ভেকুলী আৰু ষাঁড়গৰু


         বহু বছৰ আগতে এখন গাঁৱত এটা পুখুৰী আছিল  । এবাৰ ভৰ বাৰিষাকালত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত পুখুৰীটো পানীৰে চপচপীয়া হৈ পৰিল । পুখুৰীত থকা কণমানি ভেকুলীবোৰে আনন্দ মনেৰে পানীত খলিবলৈ ধৰিলে । তেনেতে এটা ষাঁড়গৰু পুখুৰীত পানী খাবলৈ আহিল । হেপাঁহ পলুৱাই পানী খাই উঠি ষাঁড়গৰুটোৱে সন্তুষ্টিৰে হেম্বেলিয়াবলৈ ধৰিলে । ষাঁড়গৰু টোৰ হেম্বেলনি শুনি ভেকুলীবোৰে বৰ ভয় খালে । তাতে সিহঁতে কেতিয়াও ষাঁড়গৰু দেখিয়েই পোৱা নাই । 
        এটা কণমানি ভেকুলীয়ে লৰালৰিকৈ ককাকৰ ওচৰলৈ গৈ ক'লে, "ককা, আজি আমি এটা ডাঙৰ জন্তুৱে পুখুৰীত পানী খোৱা দেখিলো ।"
       ভেকুলীবোৰৰ ভিতৰত ককাকেই আছিল আটাইতকৈ বয়সিয়াল । সিহঁতৰ কথা শুনি বুঢ়া ভেকুলীৰ স্বাভিমানত আঘাট লাগিল । তৎক্ষণাত বুঢ়া ভেকুলীয়ে বুকুখন বহল কৰি ভৰি দুখন পোনাই গাল ফুলাই ক'বলৈ ধৰিলে , "পুখুৰীলৈ অহা জন্তুটো ইয়াতকৈও ডাঙৰনে ?"
           আটাইবোৰ ভেকুলীয়ে সমানে ক'লে, "বহুত ডাঙৰ ককা ।"
       ককাকে বুকুখন আৰু অলপ ফুলাই বহল কৰি আকৌ একেটা প্ৰশ্নকে কৰিলে । কিন্তু নাতি হঁতৰপৰা উত্তৰো একেটাই পালে । 
         অহংকাৰী ককাকে তেনেদৰে কেইবাবাৰো বুকু ফুলাবলৈ ধৰিলে । বাৰে বাৰে কণমানি কেইটাই একে উত্তৰেই দিলে । শেষত বুঢ়া ভেকুলীয়ে আৰু বুকু ফুলাব নোৱাৰা অৱস্থা হ'ল আৰু শ্বাসযন্ত্ৰ ফাটি মৰি থাকিল ।