নিগনি আৰু ভেকুলী
এসময়ত এটা নিগনি আৰু এটা ভেকুলী খুব বন্ধু ভাল আছিল । দিনটোৰ বেছিভাগ সময় সিহঁত দুটাই একেলগেই থাকি ভাল পাইছিল । লাহে লাহে সিহঁতে ইটোৱে সিটোৰ লগ এৰি থাকিব নোৱাৰা অৱস্থা হ'ল । নিগনিয়ে যেতিয়া খাদ্য বিচাৰি ওলাই যায় ,সেইখিনি সময়ত ভেকুলীৰ বৰ দুখ লাগে । একেদৰে ভেকুলীয়ে যেতিয়া খাদ্য বিচাৰি পুখুৰীত নামে সেইখিনি সময়ত নিগনি বৰ অকলশৰীয়া হৈ পৰে । সেয়ে দুই বন্ধুয়ে এটা উপায় চিন্তিলে । সিহঁতে এডাল ৰছী আনিলে । ৰছীডালৰ এটা মূৰ ভেকুলীৰ এখন ঠেঙত আৰু আনটো মূৰ নিগনিৰ এখন ঠেঙত বান্ধি ললে । এতিয়া দুয়ো আতৰত থাকিব লগা হলে ৰছীডাল টান মাৰি দিলে ইটোৱে সিটোৰ ওচৰতে থকা যেন অনুভৱ কৰে ।
এদিনাখন ভেকুলীয়ে আহাৰ বিচাৰি পুখুৰীৰ পানীৰ বহুত তললৈ গুচি গ'ল । তাৰ ঠেংখন নিগনিৰ ঠেঙৰ লগত বান্ধি থোৱা কথাটো সেই সময়ত সি পাহৰি থাকিল । ভেকুলীটো পানীৰ বেছি তললৈ গুছি যোৱাৰ লগে লগে ৰছীডালৰে টান খাই থকা নিগনিটোও পানীত সোমাই ডুবি গ'ল । পানীত ডুবি নিগনিটো লগে লগে মৰি থাকিল ।
সেই সময়তে এটা ঈগল ওপৰেদি উৰি যাওঁতে মৰা নিগনিটো দেখা পালে । ঈগলটো তললৈ নামি আহি ঠোঁটেৰে মৰি থকা নিগনি লৈ উৰা মাৰিলে । ঈগলটো অলপ দূৰত গৈ গছ এজোপাত বহি নিগনিটো খাবলৈ লৈ ৰছীডালৰ সিটো মূৰত ভেকুলীটো লাগি থকা দেখা পালে । একেলগে দুটা চিকাৰ পাই ঈগলৰ মনত বৰ আনন্দ লাগিল । নিগনি আৰু ভেকুলীৰে সেইদিনা ঈগলৰ ডাঙৰ ভোজ হ'ল ।
সেইদৰে নিজৰ মূৰ্খামিৰ বাবেই দুই বন্ধুয়ে একেলগে মৃত্যুক সাৱটি ললে ।