কাউৰীৰ দুখ
এখন দেশৰ এটা হ্ৰদত এটা খুব ধুনীয়া ঢক্ ঢক্ কৈ বগা ৰাজহাঁহে বাস কৰিছিল । হ্ৰদটোৰ কাষতে এজোপা ওখ গছৰ ডালত এটা কাউৰীয়ে বাঁহ সাজিছিল । হ্ৰদটোলৈ যিয়ে আহে সিয়েই হ্ৰদত সাতুৰি নাদুৰি থকা ধুনীয়া ৰাজহাঁহটো দেখা পাই ৰাজহাঁহৰ সৌন্দৰ্যৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । কিন্তু কোনেও গছৰ ডালত থকা ক'লা কাউৰীৰ ফালে এবাৰো নাচায় ।
ৰাজহাঁহক এনেদৰে প্ৰশংসা কৰা শুনি শুনি গছৰ ডালত থকা ক'লা কাউৰীটোৰ মনত বৰ দুখ লাগে । এদিনাখন কাউৰীয়ে ৰাজহাঁহক ক'লে,"তুমি ইমান ধুনীয়া, তোমাৰ সমান সুখী পক্ষী এই পৃথিৱীত দ্বিতীয়টো নাই ।" ৰাজহাঁহে উত্তৰ দিলে, "তুমি মোকহে ধুনীয়া দেখিলা, ভাটৌলৈ নোচোৱা কিয়? মোৰ এটাহে ৰং, দুটাকৈ ৰঙৰ ভাটৌহে আটাইতকৈ সুখী চৰাই ।"
এইবাৰ কাউৰী গৈ ভাটৌৰ ওচৰ পালেগৈ আৰু ক'লে, "তুমি ইমান ধুনীয়া, এই পৃথিৱীত তুমিয়েই আটাইতকৈ সুখী চৰাই ।" কাউৰীৰ কথা শুনি ভাটৌয়ে ক'লে , "এয়া তুমি কি কথা কৈছা, ময়ূৰলৈ চোৱাচোন , বিভিন্ন ৰঙেৰে ৰঙীন ময়ূৰ কি যে ধুনীয়া । এই পৃথিৱীৰ ভিতৰতে আটাইতকৈ সুখী পক্ষী হৈছে ময়ূৰ ।"
ভাটৌৰ কথা শুনি কাউৰীয়ে এখন চিৰিয়াখানাত থকা এটা ময়ূৰৰ ওচৰলৈ গ'ল । ভিন্ন ৰঙী ময়ূৰলৈ চাই কাউৰীয়ে ক'লে, "তুমি বৰ ভাগ্যৱান । প্ৰতিদিনে হাজাৰ হাজাৰ মানুহে তোমাক চাবলৈ আহে । মোক দেখিলে সকলোৱে মুখ ঘূৰাই দিয়ে । ভগৱানে তোমাক ইমান ৰূপ দিছে, তুমিয়েই এই পৃথিৱীৰ আটাইতকৈ সুখী চৰাই ।"
কাউৰীৰ কথা শুনি ময়ূৰে উত্তৰ দিলে, "মোৰ ৰূপেই মোৰ বাবে দুৰ্ভাগ্য আনিছে ,যাৰ বাবে মই সদায় চিৰিয়াখানাত বন্দী হৈ থাকিবলগীয়া হৈছে । মই ভাবো কাউৰীয়েই আটাইতকৈ সুখী চৰাই । কিয়নো কাউৰীক কোনেও বন্দী কৰি নথয় । মই যদি কাউৰী হলোহেতেন কিমান যে মুক্ত মনে মই উৰি ফুৰিব পাৰিলোহেতেন ।"
নীতিশিক্ষা : নিজৰ যি আছে তাকে লৈ সন্তুষ্ট হৈ থাকিবলৈ শিকিব লাগে ।