ভক্ত প্ৰহ্লাদ আৰু হোলিকা


      এসময়ত দৈত্যৰাজ হিৰণ্যকশিপুৰে কঠোৰ তপস্যাৰ বলত ব্ৰহ্মাৰপৰা অমৰত্ব বৰ লাভ কৰে । ব্ৰহ্মাৰপৰা বৰ লাভ কৰাৰ পাছত হিৰণ্যকশিপুৰ মহা শক্তিমান হৈ পৰে আৰু নিজকে ত্ৰিজগতৰ অধিপতি বুলি দাবী কৰি সম্পূৰ্ণ নাস্তিক হৈ পৰে । কিন্তু তেওঁৰে পুত্ৰ প্ৰহ্লাদ আছিল পৰম  বিষ্ণুভক্ত । প্ৰতিক্ষণ ভগৱান বিষ্ণুৰ আৰাধনাতে প্ৰহ্লাদ  মগ্ন হৈ থাকে । পুত্ৰ প্ৰহ্লাদক হিৰণ্যকশিপুৰে বিষ্ণুভক্তিৰপৰা বিৰত থাকিবলৈ বাৰে বাৰে সকিয়াই দিয়ে যদিও প্ৰহ্লাদৰ বিষ্ণুভক্তি দিনে দিনে বাঢ়িহে যাবলৈ ধৰিলে ।  পুত্ৰ প্ৰহ্লাদৰ বিষ্ণু ভক্তি দেখি হিৰণ্যকশিপুৰ ইমানেই ক্ৰোধান্বিত হৈ পৰে যে তেওঁ নিজ পুত্ৰ প্ৰহ্লাদক হত্যা কৰাৰ বাবে ষড়যন্ত্ৰ কৰে । প্ৰহ্লাদক বধ কৰাৰ নিমিত্তে পিতৃয়ে বিভিন্ন উপায় অৱলম্বন কৰিবলৈ ধৰিলে । কিন্তু যেতিয়াই হিৰণ্যকশিপুৰে প্ৰহ্লাদক হত্যা কৰিবলৈ চেষ্টা কৰে তেতিয়াই বিষ্ণুয়ে মায়াবলেৰে প্ৰহ্লাদক ৰক্ষা কৰে । 
          হিৰণ্যকশিপুৰৰ হোলিকা নামৰ এগৰাকী ভগ্নী আছিল । হোলিকাৰ এনে এটা বৰদান আছিল যে তেওঁক কেতিয়াও জুয়ে পুৰি মাৰিব নোৱাৰে । এইবাৰ হিৰণ্যকশিপুৰে প্ৰহ্লাদক কোলাত লৈ হোলিকাক জ্বলন্ত জুইত বহিবলৈ নিৰ্দেশ দিলে । দৈত্যৰাজৰ আদেশত হোলিকাই প্ৰহ্লাদক কোলাত লৈ জুইৰ মাজত বহি পৰিল । হোলিকাৰ কোলাত জুইৰ মাজত বহি প্ৰহ্লাদে বিষ্ণুৰ নাম ল'বলৈ ধৰিলে । ভগৱান বিষ্ণুয়ে প্ৰতিবাৰৰ দৰে এইবাৰো তেওঁৰ পৰম ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিলে । বৰদান মতে আচলতে কোনো সংগী নোহোৱাকৈ অকলে জুইত প্ৰৱেশ কৰিলেহে হোলিকাক জুয়ে কোনো অনিষ্ট কৰিব নোৱাৰে  । হোলিকাৰ কোলাত স্বয়ং বিষ্ণুভক্ত প্ৰহ্লাদ বহি আছিল । সেয়ে এই জুইত হোলিকাহে পুৰি ভষ্ম হ'ল , বিষ্ণুভক্ত প্ৰহ্লাদৰ একো হানি নহ'ল । অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয় সাৰ্বস্ত কৰি  হোলিকাৰ বিনাশৰ সময়ৰে পৰা হোলী উৎসৱৰ প্ৰাৰম্ভন হোৱা বুলি প্ৰবাদ আছে  ।