উপমন্যুৰ গুৰুভক্তি

 
        এসময়ত অৱন্তী নগৰ ( বৰ্তমান কাশী) ত আয়োদধৌম্য নামৰ এজন ঋষি আছিল । সেই সময়ত শিষ্যসকলে গুৰুগৃহত থাকি বিদ্যা অৰ্জন কৰিব লাগিছিল । ঋষি আয়োদধৌম্যৰ আৰুনি, উপমন্যু আৰু বেদ নামৰ তিনিজন শিষ্য আছিল । তেওঁলোকক গুৰুৱে বৰ আদৰ যত্ন কৰি লিখা -পঢ়া শিকাইছিল । শিষ্যসকলে গুৰুৰ ঘৰত শিক্ষা- দীক্ষা লোৱাৰ উপৰিও খেতি-বাতি কৰা, গৰু- গাই পোহা, খৰি বিচাৰি অনা আদি সকলো ঘৰুৱা কামত গুৰুক সহায় কৰিব লাগিছিল ।
         গুৰুগৃহত উপমন্যুৰ প্ৰধান কাম আছিল গৰু চৰোৱা । ৰ'দ, বতাহ, বৰষুণ সকলোকে আওকাণ কৰি উপমন্যুই বহুদিন গৰু চৰাইছিল । উপমন্যু ৰাতিপুৱাই গৰু চৰাবলৈ যায় আৰু সন্ধিয়া সময়ত গুৰু গৃহলৈ উভতি আহে । এবাৰ গুৰুৱে পৰীক্ষা চাবৰ বাবে কেইদিনমানৰ বাবে উপমন্যুক লগত খোৱাবস্তু একো নিদিয়াকৈ গৰু চৰাবলৈ দিয়ে । দুদিনমান পাছত গুৰুৱে লক্ষ্য কৰিলে দিনত একো নোখোৱাকৈ থকাৰ পাছতো উপমন্যু আগতকৈ বেছ তজবজীয়াহে হৈ পৰিছে । সেয়ে এদিন গুৰুৱে তেওঁক সুধিলে, "বোপা, তুমি দেখোন বৰ স্বাস্থ্যবান হৈ পৰিছা, দিনত তুমি কি খোৱা ?"
        উপমন্যুয়ে ক'লে, "মই গৰুবোৰ হাবিত ঘাঁহ খাবলৈ এৰি দি ওচৰৰ গাঁৱত ভীক্ষা কৰিবলৈ যাওঁ । ভীক্ষা কৰি যি পাওঁ তাকেই খাই পেটৰ ভোক নিবাৰণ কৰো ।" 
       উপমন্যুৰ কথা শুনি গুৰুৱে ক'লে, "মোৰ ঘৰত থাকি তুমি ভীক্ষা কৰিছা, গতিকে সেই বস্তু মোৰ প্ৰাপ্য । আজিপৰা ভীক্ষা কৰা বস্তুবোৰ তুমি মোক দিবা, তুমি নাখাবা ।"
       সেইদিনাৰপৰা উপমন্যুয়ে খুজি-মাগি পোৱা সকলোখিনি গুৰুক দিবলৈ ল'লে । তথাপি তেওঁৰ চেহেৰা একেই থাকিল । গুৰুৱে আকৌ এদিন তেওঁক মাতি সুধিলে, "উপমন্যু, তুমি নিশ্চয় দিনত কিবা খোৱা নহয়নে ?"
        উপমন্যুয়ে ক'লে ,"গুৰুদেৱ, মই ভোকত ৰ'ব নোৱাৰি গাইবোৰ খীৰাই গাখীৰ খাওঁ ।" 
      গুৰুৱে ক'লে, "গাইৰ গাখীৰ পোৱালিৰ বাবেহে । তুমি বৰ অন্যায় কৰিছা, আজিৰপৰা এনে কাম নকৰিবা ।"
          গুৰুৰ কথা মতেই উপমন্যুই গাখীৰ খাবলৈও এৰিলে । দিনটো লঘোণে থাকি উপমন্যু শুকাই খীণাই যাবলৈ ধৰিলে । ভোকত ৰ'ব নোৱাৰি এদিন তেওঁ আকণ গছৰ পাত খাই দিলে । আকণৰ পাতত বিষ থকাৰ কথা তেওঁ নাজানিছিল । পেটৰ ভোকত আকণৰ পাত খাই উপমন্যুই চকুৰে নেদেখা হ'ল । খেপিয়াই খেপিয়াই গৰু খেদি খেদি গুৰুগৃহলৈ আহি থাকোতে তেওঁ এটা নাদত সোমাই পৰিল । 
       সময়মতে উপমন্যু ঘূৰি নহাত গুৰু বৰ চিন্তাত পৰিল । গৰুবোৰ ঘৰ পাইছে অথচ উপমন্যু আহি পোৱা নাই । গুৰুৱে ভাবিলে যে বেচেৰা লঘোণে থাকি দুৰ্বল হৈ কিজানি ক'ৰবাত মুৰ্চ্ছা গৈ পৰি আছে । তাকে ভাবি তেওঁ শিষ্যকেইজনমানক লগত লৈ উপমন্যুক বিচাৰি গ'ল ‌। বাটে বাটে তেওঁ "বোপা উপমন্যু, বোপা উপমন্যু " বুলি চিঞৰি গ'ল ‌ । উপমন্যুয়ে আতৰৰপৰা গুৰুৰ চিঞৰ শুনি মাত লগালে , "গুৰুদেৱ মই ভোকত থাকিব নোৱাৰি আকণ পাত খাই দিয়াত চকুৰে দেখা নোপোৱা হৈছো ‌। অনুমান কৰিছো মই নাদৰ ভিতৰত আছো ।"
         অলপ দূৰ গৈয়েই গুৰুৱে নাদটো দেখা পালে । নাদৰ ভিতৰত উপমন্যুক পৰি থকা দেখি গুৰুৱে মনত বৰ দুখ পালে । উপমন্যুয়ে গুৰুৰ বাক্য পালন কৰে নে নাই তাকে পৰীক্ষা কৰি চাবলৈহে গুৰুৱে তেওঁক খাবলৈ বাধা দিছিল । বেচেৰাই গুৰুৰ কথা আখৰে আখৰে পালন কৰা দেখি গুৰু বৰ সন্তুষ্ট হ' ল । তাৰপাছত গুৰুৰ উপদেশ মতে উপমন্যুই দেৱতাসকলৰ বেজ অশ্বিনীকুমাৰক আৰাধনা কৰাত তেওঁ উপমন্যুক নাদৰপৰা তুলি আনি দৃষ্টিশক্তি দান কৰিলে । উপমন্যুৰ গুৰুভক্তিত সন্তুষ্ট হৈ গুৰুৱে তেওঁক সকলো শাস্ত্ৰত পণ্ডিত হ'বলৈ আশীৰ্বাদ দিলে ।   
       গুৰুদেৱে কৰা পৰীক্ষাত উত্তীৰ্ণ হৈ উপমন্যু যথা সময়ত নিজ ঘৰলৈ গ'ল আৰু পাছলৈ  তেওঁ এজন পণ্ডিতৰূপে জগত বিখ্যাত হৈ পৰিল  ।