ভক্ত প্ৰহ্লাদ


    মহৰ্ষি কাশ্যপৰ দুই সন্তান আছিল । সিহঁত দুয়ো আছিল অসুৰ । সিহঁতৰ নাম আছিল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ । হিৰণ্যাক্ষ আছিল  দৈত্যসকলৰ ৰজা ।   হিৰণ্যাক্ষই বসুমতীক হৰণ কৰি ৰসাতললৈ লৈ যোৱাত ভগৱান বিষ্ণুয়ে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰে আৰু বসুমতীক উদ্ধাৰ কৰে । হিৰণ্যাক্ষৰ মৃত্যুৰ পাছত ভায়েক হিৰণ্যকশিপুৰ দৈত্যসকলৰ অধিপতি হয় । ভগৱান বিষ্ণুয়ে হিৰণ্যাক্ষক বধ কৰাৰ বাবে  ভায়েক হিৰণ্যকশিপুৰ প্ৰৱল বিষ্ণুবিদ্বেষী হৈ পৰিছিল । ককায়েকৰ হত্যাৰ প্ৰতিশোধ লবৰ বাবে হিৰণ্যকশিপুৰে উপায় চিন্তিবলৈ ধৰিলে । তেওঁ ভাবিলে এই ক্ষেত্ৰত সৃষ্টিকৰ্তা ব্ৰহ্মা প্ৰৱল ক্ষমতাৰ অধিকাৰী । সেয়ে মন্দাৰ পৰ্বতৰ ওপৰত  ভৰিৰ এটা আঙুলিত ভৰ দি দুহাত ওপৰলৈ কৰি আকাশলৈ দৃষ্টি নিৱদ্ধ কৰি তেওঁ  কঠোৰ তপস্যা আৰম্ভ কৰিলে । ছয়ত্ৰিশ হাজাৰ পাঁচশ বছৰ পাছত সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ তপস্যাত সন্তুষ্ট হৈ তেওঁক দৰ্শন দিলে । ব্ৰহ্মাই তেওঁক অমৰত্বৰ বাহিৰে যিকোনো বৰ দিবলৈ ৰাজি হ'ল । চতুৰ হিৰণ্যকশিপুৰে ব্ৰহ্মাক ক'লে, 'হে শ্ৰেষ্ঠ বৰদাতা, আপুনি মোক এনে এটা বৰ দিয়ক যাতে আপোনাৰ সৃষ্ট কোনো জীৱই মোক হত্যা কৰিব নোৱাৰে ; বাসস্থানৰ ভিতৰ বা বাহিৰত অথবা দিন বা ৰাতি কোনো সময়তে মোক কোনেও বধ কৰিব নোৱাৰে । মোক এনে এটা বৰ দিয়ক ভূমি বা আকাশত নাইবা কোনো অস্ত্ৰৰ আঘাতত যাতে মোৰ মৃত্যু নহয় ।' ব্ৰহ্মাই তথাস্তু বুলি কৈ অন্তৰ্ধান হৈ পৰিল । 
             ব্ৰহ্মাৰপৰা বৰ পাই হিৰণ্যকশিপুৰ ইমানেই শক্তিশালী আৰু অত্যাচাৰী হৈ পৰিল যে তেওঁ নিজকে ভগৱান বুলি কবলৈ ধৰিলে ‌।
            হিৰণ্যকশিপুৰে মন্দাৰ পৰ্বতত তপস্যা কৰি থাকোতে ইন্দ্ৰ সহিতে দেৱগণে হিৰণ্যকশিপুৰৰ প্ৰাসাদত আক্ৰমণ কৰে । তেতিয়া দেৱৰ্ষি নাৰদে হিৰণ্যকশিপুৰৰ স্ত্ৰীক ৰক্ষা কৰি তেওঁৰ আশ্ৰমলৈ লৈ যায় আৰু তাতেই হিৰণ্যকশিপুৰৰ স্ত্ৰীৰ প্ৰহ্লাদ নামৰ এটি পুত্ৰ সন্তানৰ  জন্ম হয় । নাৰদৰ ছত্ৰছায়াত থাকি প্ৰহ্লাদ পৰম বিষ্ণুভক্ত হৈ পৰিল । পুত্ৰ প্ৰহ্লাদৰ বিষ্ণুভক্তি দেখি হিৰণ্যকশিপুৰ ইমানেই ক্ষুব্ধ হৈ পৰে যে তেওঁ নিজ পুত্ৰক হত্যা কৰাৰ সিদ্ধান্ত লয় । প্ৰহ্লাদক বধ কৰিবলৈ পিতৃ হিৰণ্যকশিপুৰে বিভিন্ন উপায় অৱলম্বন কৰে ।  কিন্তু যেতিয়াই তেওঁ বালক প্ৰহ্লাদক হত্যা কৰিব বিচাৰে তেতিয়াই বিষ্ণুয়ে মায়াবলেৰে প্ৰহ্লাদৰ প্ৰাণ ৰক্ষা কৰে । হিৰণ্যকশিপুৰে প্ৰহ্লাদক তেওঁকেই ত্ৰিভূৱনৰ অধিকাৰী হিচাপে স্বীকাৰ কৰিবলৈ কয় । কিন্তু প্ৰহ্লাদে এই কথা অস্বীকাৰ কৰি কয় যে একমাত্ৰ বিষ্ণুয়েই ব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ প্ৰভূ আৰু তেওঁ সকলোতে বিৰাজমান ।  ক্ষুব্ধ  হিৰণ্যকশিপুৰে তেতিয়া প্ৰহ্লাদক এটা স্তম্ভৰ ফালে আঙুলিয়াই প্ৰশ্ন কৰে  'তোৰ প্ৰভূ ইয়াতো আছে নেকি ? 'প্ৰহ্লাদে অতি শান্তভাবে ক'বলৈ ধৰিলে , 'হয়, ভগৱান বিষ্ণু এই স্তম্ভতো আছে ।' প্ৰহ্লাদৰ এই কথাত হিৰণ্যকশিপুৰে ক্ৰোধ সম্বৰণ কৰিব নোৱাৰি হাতত গদা লৈ স্তম্ভটোত আঘাত কৰি ভাঙি পেলায় । স্তম্ভটো ভঙাৰ লগে লগে তাৰপৰা প্ৰহ্লাদৰ সাহাৰ্যাৰ্থে  নৃসিংহ অৱতাৰত আৱিৰ্ভাৱ হ'ল বিষ্ণু ।
         সেই সময়ত অন্তৰীক্ষৰপৰা এনেদৰে ব্ৰহ্মাৰ বাণী শুনা গ'ল , "হে  হিৰণ্যকশিপুৰ , নৃসিংহদেৱ মোৰ সৃষ্টিৰ কোনো নহয় । বৰঞ্চ আমিহে তেওঁৰ সৃষ্টি । ঘৰৰ ভিতৰতো নহয় বাহিৰতো নহয় , ভগৱান তোমাৰ দুৱাৰদলিত । জলতো নহয় ভূমিতো নহয়, দিনতো নহয় ৰাতিও নহয় ভগৱানে তোমাক গধূলি বেলা নাশ কৰিব বিচাৰিছে । নৃসিংহদেৱ মানুহো নহয় পশুও নহয় আৰু কোনো অস্ত্ৰৰ সহায় নোলোৱাকৈ নৃসিংহদেৱে কেৱল তেওঁৰ নখৰে অতি সোনকালে তোমাৰ বক্ষ চিৰাচিৰ কৰি পেলাব ।" 
           ব্ৰহ্মাৰ বাণী শুনি খঙত একো নাই হৈ হিৰণ্যকশিপুৰে নৃসিংহৰ লগত যুদ্ধ আৰম্ভ কৰে । হিৰণ্যকশিপুৰ আৰু নৃসিংহৰ মাজত তয়াময়া যুদ্ধ হ'ল । অৱশেষত পৰাজিত হিৰণ্যকশিপুৰক নৃসিংহই উৰুদেশত বহুৱাই নখেৰে বুকু ফালি বধ কৰে আৰু প্ৰহ্লাদক সিংহাসনত বহুৱায় । ৰজা হৈ প্ৰহ্লাদে সমাজৰ যথেষ্ঠ সংস্কাৰ সাধন কৰে । প্ৰহ্লাদৰ এই বিষ্ণুভক্তিৰ বাবে জগতত তেওঁৰ নাম ভক্ত প্ৰহ্লাদ হিচাপেই প্ৰতিষ্ঠিত হৈ পৰিল ।