কৰি  হ্ৰদলৈ অহা যোৱা কৰিবলৈ আন এটা বাট লওক । আমাৰ জীৱন ৰক্ষা কৰক । সৰু হলেও আমি কেতিয়াবা আপোনাৰ কামত আহিম । "
        নিগনিটোৰ কথা শুনি হাতীটোৱে  মনতে ভাবিলে এই সৰু নিগনিবোৰে আমাক কি সহায় কৰিব । কিন্তু ৰজা হাতীটো বৰ দয়ালু আছিল । সেয়ে ৰজাই নিগনিৰ কথামতে হাতীজাকে আন এটা  বাটেৰে অহা যোৱা কৰিব বুলি নিগনিক কথা দিলে । 
         কিছুদিনৰ পাছত ৰজা হাতীটোৰ লগতে আন কেইবাটাও হাতী পানী খাবলৈ হ্ৰদলৈ যাওতেই ফান্দীৰ ফান্দত বান্ধ খাই পৰিল । নিগনিবিলাক সেইফালেদি যাওঁতে হাতীৰ এনে অৱস্থা দেখি লৰালৰিকৈ ফান্দৰ ৰচীবোৰ কুটিবলৈ ধৰিলে । অৱশেষত ৰাতিপুৱা ফান্দীবোৰ আহি পোৱাৰ আগতেই নিগনিবোৰে আটাইবোৰ ৰচী কুটি হাতীবোৰ মুক্ত কৰিলে । তাৰপাছত হাতী আৰু নিগনিবোৰে বহু দিনলৈকে সেই অৰণ্যত সুখে সন্তোষে বাস কৰিলে ।

নীতিশিক্ষা: সৰু হলেও কাকো কেতিয়াও হেয়জ্ঞান কৰিব নালাগে ।