কুৰুক্ষেত্ৰ - মহাসমৰ


             অতি পুৰণি কালত হস্তিনাপুৰত চন্দ্ৰবংশীয় ৰজাসকলে ৰাজত্ব কৰিছিল । এই বংশত ধৃতৰাষ্ট্ৰ আৰু পাণ্ডু নামৰ দুই ৰাজকুমাৰৰ জন্ম হয় । ধৃতৰাষ্ট্ৰ পাণ্ডুতকৈ বয়সত ডাঙৰ আছিল  যদিও জন্মান্ধ হোৱা বাবে ভায়েক পাণ্ডু ৰাজসিংহাসনত বহে ।
           পাণ্ডুৰ কুন্তী আৰু মাদ্ৰী নামৰ দুগৰাকী মাদৈ আছিল । যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ নামৰ পাণ্ডুৰ পাঁচজন পুত্ৰ আছিল ‌। এওঁলোকক পঞ্চ-পাণ্ডৱ বুলি কোৱা হৈছিল । ‌ আনহাতে ধৃতৰাষ্ট্ৰৰ দুৰ্যোধন, দুঃশাসন আদি এশ পুত্ৰৰ জন্ম হৈছিল । এওঁলোকক কৌৰৱ বুলি কোৱা হয় । পাণ্ডৱসকল সত্যবাদী আৰু ধৰ্মপৰায়ণ আছিল । যুধিষ্ঠিৰ অতি ধাৰ্মিক, ভীম মহা বাহুবলী লগতে গদা যুদ্ধত পাকৈত আৰু অৰ্জুন ধনু যুদ্ধত পাকৈত আছিল । মহাৰাজ পাণ্ডুৰ অকাল বিয়োগ হোৱাত কোঁৱৰসকলৰ ভিতৰত জেষ্ঠ যুধিষ্ঠিৰক ৰাজপাটত বহুৱাবলৈ আয়োজন কৰে ।
          কৌৰৱসকল আছিল অতি হিংসাকুৰীয়া স্বভাৱৰ । এওঁলোকৰ জেষ্ঠ দুৰ্যোধনে যুধিষ্ঠিৰ ৰজা হব বুলি শুনি মোমায়েক শকুনিৰ পৰামৰ্শ মতে পঞ্চ- পাণ্ডৱক হস্তিনাপুৰৰ পৰা খেদি পঠিয়ালে ‌। 
       পাণ্ডৱসকলে বহুদিন অনাই বনাই ফুৰাৰ পাছত ধৃতৰাষ্ট্ৰই তেওঁলোকক মতাই আনে । ধৃতৰাষ্ট্ৰই ৰাজ্যখন দুভাগ কৰি  হস্তিনাপুৰত  দুৰ্যোধনক আৰু ইন্দ্ৰপ্ৰস্থত যুধিষ্ঠিৰক শাষণ কৰিবলৈ দিয়ে ‌‌। যুধিষ্ঠিৰ পুনৰ ৰজা হোৱাত দুৰ্যোধন হিংসাত জ্বলি পুৰি দুৰ্বুদ্ধি শকুনিৰ  পৰামৰ্শমতে যুধিষ্ঠিৰক পাশা খেলিবলৈ মাতিলে । এই পাশা খেলত যুধিষ্ঠিৰে ধন, ৰাজ্য সকলো হেৰুৱালে । শেষত বাৰ বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাসৰ পণ হ'ল ‌।
        নানা ঘাত প্ৰতিঘাতৰ মাজেৰে পঞ্চ- পাণ্ডৱে বাৰ বছৰ বনবাস আৰু এবছৰ অজ্ঞাত বাস পাৰ কৰি নিজ ৰাজ্য ঘূৰাই পোৱাৰ আশাত যুধিষ্ঠিৰে দুৰ্যোধনৰ ওচৰলৈ দূত পঠিয়ালে । পিছে বিনা যুদ্ধই বেজীৰ আগত উঠি অহা জোখৰ মাটিও নিদিও বুলি দুৰ্যোধনে দূতক ঘূৰাই পঠালে ।
           যুদ্ধ কৰিবলৈ ইচ্ছা নথকা সত্বেও অৱশেষত যুধিষ্ঠিৰে যুদ্ধ কৰিবলৈ সন্মতি প্ৰদান কৰিলে । ভাৰতৰ প্ৰায় সকলো ৰজাই এই যুদ্ধত কিছুমানে পাণ্ডৱৰ পক্ষে আৰু কিছুমানে কৌৰৱৰ পক্ষে যুদ্ধত অৱতীৰ্ণ হয় । এই যুদ্ধত পাণ্ডৱৰ সাৰথি আছিল শ্ৰীকৃষ্ণ । এই যুদ্ধত হাতী,ঘোৰা, সৈন্য - সামন্ত কিমান যে মৰিল তাৰ কোনো সীমা- সংখ্যা নাই । কৃষ্ণৰ উপদেশমতে যুজঁ কৰি অৱশেষত পাণ্ডৱে এই যুদ্ধত জয়লাভ কৰে ।
          কুৰুক্ষেত্ৰ নামৰ এখন ঠাইত এই বিশাল যুদ্ধখন হৈছিল । ঠাইখনৰ নাম অনুসৰি এই যুদ্ধখনৰ নাম হয় কুৰুক্ষেত্ৰ - মহাসমৰ ।