পৰিক্ষীতৰ ব্ৰহ্মশাপ


           এসময়ত পৰিক্ষীত নামৰ এজন চক্ৰৱৰ্তী ৰজা আছিল । এবাৰ ৰজা চিকাৰ কৰিবলৈ বনলৈ গ'ল । হাবিৰ মাজত চিকাৰ কৰি ঘূৰি ফুৰি ৰজাৰ খুব পিয়াহ লাগিল । তাতেই আছিল শমীক মুনিৰ আশ্ৰম । ৰজা গৈ শমীক মুনিৰ আশ্ৰম পালেগৈ । সেই সময়ত শমীক মুনি চকু মুদি  ধ্যানমগ্ন হৈ আছিল । মুনিৰ ওচৰলৈ গৈ ৰজাই পানী খুজিলে । কিন্তু ৰজাৰ কথা  ধ্যানমগ্ন হৈ থকা মুনিৰ কাণত নপৰিল । তেতিয়া ৰজাই ভাবিলে যে ধ্যান কৰাৰ ভাও জুৰি মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে । খঙত একো নাই হৈ ৰজাই ওচৰতে পৰি থকা এডাল মৰা সাপ ধনুখনৰ এমূৰেৰে ডাঙি মুনিৰ ডিঙিত মেৰিয়াই দিলে । শমীক মুনিয়ে কিন্তু একো গমকে নাপালে । তেওঁ একান্তমনে ঈশ্বৰক আৰাধনা কৰিয়েই থাকিল । 
        শমীক মুনিৰ পুতেকৰ নাম শৃংগী । শৃংগীৰ লগৰীয়া এজনে তেওঁক গৈ ক'লে, "কোনোবা এজন ৰজাই তোমাৰ পিতৃৰ ডিঙিত এডাল মৰা সাপ মেৰিয়াই গুচি গৈছে । ধ্যানমগ্ন হৈ থকা তোমাৰ পিতৃয়ে একো গমকে পোৱা নাই ।" শৃংগীয়ে সেই কথা শুনি দৌৰি  পিতৃৰ ওচৰ পালেগৈ । ৰজাৰ এনে কাণ্ড  দেখা পাই শৃংগী খঙত অগ্নিশৰ্মা হৈ পৰে । শৃংগীয়ে কৌষিকী নদীৰ পানী স্পৰ্শ কৰি ৰজাক সাতদিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিলে । তাৰপাছত শমীক মুনিৰ কাষত পুত্ৰ শৃংগী উপস্থিত হ'ল । ইতিমধ্যে শমীক মুনি ৰ ধ্যান ভাঙিল । পুত্ৰৰ মুখেৰে মুনিয়ে হৈ যোৱা সমস্ত ঘটনাৰ কথা  জানিব পাৰিলে । সৰু দোষ এটিৰ বাবে  পুত্ৰ শৃংগীয়ে ৰজাক অভিশাপ দিয়াৰ কথা জানিব পাৰি শমীক মুনিয়ে মনত বৰ বেজাৰ পালে । পুত্ৰক বুজালে যে ৰজা অবিহনে দেশত অৰাজকতাৰ সৃষ্টি হব । চোৰ ডকাইতৰ উৎপাত বাঢ়িব আৰু দেশৰ শাষণযন্ত্ৰ অচল হৈ পৰিব । গতিকে প্ৰায়শ্চিত্ত হিচাপে তেওঁ নিজে  কৃষ্ণৰ প্ৰাৰ্থনাত ৰত হ'ল । শমীক মুনিয়ে ৰজাৰ দোষক তুচ্ছজ্ঞান কৰি  পুত্ৰৰ কাৰ্যৰ বাবেহে অনুশোচনা প্ৰকাশ কৰিলে।

নীতিশিক্ষা : জ্ঞানী ব্যক্তিয়ে আনৰ মহত্ব আৰু নিজৰ দোষহে প্ৰথমে উপলব্ধি কৰে ।