ব্ৰাহ্মণ, চোৰ আৰু ৰাক্ষস


        এসময়ত এখন দেশত এজন ব্ৰাহ্মণ আছিল । এদিনাখন এজন ভক্তই পোৱালিৰে সৈতে এজনী গাইগৰু ব্ৰাহ্মণক দান দি গ'ল । ভক্তজন গুচি যোৱাৰ পাছত ব্ৰাহ্মণে গাই আৰু পোৱালিক চোতালতে বান্ধি কোমল ঘাঁহ আনি খাবলৈ দিলে ‌। 
       সেইদিনা এটা চোৰে ৰাস্তাৰে যাওঁতে ব্ৰাহ্মণৰ ঘৰৰ চোতালত পোৱালিৰে সৈতে গাইজনী বান্ধি থোৱা দেখা পালে । সেয়ে সি সেইদিনা ৰাতিয়েই ব্ৰাহ্মণৰ ঘৰত গৰু চুৰ কৰাৰ বাবে সাজু হ'ল ।
      ৰাতি হাতত সাৰে ভৰিত সাৰে চোৰ আহি ব্ৰাহ্মণৰ ঘৰৰ পদূলিৰে সোমাই আহিল । এনেতে চোৰে ব্ৰাহ্মণৰ ঘৰৰ চোতালৰ কাষত থকা আম গছ এজোপাৰ তলত এটা বিৰাট ৰাক্ষস থিয় হৈ থকা দেখা পালে । চোৰে ৰাক্ষসটোৰ ওচৰলৈ আহি সুধিলে, "তুমি কোন,?" সি কলে, মই ৰাক্ষস সত্যবচন, মই বৰ ভোকত আছো । আজি ব্ৰাহ্মণক খাবলৈ মই ইয়ালৈ আহিছো ।"
     তেতিয়া চোৰে কলে, "মই ক্ৰুৰকৰ্ম,মই ব্ৰাহ্মণৰ ঘৰৰ গৰু চুৰ কৰিবলৈ আহিছোঁ । " এইদৰে চোৰ আৰু ৰাক্ষসে কথা পাতি থকা সময়ত ব্ৰাহ্মণ দুৰ্ঘোৰ টোপনিত লালকাল হৈ আছিল । চোৰ আৰু ৰাক্ষস লাহে লাহে ব্ৰাহ্মণৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল । 
        ঘৰলৈ সোমাই আহি ৰাক্ষসে কলে , "ভোকত মই ৰ'ব নোৱাৰা হৈছো  । প্ৰথমে মই ব্ৰাহ্মণক খাই লও । মোক এতিয়া খাবলৈ দিয়া ‌।"
    চোৰে কলে, "প্ৰথমতে মই গৰু চুৰ কৰি লৈ যাওঁ, নহলে ব্ৰাহ্মণে সাৰ পাই যাব ।
   তেতিয়া ৰাক্ষসে কলে, "গৰুৱে হেম্বেলিয়ালে মোৰ একো লাভ নহব ।" দুয়ো এনেদৰে তৰ্কাতৰ্কি কৰি থাকোতেই ব্ৰাহ্মণে সাৰ পালে । ব্ৰাহ্মণে উঠি বহাৰ লগে লগে চোৰে কলে," হে ব্ৰাহ্মণ, এই ৰাক্ষসটোৱে আপোনাক খাব খুজিছে ।" 
    তেতিয়া ৰাক্ষসে কলে, "এই চোৰটোৱে আপোনাৰ গৰু চুৰ কৰিবলৈ আহিছে । "
       সিহঁতৰ কথা শুনি ভয়তে ব্ৰাহ্মণে ৰাক্ষসক খেদিবৰ কাৰণে ইস্ট দেৱতাক স্মৰণ কৰিবলৈ ধৰিলে । মুহূৰ্ততে ৰাক্ষস অদৃশ্য হৈ পৰিল । এইবাৰ ব্ৰাহ্মণে এডাল লাঠি লৈ চোৰক খেদা মাৰি আহিল । ব্ৰাহ্মণৰ খেদাত চোৰে পলাই পত্ৰং দিলে ‌। চোৰ আৰু ৰাক্ষসক খেদি ব্ৰাহ্মণে পুনৰ নাক বজাই শুই থাকিল ।

উপদেশ: তোমাৰ শত্ৰুৰ মাজত কাজিয়া হলে তোমাৰেই লাভ ।