শিয়াল আৰু এথোপা আঙুৰ


         এসময়ত এখন হাবিত এটা শিয়াল আছিল । এদিনাখন তাৰ খুব ভোক লগাত সি চিকাৰ বিচাৰি হাবিৰ মাজত ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে । দিনটো অনাই বনাই ঘূৰি ফুৰিও খাবলৈ সি একো বিচাৰি নাপালে । ভোকে ভাগৰে সি জৰ্জৰিত হৈ পৰিল । অৱশেষত সি এখন বাগিচা দেখা পালে ।  বাগিচাৰ গছৰ ডালত বগাই যোৱা এজোপা আঙুৰ দেখি সি বাগিচালৈ  সোমাই আহিল । গছৰ ওপৰত এথোপা পকা ৰসাল আঙুৰ ওলমি থকা দেখা পাই ভোকাতুৰ শিয়ালটোৰ জিভাৰ পানী পৰিবলৈ ধৰিলে । সি মনতে ভাবিলে, "আজি ইমান ৰসাল আঙুৰ পাইছো, গতিকে উদৰ পূৰাই আঙুৰকে খাব লাগিব ।" 
       তাকে ভাবি শিয়ালে জাপ মাৰি আঙুৰৰ থোপাটো কামুৰি আনিবলৈ চেষ্টা কৰিলে । কেইবাবাৰো চেষ্টা কৰাৰ পাছতো শিয়ালে আঙুৰৰ থোপাটো কামুৰি আনিবলৈ সক্ষম নহ'ল । মাত্ৰ কেইআঙুলমান দূৰত্বৰ বাবে শিয়ালে বাৰে বাৰে চেষ্টা কৰিও বিফল হয় । জপিয়াই জপিয়াই সি অৱশেষত ভাগৰি পৰিল । আঙুৰ খোৱাৰ আশা বাদ দি সি ক'বলৈ ধৰিলে , "আঙুৰখিনি নিশ্চয় বৰ টেঙা হ'ব । এই আঙুৰ খাই পেটৰ বেমাৰহে হ'ব । গতিকে কোনোবাই সোণৰ থালিত আনি দিলেও এই আঙুৰ মই নাখাও ।"