শ্ৰৱণ কুমাৰৰ সাধু
এসময়ত এহাল অন্ধ দম্পতিৰ শ্ৰৱণ কুমাৰ নামৰ এটি পুত্ৰ সন্তান আছিল । মাক-দেউতাকে চকুৰে দেখা নোপোৱা বাবে তেওঁলোকৰ সকলো কাম শ্ৰৱণে কৰি দিব লগা হৈছিল । তেওঁ মাক - দেউতাকৰ খুব যত্ন লৈছিল আৰু তেওঁলোকৰ প্ৰতিটো কামেই অতি মৰমেৰে নিয়াৰিকৈ কৰি গৈছিল । তেওঁলোকৰ সকলো ধৰণৰ আশা- আকাংক্ষা শ্ৰৱণে পূৰ্ণ কৰিবলৈ বিচাৰিছিল ।
এদিনাখন শ্ৰৱণৰ পিতৃ -মাতৃয়ে শ্ৰৱণৰ আগত তেওঁলোকৰ তীৰ্থভ্ৰমণ কৰাৰ ইচ্ছা থকাৰ কথা জনালে । তাকে শুনি শ্ৰৱণে তেওঁলোকক বহুৱাই নিব পৰাকৈ সমান জোখৰ দুটা পাচি তৈয়াৰ কৰিলে যাতে দুয়োজনকে নিজৰ বাহুত ওলমাই লৈ যাব পাৰে । মাক -দেউতাকে একমাত্র পুত্ৰৰ এই কাৰ্যত বৰ সন্তোষ পালে । যথা সময়ত শ্ৰৱণে মাক-দেউতাকক কান্ধত ওলমাই যাত্ৰা আৰম্ভ কৰিলে । সেই সময়ত আজিকালিৰ দৰে ৰাস্তাৰ সুব্যৱস্থা নাছিল । গতিকে হাবি- জংঘলৰ মাজেদি খোজ কাঢ়ি ভ্ৰমণ কৰিব লাগিছিল । ভ্ৰমণ কালত শ্ৰৱণে হাবিৰ মাজত যি ফলমূল বিচাৰি পাই তাকে আনি মাক-দেউতাকক খাবলৈ দিছিল । এনেদৰে গৈ গৈ তেওঁলোক অযোধ্যাৰ ওচৰৰ এখন হাবি পালেগৈ । হাবিৰ মাজত মাক-দেউতাকৰ খুব পিয়াঁহ লাগিল । শ্ৰৱণে তেওঁলোকক নমাই থৈ এটা পাত্ৰ হাতত লৈ সৰজু নদীৰ পৰা পানী আনিবলৈ গ'ল ।
সেই সময়ত অযোধ্যাৰ ৰজা দশৰথ চিকাৰ কৰিবলৈ আহিছিল । দশৰথে শব্দভেদী বাণ মাৰিব জানিছিল । অৰ্থাৎ চকুৰে নেদেখাকৈ আতৰপৰা অহা শব্দ শুনি সেই শব্দক উদ্দেশ্য কৰি বাণ মাৰিব পাৰিছিল । শ্ৰৱণে নদীৰ পৰা পানী ভৰাবলৈ পাত্ৰটো পানীত ডুবাই দিয়াত বুৰবুৰণিৰ যিটো শব্দ হ'ল সেই শব্দটো ৰজা দশৰথে আতৰৰপৰা হৰিণাই নদীত পানী খাওতে হোৱা শব্দ বুলি ভাবিলে । সেয়ে তেওঁ সেই শব্দক উদ্দেশ্য কৰি কাঁড় মাৰি পঠালে । সেই কাঁড়ে শ্ৰৱণ কুমাৰৰ বুকু ভেদ কৰি গ'ল । এটা কাতৰ আৰ্তনাদ কৰি শ্ৰৱণ কুমাৰ মাটিত ঢলি পৰিল ।
চিঞৰ শুনি ৰজা আহি সেই ঠাইত উপস্থিত হ'ল আৰু বিষত কেকাই থকা নিৰীহ ল'ৰাজনক দেখা পালে । ল'ৰাজনৰ সৰ্বশৰীৰ তেজেৰে লুতুৰি- পুতুৰি হৈ আছে আৰু কাষতে খালী পাত্ৰটো পৰি আছে । দশৰথে নিজৰ ভুল বুজি পাই অনুশোচনাত দগ্ধ হৈ পৰিল । শ্ৰৱণ কুমাৰে চকু মেলি ৰজাক দেখা পাই ক'লে , মোৰ অন্ধ পিতৃ-মাতৃ খুব পিয়াঁহত আছে । মই তেওঁলোকলৈ পানী নিবলৈ আহিছিলোঁ । অনুগ্ৰহ কৰি মোৰ বুকুৰ পৰা কাঁড়পাত উলিয়াই দিয়ক আৰু এই পাত্ৰটোত অলপ পানী লৈ তেওঁলোকক এই দুঃসংবাদ দিয়কগৈ ।
ৰজা দশৰথে অত্যন্ত দুখত কাঁড়ডাল ওলিয়াই দিলে পাত্ৰটোত অলপ পানী লৈ শ্ৰৱণৰ পিতৃ-মাতৃৰ ওচৰত থিয় দিলে । ৰজাই তেওঁৰ দোষ স্বীকাৰ কৰি তেওঁলোকক সকলো কথা বিবৰি ক'লে । ৰজাৰ মুখেৰে একমাত্ৰ পুত্ৰৰ মৃত্যুৰ বাতৰি পাই বৃদ্ধ অন্ধ দম্পতি শোকত বিহ্বল হৈ পৰিল । তেওঁলোকৰ অনুৰোধত ৰজাই দুয়োকে পুত্ৰৰ ওচৰলৈ লৈ আহিল । পিতৃ -মাতৃক দেখা পাই শ্ৰৱণে ক'লে , "তোমালোকে মোৰ বাবে দুখ নকৰিবা । মই তোমালোকৰ সেৱাত ব্ৰতী হৈ স্বৰ্গত স্থান পাইছো । তাতেই মই তোমালোকৰ বাবে অপেক্ষা কৰিম ।" এইবুলি কৈ শ্ৰৱণ কুমাৰে ইহ সংসাৰৰ পৰা বিদায় মাগিলে । পুত্ৰশোক সহ্য কৰিব নোৱাৰি শ্ৰৱণৰ পিতৃ-মাতৃয়ে সৰজু নদীত জাপ দি মৃত্যুবৰণ কৰিলে । মৃত্যুৰ পূৰ্বে তেওঁলোকে ৰজাক এইবুলি অভিশাপ দিলে, "আমি আজি যেনেকৈ পুত্ৰশোকত মৃত্যুবৰণ কৰিবলগীয়া হ'ল ,ঠিক তেনেকৈ তুমিও এদিন পুত্ৰশোকতেই মৃত্যুবৰণ কৰিব লাগিব ।" সঁচাকৈয়ে এদিন দশৰথ পুত্ৰ ভগৱান ৰামচন্দ্ৰ চৈধ্য বছৰ বনবাস খাটিব লগাৰ দুখত ৰজা দশৰথে মৃত্যুবৰণ কৰিব লগা হৈছিল ।