কাছ আৰু তাৰ চলংখন (শ্ৰীলংকাৰ সাধু)


এদিনাখনৰ কথা । সেইদিনা সৃষ্টিকৰ্তা ভগৱান ব্ৰহ্মাৰ বিয়া । বিয়াৰ বাবে ব্ৰহ্মাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো প্ৰাণীকে নিমন্ত্ৰণ কৰিলে ।
    সমগ্র জীৱ জন্তু ,চৰাই চিৰিকটি ,সৰীসৃপ প্ৰাণী কোনোৱেই বাদ নপৰিল,সকলো আহি নিৰ্দিষ্ট সময়ৰ আগতেই আহি বিয়াত উপস্থিত হ'লহি ‌। স্বয়ং সৃস্টিকৰ্তাৰ বিয়া, নাহিবনো কিয় ?  কিন্তু কাছহে বিয়াত বহু পলমকৈ আহি পালে । কাছ আহি পোৱাৰ লগে লগে ব্ৰহ্মাই সুধিলে," তই সময়ৰ মূল্য একেবাৰে বুজি নাপাৱ দেই , আমি তোৰ বাবে বহু সময় অপেক্ষা কৰিব লগা হ'ল । এতিয়া কচোন তোৰ দেৰি হ'ল কিয় ? " 
    কাছই অলপ সময় তলমূৰ কৰি সেমেনাসেমেনিকৈ কলে, "প্ৰভু,এই অভাগীৰ দায় দোষ ক্ষেমিব ,মই ঘৰতেই আছিলো । ঘৰৰপৰা ওলাওতেই মই দেৰিকৈ ওলাইছো । ঘৰখন মোৰ অতিকৈ প্ৰিয় । মোৰ বাবে ঘৰখন এৰি অহাটো বৰ টান কাম , লাগিলে সি সাধাৰণ পঁজাই হওঁক ।"
      কাছৰ কথাত ব্ৰহ্মাই আচৰিত হৈ কলে," কি ক'লি তই ? মোৰ প্ৰাসাদতকৈও  দুৰ্গন্ধময় পিতনিত থকা তোৰ ঘৰখনহে বেছি ভাল হ'ল ?"
       কাছই বিয়ালৈ আহি এনেকুৱা পৰিস্থিতিত পৰিব বুলি ভবাই নাছিল । নভবা নিচিন্তাকৈ উত্তৰটো দি কাছই নিজকে বৰ চতুৰ বুলি প্ৰমাণ কৰিব খুজিছিল । পিছে কাছৰ কথাত ব্ৰহ্মাৰ খঙে চুলিৰ আগ পালেগৈ ।
           তেতিয়া ব্ৰহ্মাই কলে, "অহংকাৰী কাছ, মোৰ কথা শুন । যিহেতু মোৰ নিমন্ত্ৰণতকৈ তই তোৰ ঘৰখনক বেছি গুৰুত্ব দিলি,গতিকে আজিৰেপৰা সদায় তোৰ ঘৰখন তোৰ পিঠিত লাগি থাকিব ।"
       সেইদিন ধৰি  কাছই পিঠিত তাৰ ঘৰখন কঢ়িয়াই লৈ ফুৰিব লগা হ'ল , যিখনক আমি কাছৰ চলং বুলি কওঁ ।