ধূৰ্ত শিয়াল


      এখন হাবিত এটা বৰ ধূৰ্ত শিয়াল আছিল । এদিনাখন সি হাবিত চিকাৰ বিচাৰি ঘূৰি ফুৰোতে হঠাৎ এটা কুঁৱাত সোমাই পৰিল । অনেক চেষ্টা কৰিও সি কুঁৱাৰপৰা ওলাই আহিব পৰা নাছিল। আতৰৰ পৰা এটা ছাগলীয়ে শিয়ালটো কুঁৱাত পৰি যোৱা দেখি আছিল । ছাগলীয়ে ভাবিলে শিয়ালে নিশ্চয় কিবা ভাল বস্তু দেখা পাই কুঁৱাত জাপ মাৰি দিছে । সেয়ে সি কুঁৱাৰ পাৰলৈ আহি পানীত ডুবি থকা শিয়ালটোক সুধিলে, "হেৰা বন্ধু, তুমি কুঁৱাৰ ভিতৰত সোমাই কি কৰি আছা ?" ধূৰ্ত শিয়ালে এনে এটা সুবিধাৰ বাবেই বাট চাই আছিল । শিয়ালে ক'লে , "এই কুঁৱাটোৰ পানী বৰ মিঠা , সেয়ে মই পানী খাবলৈ আহিলো । তুমি আহিছা যেতিয়া ভালেই হ'ল, আহা তুমিও ইয়াৰ মিঠা পানী খাই যোৱা ।" এইবুলি কৈ ছাগলীক দেখুৱাই শিয়ালে ঢোকে ঢোকে পানী খাবলৈ ধৰিলে । ছাগলীয়ে শিয়ালৰ কথাকেই সঁচা বুলি ভাবি মিঠা পানী খোৱাৰ হেপাঁহত কুঁৱাত জপিয়াই দিলে । ধূৰ্ত শিয়ালে লগে লগে ছাগলীৰ পিঠিত উঠি কুঁৱাৰ পাৰলৈ সহজে উঠি আহিল । 

নীতিশিক্ষা : আনৰ উপদেশ গ্ৰহণ কৰোতে সদায় সাৱধান হব লাগে ।