বুধিয়ক নাপিত
এসময়ত এখন দেশত এখন বৰ ঘন অৰণ্য আছিল । সেই অৰণ্যত নানা প্ৰজাতিৰ সৰু বৰ জীৱ জন্তুৱে বাস কৰিছিল । এদিনাখন এটা নাপিতে সেই অৰণ্যৰ মাজেদি গৈ আছিল । কৰ'বাত ডাঙৰ জন্তুৰ মুখত পৰাৰ ভয়ে ভয়ে নাপিত আগবাঢ়ি গৈ আছিল । এনতে এটা মস্ত সিংহ আহি নাপিতৰ সন্মুখত থিয় দিলেহি । বুকুত সাহস বান্ধি নাপিতে সিংহৰ সন্মুখত থিয় দিলে আৰু কলে, "অ', তুমি ইয়াতে আছা,মই তোমাক বহুত দিনৰ পৰাই বিচাৰি হাবাথুৰি খাই ফুৰিছো ।"
নাপিতৰ কথাত সিংহ আচৰিত হ'ল আৰু কলে, "তুমি মোক বিচাৰি ফুৰাৰ কাৰণটোনো কি ?"
তেতিয়া নাপিতে উত্তৰ দিলে, "ৰজাই মোক দুটা সিংহ ধৰি নিবলৈ আদেশ দিছিল আৰু মই ইতিমধ্যে এটা সিংহ ধৰিলো । আৰু এতিয়া তোমাক পালো যেতিয়া ভালেই হ'ল ।" কথাখিনি কৈয়েই নাপিতে সিংহটোৰ ফালে এখন আইনা দেখুৱাই দিলে । সিংহটোৱে আইনাত নিজৰ প্ৰতিবিম্ব দেখা পাই তাকে নাপিতে ধৰি অনা আনটো সিংহ বুলি ভাবিলে । সেয়ে সিংহই নিজৰ জীৱন বচাবলৈ প্ৰাণটাকি দৌৰ মাৰিলে । আৰু বুধিয়ক নাপিতে নিৰাপদে নিজৰ ৰাস্তাত গুছি গ'ল ।