পৰীক্ষিতৰ ব্ৰহ্মশাপ 1


             পাণ্ডৱ বংশধৰ পৰীক্ষিত এজন জনহিতৈষী ৰজা আছিল । শমীক মুনিৰ পুত্ৰ শৃংগীয়ে তেওঁৰ পিতৃৰ ডিঙিত ৰজা পৰীক্ষিতে এডাল মৰা সাপ মেৰিয়াই দি গুচি যোৱাত মনত বৰ দুখ পালে আৰু অপমান বোধ কৰিলে । খঙতে তেওঁ ৰজাক এইবুলি অভিশাপ দিলে- 'যিজন ৰজাই দম্ভ কৰি মোৰ ধ্যানমগ্ন পিতৃদেৱতাৰ ডিঙিত মৰা সাপ মেৰিয়াই দিলে আজিৰপৰা সাতদিনৰ ভিতৰত তেওঁক তক্ষক সাপে দংশন কৰি মাৰক ।'
      মুনিৰ ধ্যান ভংগ হোৱাৰ পাছত তেওঁৰ পুত্ৰই ৰজাক অভিশাপ দিয়া বুলি জানি মনত বৰ দুখ পালে ‌। লগে লগে মুনিয়ে ৰজাৰ ওচৰলৈ মানুহ পঠিয়াই খবৰটো ৰজাক জনালে । মুনিপুত্ৰৰ অভিশাপৰ কথা শুনি ৰজা ভয়তে কঁপিবলৈ ধৰিলে । ৰাজপৰিয়াল তথা সমূহ প্ৰজাগণ দুখত ম্ৰিয়মান হৈ পৰিল । কি উপায়েৰে ৰজাক এই বিপদৰপৰা উদ্ধাৰ কৰিব পাৰি সকলোৱে তাকেই চিন্তা কৰিবলৈ ধৰিলে । বুধিয়ক মন্ত্ৰীৰ পৰামৰ্শমতে এটা বৰ ওখ ভেটি কৰি তাৰ ওপৰত লোহাৰ এটা ঘৰ সজা হ'ল । ক'তো এটা ফুটা নথকাকৈ ঘৰৰ বেৰবোৰ মজবুত কৰা হ'ল । ঘৰটোৰ চাৰিওসীমাত ইটাৰে গড় সাজি দিয়া হ'ল । গড়ৰ ওপৰত ভগা কাঁঁচৰ টুকুৰা এনেদৰে লগাই দিয়া হ'ল যাতে সাপ সেইফালেদি পাৰ হ'ব খুজিলে কাঁচত লাগি কটা যায় । গড়ৰ বাহিৰফালে সৰ্পগন্ধা গছ ৰুই দিয়া হ'ল যাতে সেইবোৰৰ গোন্ধত সাপ ভয়তে পলাই যায় ।  ইয়াৰ উপৰিও গড়ৰ চাৰিওফালে হাতত যাঠি- জোং লৈ দিনে ৰাতিয়ে পহৰীয়াৰ ব্যৱস্থা কৰা হ'ল ‌।
         ৰজাই বিশ্বাসী মন্ত্ৰী- পৰিসদ লগত লৈ সেই ঘৰটোত থাকিল । এনেদৰে ছয়দিন সুকলমে পাৰ হ'ল । সপ্তম দিনা সন্ধিয়া সময় । সকলোৰে মনত বৰ ফূৰ্তি । আৰু মাত্ৰ কেইটামান ক্ষণ পাৰ হৈ গ'লেই ৰজা ঋষিৰ শাপৰপৰা মুক্ত হ'ব ‌। ঠিক সেই সময়তে কেইজনমান বামুণ ৰজাক দেখা কৰিবলৈ আহিল । তেতিয়াৰ দিনত ৰজাই বামুণসকলক বৰ শ্ৰদ্ধা কৰিছিল । বামুণসকল ৰজাৰ ওচৰলৈ যাবৰ বাবে কাৰো অনুমতি ল'ব নালাগিছিল । গতিকে বামুণসকলে ৰজাৰ বাবে হাতত কিছু ফলমূল লৈ চিধাই ৰজাৰ ওচৰ পালেগৈ । তেওঁলোকক দেখাৰ লগে লগে ৰজাই আসনৰপৰা উঠি সম্ভাষণ জনালে । বামুণসকলে ৰজাক আশীৰ্বাদ দি লগত অনা ফলকেইটি ৰজাৰ হাতত দি বিদায় ল'লে ।
        বাহিৰত প্ৰজাগণ আনন্দত উত্ৰাৱল হৈ আছে । কাৰণ ৰজা ঋষিৰ শাপৰপৰা মুক্ত হ'বলৈ আৰু মাত্ৰ কেইটামান ক্ষণহে বাকী । ৰজাই নিজেও শাপৰপৰা উদ্ধাৰ পোৱা বুলি ভাবিলে । সেয়ে বামুণ কেইজনে উপহাৰ দিয়া কেইটামান ফল ৰজাই লগত থকা মন্ত্ৰী- পৰিষদক ভগাই খাবলৈ দি নিজেও এটা ফল কাটি খাবলৈ ধৰিলে । তেনেতে ৰজাই ফলটোৰ ভিতৰত এটা অকণমান পোক দেখা পালে । ৰজাই পোকটো ফলটোৰপৰা গুচাই হাতত লোৱাৰ লগে লগে পোকটোৱে এডাল প্ৰকাণ্ড সাপৰ ৰূপ ধাৰণ কৰি ৰজাৰ মূৰত খোঁট মাৰি দিলে । কেইমুহূৰ্তমানৰ পাছতে ৰজাৰ মৃত্যু হ'ল । এনেকৈ শৃংগী ঋষিৰ অভিশাপত ৰজা পৰীক্ষিতে অকালতে মৃত্যুবৰণ কৰিছিল । 
         ৰজাক দেখা কৰিবলৈ অহা বামুণ কেইজন প্ৰকৃত বামুণ নাছিল । সিহঁত প্ৰকৃততে তক্ষক নামৰ বিষাক্ত সাপৰ লগৰীয়া হে আছিল । সাপৰ ৰূপত সিহঁতে ৰজাৰ ওচৰলৈ যাব নোৱাৰি বামুণৰ বেশ ধৰি ৰজাৰ নিছিদ্ৰ কোঠাত প্ৰৱেশ কৰিছিল । ফলৰ ভিতৰত সোমাই থকা সেই অকণমান পোকটোৱেই আছিল বিষাক্ত তক্ষক সাপ । পোকৰূপী তক্ষকে ৰজাক দংশন কৰাৰ বাতৰি লগে লগে সমগ্ৰ ৰাজ্যত বিয়পি পৰিল । ৰজাৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যত হাহাকাৰ লাগি যায় । কেউফালে কান্দোনৰ ৰোল উঠিল । সকলোৱে মিলি ৰাজকীয় সন্মানেৰে ৰজাৰ মৃতদেহ সৎকাৰ কৰিলে । ৰজা পৰীক্ষিতৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুত্ৰ জন্মেজয় ৰজা হয় ।