অহংকাৰীৰ পতন
এসময়ত এখন দেশৰ এখন ঘন অৰণ্যত এটা সিংহ আছিল । খুব হিংস্ৰ এই সিংহটো সেই অৰণ্যৰ জন্তুবিলাকৰ ৰজা আছিল । সিংহই অৰণ্যৰ মাজত গম্ভীৰভাবে ৰজাৰ নিচিনাকৈ ঘূৰি ফুৰে । । অৰণ্যৰ জন্তুবিলাকে তাক বৰ ভয় কৰে । তাক দেখাৰ লগে লগে ভয়তে জন্তুবিলাকে মূৰ দোঁৱাই বাট এৰি দিয়ে । জন্তুবিলাকে তাক সমীহ কৰা দেখিলে সি বৰ গৌৰৱবোধ কৰে ।
এদিনাখনৰ কথা । সিংহই নদীৰ পাৰত ৰজাৰ দৰে তহল দি আছে । সিংহক দেখাৰ লগে লগে নদীত পানী খাই থকা জন্তুবিলাকে ভয়তে পলাই পত্ৰং দিলে । তেনেতে এটা চৰাইয়ে ম'হ এটাই ভোঁ ভোঁ শব্দ কৰি উৰি ফুৰা দেখা পালে । চৰাইয়ে কলে, 'অ'ই মূৰ্খ,তইযে এনেদৰে ভোঁ ভোঁৱাই আছ , দেখা নাই বনৰ ৰজা এইফালে আহি আছে? তোক এনেকৈ পালে ৰজাই মোহাৰি মাৰি থব ।"
ম'হটোৱে কলে, "ৰজা আহিছে আহিবলৈ দিয়া, মই হলে কাকো ভয় নকৰো । মই মোৰ ইচ্ছামতে উৰি ফুৰিম ।" সিংহৰ ভয়ত চৰাইটো দূৰলৈ উৰি গুচি গ'ল । কিন্তু ম'হটোৱে আগৰ দৰেই ভোঁ ভোঁ শব্দ কৰি উৰি ফুৰিবলৈ ধৰিলে ।
সোনকালে সিংহ আহি সেই ঠাই পালেহি । ম'হটোৱে ভোঁ ভোঁৱাই থকা শুনি সিংহৰ খঙে চুলিৰ আগ পালেগৈ । সি খঙতে গৰজি উঠি কবলৈ ধৰিলে, "অই মূৰ্খ , তোৰ ইমান সাহ । মই তোক এইমাত্ৰ মোহাৰি মাৰি থম । "
সিংহৰ ধমকিত ম'হে কেৰেপেই নকৰিলে । এইবাৰ ম'হে ভোঁ ভোঁৱাই উৰি সিংহটোৰ বাওঁ কাণৰ ভিতৰত প্ৰৱেশ কৰিলে । সিংহই তাক কাণৰপৰা বাহিৰ কৰিবলৈ চেষ্টা কৰি থাকোতেই ম'হ গৈ সিংহৰ সোঁ কাণত সোমালগৈ ।
অশেষ কষ্ট কৰিও সিংহই ম'হটো ধৰিব নোৱাৰিলে । সেয়ে সি সেই ঠাই এৰি লৰালৰিকৈ তাৰ চোঙৰ ফালে খোজ দিলে । ম'হটোৱে সিংহক চোঙলৈ ঘূৰি যোৱা দেখা পাই বৰ ফূৰ্তি পালে । সি মনতে ভাবিলে, "মই ক্ষুদ্ৰ প্ৰাণী হৈয়ো বনৰ ৰজাক খেদি পঠালো । গতিকে আজিৰপৰা ময়েই এই অৰণ্যৰ ৰজা । "
সেইদিনাৰপৰা ম'হটো খুব অহংকাৰী হৈ পৰিল আৰু কালৈকো ভয় নকৰা হ'ল । আগতকৈ সি বেছি ওপৰলৈ আৰু বেগাই উৰিবলৈ আৰম্ভ কৰিলে । এদিনাখন সি এজোপা ডাঙৰ গছৰ ডালৰ মাজলৈ উৰি গ'ল । তাতে এটা মকৰাই জাল বান্ধি থৈছিল । ম'হটো গৈ মকৰাৰ জালত লাগি ধৰিল । জালৰপৰা মুক্ত হবলৈ সি বহুত কষ্ট কৰিলে । পিছে তাৰ সকলো কষ্ট বৃথা হ'ল । সোনকালে মকৰাটো আহি পাই ম'হক খাই পেলালে ।
উপদেশ: অহংকাৰেই পতনৰ মূল