এলেহুৱাৰ সপোন


         এখন চহৰত এজন বৰ এলেহুৱা মানুহ আছিল । এলেহুৱা হলেও সি অনবৰতে সপোন ৰাজ্যত বিচৰণ কৰি থাকে । দিনটো কাম বন নকৰি অবাবত সময় নষ্ট কৰা এই মানুহটোৱে ৰাতিটোৰ ভিতৰতে ধনী হৈ যোৱাৰ সপোন দেখে । ৰাতি ধনী হোৱাৰ সপোন দেখিলে কি হব, ৰাতি পুৱালেই সি হাতত মোনা এখন লৈ ভীক্ষা মাগি ফুৰে । 
          এদিনাখন সি ভীক্ষা মাগি ৰাস্তাৰে গৈ থাকোতে এটা প্ৰাসাদোপম অট্টালিকা দেখা পালে । সেইদিনা সেই ঘৰটোৰ গৰাকীজনে ভীক্ষাৰীক আহাৰ বিতৰণ কৰি আছিল । সেই সময়তে সি সেইখিনি পোৱাত সিও তাৰ ভীক্ষাৰ পাত্ৰটো আহাৰ লবলৈ আগবঢ়াই দিয়ে । এনে সুন্দৰ খাদ্য সি জীৱনত কেতিয়াও দেখাই পোৱা নাই । সি খাদ্যখিনি শান্তিৰে খাবৰ মনেৰে এজোপা ডাঙৰ গছৰ তলত ভালদৰে বহি ললে । খাদ্যৰ বাতিটো তাৰ কাষতে থানঠিত লগাই থৈ সি সপোন দেখিবলৈ আৰম্ভ কৰিলে ।
            সপোনতে সি দেখা পালে যে সেই দেশৰ ৰজাৰ একমাত্ৰ কন্যাই হাতত বৰমাল্য লৈ তাৰ ফালে আগবাঢ়ি আহি আছে । তাৰ চাৰিওফালে বহি থকা সুন্দৰ সুঠাম যুবকক নেওচি ৰাজকন্যাই তাৰ ডিঙিত বৰমাল্য অৰ্পন কৰে ‌। এই সপোনটো দেখি থাকোতেই আনন্দতে সি চিঞৰি চিঞৰি দুয়ো হাত জোকাৰি কবলৈ ধৰে , "মোৰ যে কি ভাগ্য,এই দেশৰ ৰাজকন্যাৰ লগত আজি মোৰ বিয়া হব আৰু ময়েই ভৱিষ্যতে এই দেশৰ ৰজা হম ।" সপোনতে হাত জোকাৰি থাকোতেই তাৰ হাতখন বাতিটোত লাগি বাতিত থকা সুস্বাদু খাদ্যখিনি মাটিত পৰি থাকিল । 
      খকামকাকৈ সম্বিত ঘূৰাই পাই অনৰ্থক সপোন দেখি তাৰ খাদ্যখিনি অপচয় হোৱা বাবে সি মনত বৰ দুখ পালে ।

উপদেশ :  মূৰ্খইহে আকাশত চাং পাতে ।