তিনিটা মাছৰ কথা


      বহু বছৰ আগতে  এখন বিলত বিভিন্ন জাতৰ বহুতো মাছ আছিল । তাৰ মাজৰে তিনিটা মাছে বহুদিনৰ পৰা একেলগে বাস কৰিছিল । সেই মাছ তিনিটাৰ নাম আছিল অনাগতবিধাতা, প্ৰত্যুতপন্নমতি, আৰু যদভৱিষ্য । এদিনাখন অনাগতবিধাতাই বিলত সাঁতুৰি থাকোঁঁতে বিলখনৰ কাষেদি গৈ থকা মাছমৰীয়া কেইজনমানে এনেদৰে কথা পাতি থকা শুনিলে, "এইখন বিলত বহুদিন কোনেও মাছ মৰা নাই । ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে । গতিকে কাইলৈ ৰাতিপুৱা সোনকালে এই বিলত মাছ মাৰিবলৈ  আহিব লাগিব ।" 
          বিপদৰ আগজাননী পাই অনাগতবিধাতাই বিলৰ আটাইবোৰ মাছকে মাতি আনি মাছমৰীয়াসকলৰ কথাবোৰ বিবৰি ক'লে, "কাইলৈ পুৱা মাছমৰীয়াসকলে এই বিলৰ মাছবোৰ মাৰি লৈ যাব বুলি কোৱা আমি সকলোৱে নিজ কাণেৰে শুনিছোঁ । গতিকে সময় থাকোতেই আমি সকলোৱে নিজৰ প্ৰাণ বচাবলৈ হ'লে ৰাতিয়েই আন ঠাইলৈ গুচি যাব লাগিব । কিয়নো দুৰ্বলীসকল বলীৰপৰা সদায় আঁঁতৰত আৰু সুৰক্ষিত স্থানত অৱস্থান কৰাটোৱেই মঙ্গল ।" 
        অনাগতবিধাতাৰ কথা শুনি প্ৰত্যুতপন্নমতিয়ে ক'লে, "হয়, তুমি ঠিক কথাই কৈছা । ময়ো এই বিল এৰি অতি সোনকালে ওচৰৰ খাল -বিললৈ গুচি যোৱাটোকেই উচিত হ'ব বুলি ভাবোঁ । যিহেতু ওচৰতে যথেষ্ঠ খাল-বিল আছে ,গতিকে আমাৰ বাচি থকাৰ উপায় আছে । গতিকে পিতৃ- পিতামহৰ বাসস্থান বুলি ইয়াতে হাত সাবটি বহি থকাটো উচিত নহ'ব ।" 
          অনাগতবিধাতা আৰু প্ৰত্যুতপন্নমতিৰ কথা শুনি যদভৱিষ্যই ইতিকিং কৰি ক'লে, "তোমালোকৰ কথা মই হ'লে মানি ল'ব নোৱাৰো । যদি আয়ুস নাথাকে য'তে নাথাকো মৃত্যু হ'বই । আয়ুস থাকিলে  বনত বিসৰ্জন দিয়াজনো বাচি যায় আৰু আয়ুস নাথাকিলে সুৰক্ষিত স্থানত থাকিলেও মৃত্যু হয় । অসুৰক্ষিতজনকো দৈৱ্যই ৰক্ষা কৰে আৰু সুৰক্ষিত হৈ থকাজনকো দৈৱ্যই বিনাশ কৰে । গতিকে পিতৃ-পিতামহৰ এই বিলখন এৰি যোৱা কথাটোৰ কোনো যুক্তি নাই বুলি মই ভাবোঁ । তোমালোকে যি ভাল দেখা তাকেই কৰা । মই হ'লে পিতৃ -পিতামহৰ বাসস্থান এই বিল এৰি নাযাওঁ, মই ইয়াতে থাকিম ।" 
          যদভৱিষ্যৰ এনে আঁকোৰ-গোঁজ কথা অনাগতবিধাতা আৰু প্ৰত্যুতপন্নমতিৰ একেবাৰেই পচন্দ নহ'ল । সেয়ে আন বহুতো মাছৰ সৈতে সিহঁত দুয়ো পৰিয়ালবৰ্গ লৈ সেই বিল এৰি ৰাতিয়েই আন বিললৈ গুচি গ'ল । পিছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে ।  যদভৱিষ্যৰে সৈতে আন বহুতো মাছ মাছমৰীয়াসকলে জালেৰে ধৰি ঘৰলৈ লৈ গ'ল ।
    বিপদ অহাৰ আগতেই অনাগতবিধাতা আৰু প্ৰত্যুতপন্নমতিয়ে সাৱধান হৈ নিৰাপদ ঠাইত অৱস্থান কৰা হেতুকে বহুদিনলৈকে সুখেৰে জীয়াই থাকিল । আনহাতে বিপদৰ কথা জানিও হাত সাবটি থকা যদভৱিষ্যৰ বিনাশ হ'ল ।

নীতিশিক্ষা : সাৱধানৰ মৰণ নাই ।