পক্ষীকুল আৰু মানুহ


       পুৰণি কালত এখন দেশত সৰ্বধনু নামৰ এজন ৰজা আছিল ।  তেওঁ চিকাৰ কৰি খুব ভাল পাইছিল । ধনু-কাঁড় লৈ তেওঁ সদায় চিকাৰ কৰি কপৌ, দহিকতৰা, ডাউক, বনৰীয়া হাঁহ-মূৰ্গী, কণামুচৰি আদি নানা ধৰণৰ চৰাই বধ কৰি তাৰ মঙহ খাইছিল ।  সেই দেশত মধুকৰ নামৰ এজন বৰ সৎ যুৱক আছিল । তেওঁ পশু-পক্ষীক খুব ভাল পাইছিল । ৰজাৰ এই চিকাৰ কৰা অভ্যাস দেখি মধুকৰে মনত বৰ দুখ পালে । সেয়ে এদিন তেওঁ ৰজাৰ ওচৰলৈ গৈ ক'লে, "মহাৰাজ,  আপুনি সদায় এনেদৰে চৰাই মাৰি থকাটো উচিত হোৱা নাই । শইচ নষ্ট কৰিব পৰা কীট-পতংগবোৰ ধৰি খাই এই পক্ষীবোৰে আমাৰ খেতি-বাতি ৰক্ষা কৰি আহিছে । আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু । গতিকে আপুনি চিকাৰ কৰিবলৈ এৰি পেলাওক ।"
         মধুকৰৰ কথাত ৰজাৰ ভীষণ খং উঠিল আৰু তাক সেই ৰাজ্যৰপৰা খেদি পঠিয়ালে । ৰজাই কিন্তু আগৰ দৰেই চিকাৰ কৰি পক্ষী নিধন কাৰ্য অব্যাহত ৰাখিলে । তাৰ বেছিভাগ চৰাই ভয় খাই সেই ৰাজ্য এৰি গুছি গ'ল । লাহে লাহে দেশত চৰাই-চিৰিকটি নোহোৱা হৈ পৰিল । 
     ইফালে মধুকৰে মনৰ দুখত দূৰণিৰ এখন ৰাজ্যলৈ গৈ আশ্ৰয় লৈ আছিল । সেই ৰাজ্যৰ ৰজাজনৰ একেজনীয়েই মাথো ছোৱালী । নাম তাইৰ মাধৱী । মধুকৰৰ স্বভাৱ আৰু সজ আচৰণ দেখা পাই ৰজা মুগ্ধ হৈ পৰিল । সেয়ে তেওঁৰ একমাত্ৰ সন্তান মাধৱীক মধুকৰৰ সৈতে বিয়া পাতি দি মধুকৰক সেই ৰাজ্যৰ ৰজা পাতি দিলে । 
      সৰ্বধনুৰ ৰাজ্যত লাহে লাহে চৰাইৰ সংখ্যা কমি আহিবলৈ ধৰিলে । গতিকে শষ্য অনষ্টকাৰী কীট-পতংগৰ সংখ্যা ইমানেই বেছি হ'ল যে সেইবোৰে পথাৰৰ শষ্য খাই শেষ কৰি পেলালে ‌। গছ-গছনিত পাত নোহোৱা হৈ পৰিল আৰু সকলো শুকাই যাবলৈ ধৰিলে । বৰষুণৰ পৰিমাণ কমি দেশত দুৰ্ভিক্ষই দেখা দিলে । খাদ্যৰ অভাৱত প্ৰজাৰ লগতে ৰজাইও ভীক্ষা কৰিবলৈ বাধ্য হ'ল ।
       ৰজা সৰ্বধনুৱে ভীক্ষা কৰি গৈ গৈ মধুকৰৰ ৰাজ্য পালেগৈ । ৰজা মধুকৰে সৰ্বধনুক চিনি পালে । তেওঁ সৰ্বধনুক ৰাজকাৰেঙলৈ আদৰি লৈ গ'ল আৰু নিজৰ পৰিচয় দি ক'লে, "মহাৰাজ, মই মধুকৰ, আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিয়াৰ বাবে আপুনি মোক ৰাজ্যচ্যুত কৰিছিল । পক্ষীকুল ধ্বংস কৰাৰ ফলত আপোনাৰ এতিয়া এই অৱস্থা ।" এইবুলি ৰজাক বুজনি দি মধুকৰে নিজৰ ৰাজ্যৰপৰা এজাক চৰাই সজাত ভৰাই ৰজা সৰ্বধনুক উপহাৰ দি ক'লে, এই চৰাইজাক আপোনাক দিলোঁ । ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰিব । 
         সৰ্বধনুৱে নিজৰ ভুল বুজি পালে  । তেওঁ মধুকৰে উপহাৰ দিয়া চৰাইজাক সাদৰেৰে গ্ৰহণ কৰিলে আৰু নিজ ৰাজ্যলৈ নি চৰাইজাকক মুকলি আকাশত মেলি দিলেগৈ ।

নীতিশিক্ষা : গছ-গছনি, পশু-পক্ষী অৰ্থাৎ প্ৰকৃতি সংৰক্ষণ হৈ থাকিলেহে মানুহ এই জগতত বৰ্তি থাকিব পাৰে ।