কৃপণ নিজাম (অন্ধ্ৰপ্ৰদেশৰ সাধু)


         এসময়ত অন্ধ্ৰপ্ৰদেশৰ শাষণকৰ্তা আছিল নিজাম মীৰ উচমান আলি খান । তেওঁৰ শাষণকালত দেশৰ যথেষ্ঠ উন্নতি সাধন হৈছিল । তেওঁৰ আমোলতে হায়দৰাবাদত উচমানিয়া ইউনিভাৰ্চিটি, হাই ক'ৰ্ট,লাইব্ৰেৰী আদি স্থাপন হৈছিল । "নিজাম সাগৰ" নামৰ পুখুৰী এটাও তেৱেঁই খন্দাইছিল । পিছে এইজনা নিজাম চাহেব ব্যক্তিগত জীৱনত অতিশয় কৃপন আছিল । তেওঁ পিন্ধা কাপোৰবোৰ ফাটি যোৱালৈকে ব্যৱহাৰ কৰিছিল । অথচ সেই সময়ত তেওঁ সমগ্ৰ পৃথিৱীৰ ভিতৰতে এজন ধনী মানুহ আছিল ।  অগাধ সম্পত্তি, ধন- সোণ, মণি- মুকুতা,টকা- পইচাৰে তেওঁৰ ৰাজভঁৰাল ঠাহ খাই আছিল । 
           অতিথি সকলৰ ওচৰতো তেওঁ কৃপনালি দেখুৱাবলৈ সংকোচ বোধ নকৰিছিল । আনৰপৰা মূল্যবান বস্তু গ্ৰহণ কৰিবলৈ তেওঁ খুব ভাল পাইছিল । পিছে আনক তেওঁ কোনোদিনে একো বস্তু উপহাৰ দি পোৱা নাই । সেই সময়ৰ তেওঁ এজন বিখ্যাত কৃপণ আছিল ‌। 
       এদিনাখন চুবুৰীয়া দেশৰ এজন ৰজা তেওঁক লগ কৰিবলৈ আহিল ‌। কথা প্ৰসংগত নিজামে গম পালে যে সেই ৰজাৰ দেশখন বিশুদ্ধ ঘিউৰ বাবে বিখ্যাত । সেয়ে নিজামে ৰজাক ক'লে, "আপোনাৰ দেশ বিশুদ্ধ ঘিউৰ বাবে বিখ্যাত । গতিকে অনুগ্ৰহ কৰি আপুনি মোলৈ কিছু ঘিউ পঠিয়াই দিব ।"
             ৰজা নিজ দেশলৈ ঘূৰি গৈ নিজামলৈ যথেষ্ট বিশুদ্ধ ঘিউৰ টিন পঠিয়াই দিলে । লগে লগে নিজামে ঘিউখিনি ভৰাঁলত থৈ দিলে । কৃপণ নিজামে ঘিউখিনি আনক খাবলৈ দিয়া দূৰৰে কথা, নিজেও নাখালে । 
        কিছুদিনৰ পাছত ঘিউবোৰ লাহে লাহে বেয়া হবলৈ ধৰিলে । এই খবৰ নিজামক দিয়া হ'ল যদিও নিজামৰ কাণষাৰেই নাই । যেতিয়া গেলা ঘিউৰ গোন্ধে সকলোকে অতীষ্ঠ কৰি তুলিলে মন্ত্ৰীয়ে নিজে নিজামক খবৰ দিবলৈ আহিল । কিন্তু নিজাম ইমানেই কৃপণ আছিল যে তেওঁ ওলোটাই মন্ত্ৰীক ক'লে, "যোৱা, সোনকালে ঘিউখিনি মন্দিৰ আৰু বজাৰত বিক্ৰী কৰি দিয়া ।" দুৰ্গন্ধ ওলোৱা ঘিউখিনি কোনেনো কিনিব তাকে ভাবি মন্ত্ৰী বিপাঙত পৰিল । ইফালে বিক্ৰী নকৰিলেও নিজামৰ খং উঠিব । অৱশেষত বহুতো ভবা চিন্তা কৰি মন্ত্ৰীয়ে ঘিউখিনি মনে মনে নৰ্দমাত পেলাই দিলে । মন্ত্ৰীয়ে নিজৰ হাতৰ টকাকেই নিজামক দি ক'লে, "লওক মহাৰাজ,ঘিউখিনি বিক্ৰী কৰি এইখিনি মূল্য পালোঁ ।" ঘিউখিনিৰ উচিত মূল্য পাই নিজাম অতি সুখী হ'ল আৰু পুৰষ্কাৰ স্বৰূপে লগে লগে মন্ত্ৰীজনক পদোন্নতি দিলে ।

নীতিশিক্ষা : মানুহ মিতব্যয়ী হব লাগে কিন্তু নিজামৰ দৰে কৃপণ হব নালাগে ।