দুটা কলহৰ সাধু


        বহু বছৰ আগৰ কথা । ভৰ বাৰিষা প্ৰৱল বানপানীত এখন গাঁৱৰ বহুত মানুহৰ ঘৰ- বাৰী , সা- সম্পত্তি উটি গ'ল । সেই বস্তুবোৰৰ লগতে নদীৰ পানীত দুটা কলহো উটি গৈ আছিল । 
         তাৰে এটা কলহ তামৰ আৰু আনটো আছিল মাটিৰ ।  কিছু দূৰলৈকৈ দুয়োটা কলহ ওচৰাওচৰিকৈ উটি গৈ আছিল । তামৰ কলহে মাটিৰ কলহক দেখা পাই মিচিকিয়া হাঁহি এটা মাৰি ক'বলৈ ধৰিলে, "হেৰা বন্ধু, তুমি মোৰ কাষলৈ আহা । তুমি যিহেতু মাটিৰে তৈয়াৰী, গতিকে তুমি বৰ ঠুনুকা । তুমি যদি মোৰ লগে লগে থাকা মই তোমাক যিকোনো বিপদৰপৰা ৰক্ষা কৰিব পাৰিম ।" 
         মাটিৰ কলহে তেতিয়া গহীনাই উত্তৰ দিলে, "তোমাক ধন্যবাদ বন্ধু , মই পিছে তোমাৰ ওচৰলৈ যাবলৈহে ভয় কৰো । যদি কিবা কাৰণে আমাৰ দুয়োৰে মাজত খুন্দা লাগে , মই ভাঙি টুকুৰা টুকুৰ হৈ যাম । অনুগ্ৰহ কৰি মোক তোমাৰপৰা দূৰে দূৰে যাবলৈ দিয়া ।" সেইবুলি কৈ মাটিৰ কলহে তামৰ কলহৰপৰা আঁতৰি অকলে উটি গৈ থাকিল । 

নীতিশিক্ষা : নিজতকৈ শক্তিশালী জনৰপৰা আঁতৰত থকাটোৱেই বুদ্ধিমানৰ কাম ।