ৰাৱণ বধ
প্ৰাচীন কালত লংকা ধনে - সোণে, মণি- মুক্তাৰে উভৈনদী আছিল । সেই কাৰণে সেই সময়ত লংকাক স্বৰ্ণ - লংকা বুলি কৈছিল ।
এসময়ত ৰাক্ষসৰ ৰজা ৰাৱণ লংকাৰ অধিপতি আছিল । ৰাৱণৰ এজন ভায়েক বিভীষণ বৰ ধাৰ্মিক আৰু ৰামভক্ত আছিল । আন এজন ভায়েক কুম্ভকৰ্ণ মহা বাহুবলী আছিল । ৰাৱণ বৰ ক্ষমতাশালী আৰু অহংকাৰী ৰজা আছিল ।
সেই সময়ত অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ ৰামে পিতৃবাক্য পালন কৰি বনবাসত আছিল । ৰামৰ লগত ভাতৃ লক্ষ্মণ আৰু পত্নী সীতাইও পঞ্চবটী বনত ফল- মূল খাই জীৱিকা নিৰ্বাহ কৰি বনবাস খাটিছিল । এদিনাখন ৰাৱণৰ ভনীয়েক শূৰ্পনখাই এই বনলৈ আহি ৰাম - লক্ষ্মণৰ লগত কাজিয়া কৰে । লক্ষ্মণে খঙতে শূৰ্পনখাৰ নাক- কাণ কাটি পেলায় ।
শূৰ্পনখাই লংকালৈ ঘূৰি গৈ ৰাৱণৰ আগত সকলো কথা বিবৰি ক'লে । ভনীয়েকক কৰা অপমানৰ পোটক তুলিবলৈ ৰাৱণে মাৰিচক লগত লৈ পঞ্চবটী পালেহি । ৰাৱণৰ চক্ৰান্ত মতে মাৰিচে সোণৰ হৰিণৰ ৰূপ লৈ ৰামৰ কুটীৰৰ ওচৰতে তহল দি ফুৰিবলৈ ধৰিলে ।
সোণৰ হৰিণটো সীতাই দেখা পাই সেইটো জীয়াই জীয়াই ধৰি আনি দিবলৈ ৰামক নেৰানেপেৰাকৈ ধৰিলে । অৱশেষত সীতাৰ কথা পেলাব নোৱাৰি ৰামে সোণৰ হৰিণটো ধৰিবলৈ বুলি পিছে পিছে খেদি গ'ল । হৰিণটো বহু দূৰ আগুৱাই যোৱাত ৰামে হৰিণৰ ফালে এপাত কাঁড় নিক্ষেপ কৰিলে । লগে লগে ৰাৱণে শিকাই দিয়া মতে সি চিঞৰিবলৈ ধৰিলে, "ভাই লক্ষ্মণ, মোক ৰক্ষা কৰা ।" ৰামে লক্ষ্মণক তেওঁ ঘূৰি নহালৈকে সীতাৰ ৰখীয়া কৰি থৈ গৈছিল । কিন্তু ৰামৰ মাত শুনাৰ লগে লগে সীতাই লক্ষ্মণক ৰামৰ ওচৰলৈ যাবলৈ কাতৰ অনুৰোধ কৰে । অনিচ্ছা স্বত্বেও লক্ষ্মণে সীতাক অকলে এৰি থৈ যাবলৈ বাধ্য হয় । এই সুযোগতে ৰাৱণে সীতাক হৰণ কৰি ৰথত তুলি লংকালৈ গুচি যায় ।
ৰাম- লক্ষ্মণে ঘূৰি আহি সীতাক নেদেখি শোকত ম্ৰিয়মাণ হৈ পৰে । দুয়ো সীতাক বিচাৰি ঘূৰি ফুৰোতে বাটতে জটায়ু পক্ষীক লগ পায় । জটায়ু পক্ষীৰ পৰা তেওঁলোকে ৰাৱণে সীতাক হৰণ কৰি লৈ যোৱাৰ কথা জানিব পাৰে ।
সীতাক বিচাৰি চলাথ কৰি ৰাম - লক্ষ্মণ বান্দৰৰ দেশত উপস্থিত হয় । ৰামে বান্দৰৰ ৰজা সুগ্ৰীৱৰ লগত মিত্ৰতা কৰে । সুগ্ৰীৱৰ লগতে হনুমান, জাম্বৱান আদি বীৰৰ লগ হৈ ৰামে বান্দৰৰ সহযোগত সাগৰত সেতু বান্ধি লংকালৈ গ'ল ।
লংকাত বিভীষণে ৰামক সহায় কৰিবলৈ আগবাঢ়ি আহে । লংকাত ৰাম - ৰাৱণৰ মাজত তুমুল যুদ্ধ হ'ল । ৰাৱণ পুত্ৰ ইন্দ্ৰজিতকে আদি কৰি এই যুদ্ধত ৰাৱণ সবংশে নিধন হ'ল । ৰাৱণ বধৰ পাছত ৰামে সীতাক উদ্ধাৰ কৰি লৈ আহিল ।