সোণৰ টেকেলি
এবাৰ এখন দেশৰ এজন ৰজাই এখন অভিনৱ প্ৰতিযোগিতা পাতিবলৈ মনস্থ কৰিলে । সেয়ে তেওঁ এটা বিশেষ দিন ঠিক কৰি মিছা কথা কোৱাৰ প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিলে । যেয়ে এই প্ৰতিযোগিতাত বিজয়ী হব তেওঁক দহ টেকেলি সোণৰ মুদ্ৰা দিয়া হব বুলি ৰজাই ঘোষণা কৰিলে ।
নিৰ্দিষ্ট দিনত মিছা কথা কোৱা এই প্ৰতিযোগিতাখন আৰম্ভ হল । দূৰ দূৰণিৰ পৰা মানুহ আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে । কোনোৱে ক'লে বোলে তাৰ জন্মৰ সময়ত হেনো স্বৰ্গৰ দেৱতা আহি আশীৰ্বাদ দি গ'ল । কোনোৱে ক'লে তাৰ মাকৰ হেনো এটা সন্তান হাতী হৈ জন্ম পাইছিল । কোনোৱে ক'লে তাৰ ঘৰৰ মন্দিৰলৈ হেনো এটা সাপ সদায় গাখীৰ খাবলৈ আহে । এনেদৰে বিভিন্নজনে বিভিন্ন মিছা কথা ক'লে যদিও ৰজা হলে অলপো সন্তুষ্ট নহ'ল ।
এনেতে এটা ছালছিগা ভিখহু মিছা কথা ক'বলৈ আহিল । ভিক্ষাৰীক দেখা পাই সকলোৱে ফিচিঙাফিচিং কৰি ক'বলৈ ধৰিলে, " ইমান কেইজন গুণীমানি পণ্ডিতে ৰজাক সন্তুষ্ট কৰিব পৰা নাই ই আকৌ কোন কূটা ।" ভিক্ষাৰীয়ে ৰজাক প্ৰণাম জনাই ক'লে, "মহাৰাজ, আপুনি অনুমতি দিলে এই অভাজনেও এবাৰ চেষ্টা কৰি চাব পাৰো ।" এই ছালছিগা ভিখহুটোৱেনো কি কব পাৰিব এনেদৰে মনতে ভাবি ঈসৎ হাঁহি মাৰি ৰজাই কলে, " ঠিক আছে , তুমি কি কব খুজিছা কব পাৰা ।"
ৰজাৰ আদেশ পাই ভিক্ষাৰীয়ে কবলৈ ধৰিলে, "আগৰ জনমত মই এই ৰাজ্যৰ ৰজা আছিলো আৰু আপুনি আছিল মোৰ দৰে ছালছিগা ভিখহু । তেতিয়া আপুনি এবাৰ মোৰপৰা দহ টেকেলি সোণৰ মুদ্ৰা ধাৰে লৈছিল আৰু কৈছিল, এই জনমত নোৱাৰিলেও অহা জনমত হলেও এই ধাৰ পৰিশোধ কৰিম । এতিয়া আপুনি মোক সেই ধাৰ পৰিশোধ কৰক । "
ভিক্ষাৰীৰ কথা শুনি ৰজাৰ খঙে মূৰৰ চুলি ৰ আগ পালেগৈ । খঙতে ৰজাই কলে, " হবই নোৱাৰে, এয়া সম্পূৰ্ণ মিছা কথা ।" ভিক্ষাৰীয়ে তেতিয়া কলে, "আপুনি মোৰ কথাখিনি মিছা বুলি প্ৰমাণ কৰিলে । গতিকে মিছা কথা কোৱাৰ প্ৰতিযোগিতাত বিজয়ী ঘোষণা কৰি এতিয়া আপুনি মোক দহ টেকেলি সোণৰ মুদ্ৰা দিয়ক । আৰু যদি মোৰ কথাখিনি সঁচা বুলি ভাবিছে তেনেহলে মোক মোৰ প্ৰাপ্য দহ টেকেলি সোণ দি বিদায় দিয়ক ।"
ৰজাই অলপ সময় চিন্তা কৰি চালে- "হয়তো, মিছা বুলি ক'লেতো পাবই, সঁচা বুলি ক'লেও ভিক্ষাৰীজনেই দহ টেকেলি সোণৰ মুদ্ৰা পাব । "
অৱশেষত ৰজাই ভিক্ষাৰীজনৰ বুদ্ধিৰ শলাগ লৈ দহ টেকেলি সোণৰ মুদ্ৰাৰে পুৰষ্কৃত কৰি সসন্মানে বিদায় দিলে ।
উপদেশ : নিজকে জ্ঞানী বুলি ভাবি আনক কেতিয়াও অৱজ্ঞা কৰিব নালাগে ।