গৌতম বুদ্ধৰ জীৱনৰ এটি কাহিনী
ভ্ৰমণৰত অৱস্থাত এখন গাঁৱত গৌতম বুদ্ধই পদাৰ্পণ কৰিলে ৷
এগৰাকী সুন্দৰী মহিলাই তেওঁক প্ৰশ্ন কৰিলে - আপুনি দেখিবলৈ ৰাজকুমাৰৰ দৰে সুপুৰুষ ৷ এই কম বয়সতে আপুনি কিয় সন্ন্যাস ধৰ্ম ল'লে ?
বুদ্ধদেৱে উত্তৰ দিলে - মানুহ কিয় বৃদ্ধ হয়, কিয় ৰোগগ্ৰস্ত হয় আৰু কিয় মৃত্যুমুখত পৰে - সেই ৰহস্যৰ উত্তৰ পাবলৈয়ে মই এই ৰূপ ধাৰণ কৰিলোঁ ৷
উত্তৰত মহিলাগৰাকী সন্তুষ্ট হ'ল আৰু গৌতম বুদ্ধক নৈশ আহাৰৰ বাবে আমন্ত্ৰণ জনাই ঘৰলৈ গ'লগৈ ৷
গাঁৱখনৰ মানুহবিলাকে কব ধৰিলে - সেইগৰাকী নাৰী চৰিত্ৰহীনা ৷ আপুনি তাইৰ ঘৰলৈ যোৱা উচিত নহব ৷ গাঁৱৰ গাওঁবুঢ়াই ৰাইজৰ কথাত হয়ভৰ দিলে ৷
তেতিয়া বুদ্ধদেৱে গাওঁবুঢ়াক ওচৰলৈ মাতিলে আৰু এখন হাতত ধৰি ক'লে - এতিয়া হাত চাপৰি বজোৱাচোন ৷ গাওঁবুঢ়াই ক'লে - সেইটো অসম্ভৱ কথা ৷ এখন হাতেৰে তালি কেনেকৈ বাজিব ?
বুদ্ধদেৱে উত্তৰ দিলে - গাঁৱৰ কোনো পুৰুষ চৰিত্ৰহীন নহলে মহিলাগৰাকী কেনেকৈ চৰিত্ৰহীনা হব পাৰে ?
গৌতম বুদ্ধৰ উত্তৰ শুনি সভাৰ সকলো গাঁৱবাসী লজ্জানত হ'ল ৷