ৰাজহাঁহ আৰু কাউৰী


         এসময়ত এখন দেশত এখন গভীৰ অৰণ্য আছিল ‌। অৰণ্যখনৰ একাষেৰে মানস সৰোবৰ নামৰ এখন নদী বৈ গৈছিল । অৰণ্যৰ আনটো কাষত এজোপা ডাঙৰ বটগছ আছিল । সেই গছজোপাতে এটা কাউৰীয়ে বাহ সাজি আছিল ‌। কাউৰীটোৱে সদায় গছৰ ডালত বহি কা- কা কৈ চিঞৰি থাকে । 
     গ্ৰীষ্মকালৰ এদিন দুপৰীয়া দুটা ৰাজহাঁহ বটগছজোপাৰ তলত জিৰণি লবলৈ আহিল । প্ৰচণ্ড গৰমত গছৰ ছাঁত বহি সিহঁতৰ দেহ শাত পৰি গ'ল ‌। সেই সময়তে কাউৰীটো আহি সিহঁতক ক'লে, 'হেৰা বন্ধু, তোমালোক ক'ৰপৰা আহিছা ? তোমালোকে গছৰ তলত এনেদৰে বহি আছা কিয় ? ' ৰাজহাঁহদুটাই নম্ৰভাবে উত্তৰ দিলে, 'আমি বহু দূৰৰ মানস সৰোবৰ নদীৰ পৰা আহিছো । কিছু সময় জিৰণি লৈ আমি গুচি যাম ।' 
          কাউৰীয়ে জানে যে ৰাজহাঁহে তাৰ সমান উৰিব নোৱাৰে । তাতে আকৌ ঢক্ ঢক্ কৈ বগা ৰাজহাঁহক ক'লা কাউৰীয়ে বৰ হিংসা কৰে । গতিকে ৰাজহাঁহক লাজত পেলাবলৈ কাউৰীয়ে এটা বুদ্ধি পাঙিলে । সি ৰাজহাঁহক ক'লে, 'আমি তিনিওটাই  উৰণ প্ৰতিযোগিতা পাতো, কেনে হব?' ইচ্ছা নথকা সত্বেও কাউৰীৰ কথাত সন্মান জনাই ৰাজহাঁহ দুটাই প্ৰতিযোগিতাৰ বাবে সন্মতি প্ৰদান কৰে । 
        যথা সময়ত প্ৰতিযোগিতা আৰম্ভ হ'ল । প্ৰথমতেই কাউৰীয়ে খুব বেগাই উৰিবলৈ ধৰিলে । গতিকে কাউৰীটো ৰাজহাঁহতকৈ বহুত আগবাঢ়ি গ'ল ।  কিছু সময়ৰ পাছতে তাৰ খুব ভাগৰ লাগিল । জিৰণি লোৱাৰ বাবে ইফালে সিফালে চাই ক'তো এডাল গছ দেখা নাপালে । কেউফালে পানী আৰু পানী । কাউৰীয়ে উৰি থকা আকাশখনৰ তলত এটা ডাঙৰ হ্ৰদ । জিৰণি লবলৈ সুবিধা নাপাই অৱশেষত সি পানীত পৰি থাকিল । কিছু সময়ৰ পাছতেই ৰাজহাঁহ দুটাই সেইখিনি পাই দেখে যে কাউৰীটো পানীত পৰি আছে । লৰালৰিকৈ ৰাজহাঁহ দুটাই পানীত নামি কাউৰীক পিঠিত উঠাই হ্ৰদৰ পাৰলৈ লৈ আহে । ৰাজহাঁহৰ সহায়ৰ বাবেই কাউৰীৰ জীৱন ৰক্ষা পৰে । কাউৰীৰ অহংকাৰৰ বাবেই সি মৃত্যুমুখত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল । কাউৰীৰ এই অহংকাৰৰ কথা জানিও ৰাজহাঁহে কাউৰীক মৃত্যুমুখৰপৰা উদ্ধাৰ কৰে । 

উপদেশ : তুমি যদি জানা যে তুমি কিবা বিশেষ কামত পাৰ্গত, তাৰবাবে কেতিয়াও অহংকাৰ কৰিব নালাগে ।