এজন খৰিকটীয়া আৰু জলদেৱতা
এসময়ত এখন দেশৰ এখন গাঁৱত এজন বৰ দুখীয়া খৰিকটীয়া আছিল । সম্পত্তি বুলিবলৈ তেওঁৰ এখন মাত্ৰ কুঠাৰ আছিল । খৰিকটীয়াৰ গাঁৱৰ নিচেই কাষতে এখন নদী আছিল । নদীৰ পাৰত থকা এখন হাবিত সেই কুঠাৰখনেৰেই খৰি কাটি তেওঁ জীৱিকা নিৰ্বাহ কৰিছিল । সেয়ে কুঠাৰখন তেওঁৰ বৰ মৰমৰ আছিল ।
এদিনাখনৰ কথা । খৰিকটীয়াই হাবিত খৰি কাটি থাকোতে খুব পিয়াহ লাগিল । হাতত কুঠাৰখন লৈয়েই তেওঁ নদীত পানী খাবলৈ নামিল । হঠাতে খৰিকটীয়াৰ হাতৰপৰা কুঠাৰখন নদীৰ পানীত পৰি থাকিল । বহু সময় কষ্ট কৰি বিচৰাৰ পিছতো খৰিকটীয়াই কুঠাৰখন বিচাৰি নাপালে ।
মৰমৰ কুঠাৰখন বিচাৰি নাপাই খৰিকটীয়াই নদীৰ পাৰত বহি হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে । নদীত থকা জলদেৱতাই খৰিকটীয়াৰ কাণ্ড কাৰখানা লক্ষ্য কৰি আছিল । অলপ সময়ৰ পিছত জলদেৱতা আহি তেওঁৰ সন্মুখত আবিৰ্ভাৱ হ'ল । জলদেৱতাই তেওঁৰ কি হৈছে বুলি সোধাত তেওঁ সকলো কথা বিৱৰি ক'লে ।
খৰিকটীয়াৰ কথা শুনি জলদেৱতাই লগে লগে পানীত জাঁপ দিলে আৰু এখন সোণৰ কুঠাৰ লৈ আহি তেওঁক দিলে । খৰিকটীয়াই সেই খন তেওঁৰ কুঠাৰ নহয় বুলি ক'লে । জলদেৱতাই আকৌ এবাৰ পানীত বূৰ মাৰি এখন ৰূপৰ কুঠাৰ লৈ আহিল । সেইখনো খৰিকটীয়াই তেওঁৰ নহয় বুলি ক'লে । তেতিয়া দেৱতাই পুনৰ পানীত বুৰ মাৰি এখন সাধাৰণ লোৰ কুঠাৰ লৈ আহিল । জলদেৱতাই লোৰ কুঠাৰখন খৰিকটীয়াৰ হাতত দিয়াত তেওঁ বৰ আনন্দ পালে আৰু হাঁহিমুখে সেইখন গ্ৰহণ কৰিলে ।
জলদেৱতাই খৰিকটীয়াৰ সাধুতা দেখা পাই অতিশয় মুগ্ধ হ'ল । তেওঁৰ সাধুতাত সন্তুষ্ট হৈ জলদেৱতাই তিনিওখন কুঠাৰ খৰিকটীয়াক দি অন্তৰ্ধান হ'ল ।
নীতিশিক্ষা : সাধুতাই উত্তম উপায় ।