বুধিয়ক কণ্টকৰাম
এসময়ত এখন হাবিত এটা কেটেলা পহু আছিল । তাৰ নাম আছিল কণ্টকৰাম । মাক দেউতাকে তাক বৰ মৰম কৰিছিল । মাক দেউতাকে সদায় হাবিৰ পৰা মিঠা মিঠা ফলমূল বিচাৰি আনি কণ্টকৰাম খাবলৈ দিছিল । এদিনাখন তাৰ মাক দেউতাকৰ বৰ অসুখ হ'ল । কেইবাদিনো সিহঁতে হাবিত ফলমূল আনিবলৈ যাব নোৱাৰিলে । কণ্টকৰাম ভোকত থাকিব নোৱৰা হ'ল । মাকে কণ্টকৰামক মাতি আনি ক'লে , "বোপাই, হাবিৰ সিটো মূৰত নাচপতিৰ গছ আছে । তই তালৈকে গৈ কেইটামান নাচপতি খাই আহগৈ যা ।"
কণ্টকৰামে ক'লে, "তোমালোকৰো ভোক লাগিছে । তোমালোকে কি খাবা ?"
মাকে ক'লে, "গা ভাল পালে আমিও খাই আহিম । এতিয়া তয়ে খাই আহগৈ যা ।"
মাকৰ কথা শুনি কণ্টকৰামৰ বৰ দুখ লাগিল । মাক দেউতাকে সদায় কষ্ট কৰি আনি তাক খুৱায় । এতিয়া বেমাৰী মাক দেউতাকক এৰি সি অকলে কোনটো সতেৰেনো খাব । ভাবি ভাবি সি গৈ নাচপতি গছৰ তল পালেগৈ । সি দেখা পালে গছত ডাল ভৰি ভৰি নাচপতি লাগি আছে । বহুকেইটা পকা নাচপতি গছৰ তলতো সৰি পৰি আছে । সি ভাবিলে, সি বাৰু পেট ভৰাই খাই মুখতে কামুৰি এটা দেউতাকলৈ লৈ যাব পাৰিব । কিন্তু মাকে কি খাব ।
হঠাতে তাৰ মনত এটা বুদ্ধি খেলালে । তলত সৰি থকা নাচপতিবোৰ গোটাই সি এঠাইত থুপ খুৱালে । তাৰপাছত সি তাৰ কাঁইটবোৰ মেলি ধৰি নাচপতিবোৰৰ ওপৰত ওলোটাকৈ বাগৰি দিলে । লগে লগে চাৰিটা নাচপতি তাৰ কাঁইটত শালি ধৰিলে । তেনেকৈয়ে পিঠিত নাচপতিবোৰ লৈ সি কেকো- জেকোকৈ ঘৰ পালেগৈ । ঘৰত মাক দেউতাকৰ সৈতে তিনিও উদৰ পূৰাই নাচপতি খালে । কণ্টকৰামৰ বুদ্ধি দেখি মাক দেউতাকে বৰ সন্তোষ পালে ।